Rupaliparda.com
Zarpid Production ৰ দ্বাৰা নিৰ্মিত আৰু কন্ঠশিল্পী পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে নতুন চুটি ছবি "Ok Bye" - 1

Zarpid Production ৰ দ্বাৰা নিৰ্মিত আৰু কন্ঠশিল্পী পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে নতুন চুটি ছবি “Ok Bye” –

আমাৰ সকলোৰে জীৱনত প্ৰায় প্ৰতিটো সময়ত লগ দিয়া কোনোবা নহয় কোনোবা এজন ব্যক্তি থাকে; স্কুলৰ ভিতৰলৈ যেতিয়া মাকৰ হাত খন এৰি সোমাই যোৱা হয় তেতিয়াই সেইটো বয়সৰ পৰা আমি একোজন “বন্ধু” ৰ সৃষ্টি কৰো। হাঁহি, কান্দোন, সুখানুভূতিৰ লগতে দুখ, কষ্ট আদিবোৰো যেন আমি পাতলাবলৈ একোজন বন্ধুক কাষত বিচাৰো। এয়াই আচলতে, “বন্ধুত্ব” আৰু এজন “বন্ধু” লগত থকা সময়ৰ সুখ। কিন্তু এটা কথা এইটোও সঁচা যে, সম্পৰ্কবোৰ যথেষ্ট ঠুনুকা; ই যিমান গাঢ় হয় সিমানেই ইয়াত আৱেগৰ লগতে আন্তৰিকতাৰ পৰিমাণ বৃদ্ধি পায়। গতিকে, এনেক্ষেত্ৰত সম্পৰ্ক এটাক জীয়াই ৰাখিবলৈ সদায় কথাৰ বীজগণিতবোৰ সৰল কৰি থ’বলগা হয়। এনে এক কাহিনীক লৈয়ে আপোনালোকৰ মাজলৈ আহিছে এখন নতুন চুটি ছবি “Ok Bye”। Zarpid Production ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনত দুজন বন্ধুৰ মাজত সময় তথা আধুনিকতাৰ প্ৰভাৱত হেৰাই যোৱা আন্তৰিকতাবোৰক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে। আপোনালোকেও নিশ্চয় মন কৰিছে যে, আমাৰ জীৱনত কেতিয়াবা নিজৰ সৰু সুৰা স্বাৰ্থ পূৰণ আৰু আত্মসন্তুষ্টিৰ বাবে বহুতো অদৃশ্য মূল্যবান বস্তু খিনি হেৰাই দিওঁ আৰু ঘূৰাই আনিব যাওঁতে সময়ৰ অভাৱত সেই যথাযথ বস্তু ঘূৰাই পোৱাৰ পৰা বঞ্চিত হওঁ।


কাহিনীভাগত প্ৰেমৰ যিটো চিত্ৰ দৃশ্যাংকন কৰা হৈছে সেইটো সাধাৰণ প্ৰেমৰ চিত্ৰৰ পৰা সম্পূৰ্ণ পৃথক। “Ok Bye” ৰ ক্ষেত্ৰত ব্যতিক্ৰমী বুলি ক’বলৈ গ’লে এয়াও যে এই চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী পদ্মনাভ বৰদলৈ; আনহাতে, চুটি ছবিখনৰ কাহিনী আৰু স্ক্ৰীপ্ট লিখিছে সৌভিক চক্ৰৱৰ্তীয়ে। দৃশ্যগ্ৰহণ কৰিছে ৰিপুঞ্জয় নিৰ্মলিয়াই; ইয়াৰ লগতে চুটি ছবিখনত অভিনয় কৰিছে বিকি খান, অনুষ্কা গোঁহাই, সৌবিক চক্ৰৱৰ্তী আৰু স্বপনা শইকীয়াই। বেকগ্ৰাউণ্ড স্কৰ ঋতমৰ আৰু শব্দ সংমিশ্ৰণ মেজমিথৰ। দ্বীপৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা প্ৰযোজিত চুটি ছবিখনৰ অডিঅ’ ৰেকৰ্ড কৰা হৈছে GLYTCH STUDIO ত। ৰূপসজ্জা কণিকা দেৱনাথ, তনয়া দত্ত আৰু দীপিকাৰ। আহিবলগীয়া সময়ছোৱাত চুটি ছবিখনে দৰ্শকক সচৰাচৰ ঘটি থকা কাহিনীৰ মাজতেই আন এক সোঁৱাদ দিবলৈ সক্ষম হৈছে বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আনহাতে, পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে এখন নতুন চুটি ছবি উপভোগ কৰিবলৈ পাই ইতিমধ্যে উৎসাহিত হৈ পৰাও দেখিবলৈ পোৱা গৈছে তেওঁৰ অনুৰাগীবৃন্দক।

Zarpid Production ৰ দ্বাৰা নিৰ্মিত আৰু কন্ঠশিল্পী পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে নতুন চুটি ছবি "Ok Bye" - 2


চুটি ছবিখনৰ মুক্তিৰ পিছতেই পদ্মনাভ বৰদলৈৰ পৰিচালনাৰে নিৰ্মিত আন চুটি ছবি সমূহৰ মুক্তিৰ বাবে অপেক্ষাৰত হৈ পৰিছে এতিয়া দৰ্শকসকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform