Rupaliparda.com
সান্যা মালহোত্ৰাক কংগনাই কৰিলে প্ৰশংসাঃ প্ৰশংসাৰ পিছত হ'ল ট্ৰোল- 1

সান্যা মালহোত্ৰাক কংগনাই কৰিলে প্ৰশংসাঃ প্ৰশংসাৰ পিছত হ’ল ট্ৰোল-

বলীউড অভিনেত্ৰী কংগনা ৰাণাওঁট প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক, সামাজিক অথবা অৰ্থনৈতিক আদি ভিন্ন দিশত তেওঁ প্ৰায়ে একোটা ষ্টেটাচ দি জনসাধাৰণৰ কাষ চাপে। তেওঁ চচিয়েল মিডিয়াত যিমান সক্ৰিয়তাৰে পোষ্ট কৰে সিমানেই দৰ্শকৰ তৰফৰ পৰা ট্ৰোলৰ সন্মুখীন হয় অভিনেত্ৰী গৰাকী। ইণ্ডাষ্ট্ৰীটোত “মই বৰ” স্বভাৱেৰে আগবঢ়া অভিনেত্ৰী কংগনা ৰাণাওঁট এইবাৰ ট্ৰোল হ’ল অইন এটা কাৰণতহে। অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে চচিয়েল মিডিয়াত বলীউডৰ আন তাৰকাক সমালোচনা কৰে; কিন্তু এইবাৰ কিছু ব্যতিক্ৰম। অভিনেত্ৰী সান্যা মালহোত্ৰাক প্ৰশংসা কৰিলে অভিনেত্ৰী কংগনাই। কংগনাই টুইট কৰি কয় যে, “তেওঁ বহু ভাল; আৰু মই সেই আটাইবোৰ লোকৰ ওচৰত কৃতজ্ঞ যিসকলে তেওঁৰ প্ৰতিভাক চিনি পাবলৈ সক্ষম হৈছে। মই শুনিছো তেওঁ “পগলেট” ত অদ্ভুত ভাল কাম কৰিছে। তোমালৈ বহুত মৰম…” ; কংগনাৰ এই টুইটৰ পিছত তেওঁক জনসাধাৰণে এই বুলি সমালোচনা কৰিছে যে অভিনেত্ৰী গৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে অইন এগৰাকী অভিনেত্ৰীৰ প্ৰশংসাত টুইট কৰিছে।

সান্যা মালহোত্ৰাক কংগনাই কৰিলে প্ৰশংসাঃ প্ৰশংসাৰ পিছত হ'ল ট্ৰোল- 2


উল্লেখ্য যে, ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ প্ৰাপ্ত কংগনাই দাবী কৰিছিল যে গোটেই বিশ্বত তেওঁৰ সমান কোনো এগৰাকী অভিনেত্ৰী নাই আৰু যদিহে কোনোৱে এই বিষয়ত তৰ্ক কৰিবলৈ বিচাৰে তেতিয়াহ’লে অভিনেত্ৰী কংগনা ৰাণাওঁট একেবাৰে প্ৰস্তুত। এইখিনি কথাক লৈয়ে তেওঁ দুখন “থলাইবী” ৰ ফটো আৰু এখন “ধাকঢ়” ৰ ফটো শ্বেয়াৰ কৰে। অভিনেত্ৰী গৰাকীয়ে এয়াই দাবী কৰিছে যে এই গ্ৰহত তেওঁৰ দৰে কৰ্মপৰায়ণ, নিষ্ঠাবান আৰু চৰিত্ৰৰ সৈতে খেলিব পৰা অভিনেত্ৰী আৰু দ্বিতীয় গৰাকী নাই। যদিহে আছে তেতিয়াহ’লে তেওঁ নিজৰ এনে অহংকাৰ ত্যাগ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.