আমি প্ৰায়ে কোনো এটা বস্তুক দেখি দেখি শিকি গৈ থাকো। বস্তুটোক প্ৰত্যক্ষ কৰি থাকিয়েই আমি বস্তুটোৰ প্ৰতি ইমানেই বেছি আগ্ৰহী হৈ পৰো যে এদিন সেই বস্তুটোক পুংখানুপুংখভাৱে বুজিবলৈ অথবা তাক শিকিবলৈ চেষ্টা কৰো। বস্তুটোৰ আগ্ৰাসনত আমি কেনেদৰে সোমাই গৈ থাকো যে সেয়া আমি নিজেও কেতিয়াবা জানিবলৈ সময় নাপাওঁ। আজি আমি আপোনালোকক বেছি সময় ৰখাই নথওঁ কাৰণ আমি যিগৰাকীৰ কথা ক’বলৈ ওলাইছো তেওঁ মনোৰঞ্জন ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে পঢ়িবলৈ পালে আপুনিও হৈ পৰিব উৎসাহিত; তেওঁৰ নাম হৈ জিন্তু জীৱন। ৰূপালীপৰ্দাৰ তৰফৰ পৰা শেহতীয়াকৈ তেওঁৰ সৈতে পাতিছিলো কিছু কথা-বতৰা; অভিনয় ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধাত তেওঁ কয় যে, “তেতিয়া মই সৰু আছিলো; প্ৰাথমিক স্কুলত পঢ়ি থকা দিনৰে কথা। আমাৰ ঘৰৰ পৰিয়ালৰ ডাঙৰ বৰদেউতা নিজেই এজন খুলীয়া ভাৱৰীয়াৰ বায়ন লগতে এগৰাকী অভিনয় শিল্পী; আনহাতে, মোৰ বৰদেউতাই যুধিষ্ঠিৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। আমাৰ অঞ্চলতটো প্ৰায়ে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন হৈ থাকে আৰু মই যেতিয়াই ঘৰৰ ওচৰে পাজৰে খুলীয়া ভাৱৰীয়া প্ৰদৰ্শনৰ অনুষ্ঠান হ’ব বুলি গম পাওঁ সেইদিনাই মই হাফপেন্টৰ পকেতত কেইটামান বুটভজা লৈ আগতীয়াকৈ গৈ সঠিক ঠাইত উপস্থিত হৈছিলো; ধান খেৰৰ ওপৰতে বহি ভাৱৰীয়া চাইছিলো। প্ৰথমে, সেই শিল্পী বোৰৰ অভিনয় দেখি অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলো। সৰুৰে পৰা দেখি অহা দৰঙীয়া লোক-কলা কৃষ্টি, খুলীয়া ভাৱৰীয়া, ওজাপালি, নাঙেলী গীত, দেউধনী নৃত্য এনে বহু লোক-কলা দেখি দেখি তাৰ প্ৰতি মই আকৃষ্ট হোৱাৰ সমান্তৰালকৈ জড়িত হ’ব ধৰিছিলো।”
আগলৈ জিন্তু জীৱনে কয় যে, “মাজতে, এবাৰ আমাৰ গাঁৱত গ্ৰীষ্মকালীন কৰ্মশালা এটা হৈছিল; অভিনয় কি বস্তু তাক একো নাজানিলেও আগ্ৰহ আৰু বহু ইচ্ছাৰ বলত সেই কৰ্মশালাটোত জড়িত হ’বলৈ সুযোগ পালো আৰু মোৰ সুভাগ্যৰ কথা যে উক্ত কৰ্মশালাৰ অন্তত এখন নাটক কৰিবলৈও সুবিধা পাইছিলো। আমাৰ অঞ্চলটোত প্ৰতি বছৰে একোটাকৈ ভ্ৰাম্যমানৰ দল বা কোনো নাট্যদলক