Rupaliparda.com
The Extraordinary Journey of the Fakir

“শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে”-ধনুষঃ

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। তেনে এক ফঁকৰা-যোজনাক বিশ্বাস কৰি চলে ৩৫ বছৰীয় অভিনেতা ধনুষে। দীঘলীয়া শাৰী এটাত এজনতকৈ এজন প্ৰতিভাৱান ব্যক্তি থিয় হৈ থাকে; কোনটো মহুূৰ্তত কোনে কাৰ ঠাই লৈ ল’ব তলকিবই পৰা নাযায় বুলি প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে। গতিকে আপুনি “লেজি” হ’ব নোৱাৰে। দৰ্শকে সদায় নতুনত্ব বিচাৰে আৰু এগৰাকী অভিনেতা হিচাপে যদিহে আপুনি তেনে নতুনত্ব দিব নোৱাৰে তেতিয়াহ’লে আপোনাক গতিয়াই দিবলৈ প্ৰস্তুত হৈ পৰে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে। “ৰাঞ্জানা” নামে প্ৰথম বলীউড চিনেমাত দেখা পোৱা অভিনেতা গৰাকী দক্ষিণৰ বোলছবি জগতত আনুমানিক ১৭ বছৰ পাৰ কৰিছে। উক্ত অভিনেতা গৰাকী এতিয়া ব্যস্ত আন্তঃৰাষ্ট্ৰীয় চিনেমা ” The Extraordinary Journey of the Fakir” ক লৈ। চলিত মাহৰ ২১ তাৰিখে মুক্তি পাব এই চিনেমাখন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.