Rupaliparda.com
"তুমি অজানা" ৰ পিছত বিদিশা দেৱীৰ "নাচাবি তেনেকৈ"- 1

“তুমি অজানা” ৰ পিছত বিদিশা দেৱীৰ “নাচাবি তেনেকৈ”-

কন্ঠশিল্পী বিদিশা দেৱীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “নাচাবি তেনেকৈ” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। গীতটিৰ মুক্তিৰ পিছতেই ই চচিয়েল মিডিয়াত চৰ্চা লাভ কৰাৰ লগতে আজুৰিছে ভিউৱাৰচৰো গধুৰ সংখ্যা। গীতটিত কথা আৰু সুৰ চিন্ময় কৌশিক আৰু জয় নিৰ্বাণৰ; বিদিশাৰ সৈতে গীতটিত কন্ঠদান কৰিছে জয় নিৰ্বাণেও। আনহাতে, সুৰ আৰু শব্দ সংমিশ্ৰণ প্ৰণয় দত্তৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ তথা সম্পাদনা অপুৰাজ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে বিদিশা দেৱীৰ লগতে সূৰ্য্য শইকীয়া আৰু দীপজ্যোতি মহন্তই। সৰুৰ পৰাই পিতৃ-মাতৃৰ সান্নিধ্যত থাকি এক সাংগীতিক পৰিৱেশ লাভ কৰা বিদিশা দেৱীৰ “তুমি অজানা” শীৰ্ষক গীতটিকো শ্ৰোতা-দৰ্শকে বহুল হাৰত আঁকোৱালি লোৱা দেখিবলৈ পোৱা গৈছিল। ভিউৱাৰচৰ মহত্বতকৈ গীতটিত কন্ঠদান কৰি আত্মসন্তুোষ্টি লাভ কৰিবলৈ বিচৰা এই গৰাকী কন্ঠশিল্পীয়ে ৱেষ্টাৰ্ণ ভকেলৰ লগতে ক্লাচিকৰ গীতৰ শিক্ষাও গ্ৰহণ কৰিছে। ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁৰ ফালৰ এগৰাকী শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে,

"তুমি অজানা" ৰ পিছত বিদিশা দেৱীৰ "নাচাবি তেনেকৈ"- 2


“শিল্পী” ৰ এক নিৰ্দ্দিষ্ট সংজ্ঞা দি দিবলৈ অলপ অসুবিধা হয়। শিল্পৰ সৈতে জড়িত তথা কলাৰ সাধক সকলেই হৈছে একো একোজন শিল্পী; সাংস্কৃতিক বুলিয়ে নহয় আমাৰ সমাজৰ প্ৰতিজন কলাৰ সাধকেই হৈছে শিল্পী। ইয়াৰ উপৰিও, একোটা কলাক নিজৰ সৈতে সামৰি ৰাইজৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰোতাজনেই হৈছে আচলতে এজন শিল্পী; সেয়া নৃত্য,অভিনয় তথা একোজন মূৰ্তি নিৰ্মাণকাৰীও হ’ব পাৰে। সেয়াই হৈছে এগৰাকী “শিল্পী”।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.