আমন্ত্ৰণ জনায় আৰু মই সেই দলবোৰৰ নাটক চাবলৈ বহুত আগ্ৰহেৰে গৈছিলো। মই নিশ্চিত আছিলো যে যিকোনো উপায়ৰে নহওঁক মই সেই টিনৰ বেৰৰ প্ৰেক্ষাগৃহত সোমায় নাটক চাম। কেতিয়াবা চোৰ কৰি টিনৰ বেৰৰ ওপৰেও পাৰ হ’ব লগা হৈছিল কাৰণ সেই সময়ত মোৰ হাতত পইচা নাছিল। তাত অভিনয় শিল্পী আৰু নৃত্য শিল্পী বোৰ দেখি মোৰো তেওঁলোকৰ দৰে অভিনয় কৰাৰ হেঁপাহ এটা মনত পুহি ৰাখিছিলো। বহু চেষ্টাৰ অন্তত এদিন এজন মাটিৰ মানুহ লগ পালো। সাধাৰণ, কিন্তু বিশাল মনৰ; নাটকৰ জগতত সকলোৰে পৰিচিত এজন ভাল অভিনেতা কুল কুলদ্বীপ ককাইদেউৱে মোক কৰা সহায়, অনুপ্ৰেৰণা আৰু উৎসাহ মোৰ বাবে শক্তি; তেনেদৰেই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তথা নাটকৰ ক্ষেত্ৰখনৰ লগতো জড়িত হৈছিলো।”
এগৰাকী অভিনেতা ৰূপে জিন্তু জীৱন কেনে চৰিত্ৰৰ প্ৰতি আকৰ্ষিত বুলি কৰা ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এগৰাকী অভিনেতা ৰূপে সকলো ধৰণৰ চৰিত্ৰই ৰূপায়ন কৰিবলৈ প্ৰস্তুতি থাকিব লাগে । মই ভাবো সেয়া চৰিত্ৰসমূহ লাগিলে পাগল, বেঙা, অফিচাৰ, পুৰোহিত, বস্তিৰ মদাহী যি চৰিত্ৰই নহওঁক কিয় সেয়া আটাইবোৰ ৰূপায়নৰ ক্ষেত্ৰত প্ৰস্তুত থাকিব লাগে এগৰাকী অভিনেতা অথবা অভিনেত্ৰী ৰূপে। ঠিক তেনেদৰে, মই সকলো ধৰণৰ চৰিত্ৰই ৰূপায়ন কৰাৰ বাবে আগ্ৰহী। তাৰ উপৰিও, কিছুমান “negative character” ৰ প্ৰতি দুৰ্বলতা নথকা নহয়; কিন্তু, এষাৰ সঁচা কথা যে ভোক সকলোৰে লাগে। পেটতেই হওঁক তথা মনৰ মাজতেই হওঁক, ভোক সকলোৰে থাকে। এজন অভিনেতা হিচাপে, মোৰো মনৰ মাজত এটা প্ৰকাম্য ভোকে মোক অহৰহ খুন্দিয়াই থাকে। আৰু, এই ভোকটো হৈছে কিছুমান নতুন নতুন চৰিত্ৰ ৰূপায়ন কৰাৰহে।”
আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “কাম কৰিবলৈ ক’লে এতিয়াও বহু বাকী আছে; এই নাট্য বা অভিনয়ৰ পথৰ এজন যাত্ৰী হিচাপে মোৰ এতিয়াও হেজাৰ হেজাৰটা খোজ দিবলৈ বাকী আছে। বৰ্তমান নাটকৰ কামৰ সৈতে জড়িত হৈ আছো লগতে পঢ়িও আছো; আগন্তুক কামৰ পৰিকল্পনাৰ মতে কেইবাখনো নাটকৰ কাম কৰিব লগা আছে । সময়ৰ আহ্বানুসৰি, কামবোৰ কৰি গৈ আছো। ভোক লাগি লাগি গৈ আছে আৰু কাম কৰি গৈ আছো।”
Add comment