Rupaliparda.com
"Pumpkin Boys and the Election"; কি আছে ইয়াত? 1

“Pumpkin Boys and the Election”; কি আছে ইয়াত?

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰস্তুতি উঠিছে তুংগত। প্ৰত্যেকটা দলে ন-ন ৰণ কৌশলেৰে আৰম্ভ কৰিছে নিজ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ আঁৰ লৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সমূহে দিয়া প্ৰতিশ্ৰুতি সমূহত শেহতীয়াকৈ জনসাধাৰণে বিশ্বাস দেখুওৱা পৰিলক্ষিত হৈছে। কিন্তু এই বিশ্বাস বোৰে কেতিয়াবা জনসাধাৰণক ব্যতিব্যস্ত কৰি তোলা দেখিবলৈ পোৱা যায়। আচলতে, এই কথাবোৰ অপ্ৰিয় হ’লেও সত্য; নিৰ্বাচনত নিজ নিজ প্ৰচাৰৰ বাবে প্ৰাৰ্থীয়ে দিয়ে এসোপামান আশ্বাসে সঁচা অৰ্থত নিবনুৱা অথবা আত্মনিৰ্ভৰশীল যুৱক-যুৱতীৰ জীৱনলৈ কোনো পৰিৱৰ্তন আনিছে নে? নিশ্চিতকৈ এয়া এক ভাবিবলগীয়া কথা। নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ মনোৰঞ্জন ক্ষেত্ৰখনত কেইবাটাও প্ৰকল্পৰ মুক্তি হোৱা আমি দেখিবলৈ পাইছো লগতে এই প্ৰকল্পসমূহক জনসাধাৰণে আঁকোৱালি লৈ সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিততে, এই বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই মুকলি কৰি দিয়া হৈছে এখন চুটি ছবি “Pumpkin Boys and the Election”। উক্ত চুটি ছবিখনৰ দৈৰ্ঘ্য কম হোৱাৰ সমান্তৰালকৈ কাহিনীভাগ যদিও সচৰাচৰ জনসমাজৰ সৈতে চলি থকা বিধৰ তৎস্বত্বেও এই চুটি ছবিখনক হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে দৰ্শকে। “লক-ডাউনে” অনা বিভীষিকা আৰু তাৰ পিছতেই নিৰ্বাচনী প্ৰচাৰত দিয়া চৰকাৰী প্ৰতিশ্ৰুতি বোৰে একাংশ যুৱকক কেনেদৰে সহায় কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।


চুটি ছবিখনত দুগৰাকী নিবনুৱাৰ জীৱন-কৰ্মলৈ অহা ধুমুহাক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন। ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে মৃন্ময় বড়োৰ; দৃশ্যগ্ৰহণ ৰাহুল দাসৰ লগতে ইয়াত অভিনয় কৰিছে অমিত লাল আৰু মৃন্ময় বড়োয়ে। সম্প্ৰতি সমাজৰ ফোপোলা দৃশ্যটোক জনসাধাৰণৰ মাজত দাঙি ধৰাৰ এই যুৱককেইগৰাকীৰ যি চেষ্টা; সেই চেষ্টাই এতিয়া অসমীয়া দৰ্শকক আপ্লুত কৰি তোলাত সক্ষম হৈছে। উল্লেখ্য যে, “লক-ডাউন” ৰ সময়ছোৱাৰ পৰা একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। চুটি ছবি সমূহক দৰ্শকে দিয়া সঁহাৰিত দুগুণে উৎসাহ লাভ কৰা একাংশ নৱপ্ৰজন্মৰ পৰিচালক, শিল্পী ও কলা-কুশলীয়ে আৰম্ভ কৰিছে কেইবাখনো হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিৰ।

"Pumpkin Boys and the Election"; কি আছে ইয়াত? 2


চুটি ছবি আৰু “Pumpkin Boys” ৰ এনে প্ৰচেষ্টাৰ বাবেই তেওঁলোকৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক অপেক্ষাৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.