Rupaliparda.com
অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিব প্ৰকাশ ডেকা; চচিয়েল মিডিয়া যোগে জনালেঃ 1

অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিব প্ৰকাশ ডেকা; চচিয়েল মিডিয়া যোগে জনালেঃ

“জোনাকী পৰুৱা (Fireflies) আৰু পৰিচালক প্ৰকাশ ডেকা; ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাই ছবিখনৰ পৰিচালক গৰাকীৰ ওপৰত এক বিশ্বাসৰ সৃষ্টি কৰিছে। বৰ্তমান তেওঁৰ আগন্তুক প্ৰতিটো প্ৰকল্প অথবা ছবিসমূহৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক বৃন্দও। সঁচা অৰ্থত, অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত একোটা ভাল প্ৰকল্পৰ চৰ্চা আৰু ইয়াৰ আঁৰত থকা অভিনেত্ৰী অভিনেত্ৰী তথা পৰিচালকৰ কামৰ প্ৰশংসাও কৰে ৰাইজে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত উক্ত ছবিখনে জুৰীৰ স্পেচিয়েল মেনশ্বন লাভ কৰি সফলতাৰ জখলাডালৰ আৰু এঢাপ ওপৰলৈ উঠি যাবলৈ সক্ষম হৈছে। পৰিচালক প্ৰকাশ ডেকাৰ এই ছবিখন নিৰ্মাণত তেওঁ দিয়া নিজৰ ১০০ শতাংশৰ ফলতেই এতিয়া জনসাধাৰণক তেওঁৰ আহিবলগীয়া প্ৰকল্পটোৱে অধিক উৎসাহিত কৰি তুলিছে। তেওঁ দ্বিতীয়খন ছবি কেতিয়াকৈ নিৰ্মাণ কৰিব অথবা জনসাধাৰণৰ কাষ তেওঁ কেতিয়া চাপিব সেই আটাইবোৰৰ উত্তৰ চচিয়েল মিডিয়া যোগেই দিলে পৰিচালক গৰাকীয়ে। জনসাধাৰণক নিৰাশ নকৰি অতিশীঘ্ৰে ৰাইজৰ কাষ চপাৰ আশ্বাস প্ৰদান কৰে পৰিচালক প্ৰকাশ ডেকাই। তেওঁঁ কয় যে,

অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিব প্ৰকাশ ডেকা; চচিয়েল মিডিয়া যোগে জনালেঃ 2
অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিব প্ৰকাশ ডেকা; চচিয়েল মিডিয়া যোগে জনালেঃ 3

” পৰৱৰ্তী অসমীয়া চিনেমাৰ কাম কেতিয়া কৰিম??” যোৱা কিছুদিনৰ পৰা প্ৰতিদিনে পায় অহা এটা প্ৰশ্ন। কৰিম। এইকেইদিন মুম্বাইত অকণমান ব্যস্ত আছো। অসমত প্ৰযোজক চিনি নাপাও। নিজাকৈ হ’লেও কিবা কৰিবলৈ চেষ্টা কৰিম। মোৰ পৰা কিবা এটা আশা কৰা ব্যক্তি সকলক নিৰাশ নকৰিবলৈ চেষ্টা কৰিম। আপোনালোকক বহুত ধন্যবাদ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.