Rupaliparda.com
ক'ৰোণাৰ পৰা হাত সাৰিবলৈ ল'লে অমিতাভ বচ্চনে ভেকচিন- 1

ক’ৰোণাৰ পৰা হাত সাৰিবলৈ ল’লে অমিতাভ বচ্চনে ভেকচিন-

মহাৰাষ্ট্ৰক বৰ্তমানৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে পূৰ্ণৰূপত গ্ৰাস কৰিছে; কেইবাখনো ঠাইত ইতিমধ্যে ঘোষণা কৰা হৈছে সম্পূৰ্ণ “লক-ডাউন”। ইয়াৰ লগতে, এইকেইটা দিনত কেইবাগৰাকীও বলীউড চিলেব্ৰেটী ক’ৰোণাত গ্ৰাসত সোমাইছে। আৰ মাধৱন, কাৰ্তিক আৰিয়ন, মিলিন্দ সুমন, আলিয়া ভাট, মনোজ বাজপেয়ী, ৰণৱীৰ কাপুৰো আদি অভিনেতা ক’ৰোণাৰ গ্ৰাসত অহা বাবে হৈ আছে কোৱাৰেন্টাইন। আনহাতে, ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। এইখিনিতে, আপোনালোকক দিবলৈ ওলাইছো আন এক সুখবৰ; ক’ৰোণাৰ আগ্ৰাসনৰ পৰা মুক্ত হ’বলৈ অমিতাভ বচ্চনে শেহতীয়াকৈ লগাইছে ভেকচিন। চচিয়েল মিডিয়াৰ জৰিয়তে অভিনেতাগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

ক'ৰোণাৰ পৰা হাত সাৰিবলৈ ল'লে অমিতাভ বচ্চনে ভেকচিন- 2
ক'ৰোণাৰ পৰা হাত সাৰিবলৈ ল'লে অমিতাভ বচ্চনে ভেকচিন- 3


তেওঁ নিজ ব্লগ যোগে এই কথা স্পষ্ট কৰে তেওঁ সহিতে তেওঁৰ সমগ্ৰ পৰিয়ালবৰ্গই লগাইছে ভেকচিন। তেওঁলোকে ক’ভিড পৰীক্ষা কৰোৱাইছিল য’ত ৰিজাল্ট নিগেটিভ অহাৰ ফলত আটাইয়ে ভেকচিন ল’বলৈ সক্ষম হয়। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাত অৱশ্যে ক’ৰোণা গ্ৰাসত সোমাইছিল অভিষেক, অমিতাভ তথা ঐশ্বৰ্য্য আৰু আৰাধ্যা। সেই সময়ছোৱাত আটাইবোৰ ব্যক্তি কোৱাৰেন্টাইন হোৱাৰ সমান্তৰালকৈ চচিয়েল মিডিয়া যোগে কাষ চাপিছিল জনসাধাৰণৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.