অৰিন্দম বৰুৱাৰ চুটি ছবিখনলৈ আন এক সফলতা; ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৩১ টা বঁটা লাভৰ পিছত ৩২ নম্বৰ বঁটাটোলৈ আগবাঢ়িছে চুটি ছবিখনে। Hello TV Short Film Festival ত “প্ৰত্যুষ” চুটি ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ কাহিনীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখন ৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্ম Moviesaints.com ত মুকলি কৰা হৈছে। উক্ত প্লেটফৰ্মটোতেই অসমীয়া ছবি ক্ৰমে “আমিষ”, “বৰনদী ভঁটিয়ায়” আৰু “লোকেল কুংফু” আদিক অন্তৰ্ভূক্ত কৰা হৈছিল। অৰিন্দম বৰুৱা “প্ৰত্যুষ” ত এগৰাকী বিধবাৰ তেওঁৰ দুই সন্তানৰ সৈতে অব্যাহত ৰখা জীৱন যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহক উপস্থাপন কৰা হৈছে। এখন সৰু দোকানৰ দ্বাৰা অৰ্জন কৰা কিছু টকাৰে পৰিয়ালক পোহ-পাল দিয়া স্বামীৰ মৃত্যুৰ পিছত সন্তানক সাধাৰণ শিক্ষা দিবলৈও পোৱা কষ্ট লগতে জনসাধাৰণে দিয়া মিছা আশ্বাস আদিয়ে বিধৱা গৰাকীৰ জীৱনটো আৰু কিমান কষ্টকৰ কৰি তুলিব পাৰে তাকেই দেখুওৱা হৈছে এই চুটি ছবিখনত। প্ৰায় ৩১ টা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে দৰ্শকৰ হৃদয় জিনা এই চুটি ছবিখনত অভিনয় কৰিছে জান্হৱী গগৈ, কিৰণময়ী বৰা, ঋষভ ৰিতম গগৈ, অনীষা দত্ত, অনুপম দত্ত, মানস প্ৰতীম চেতিয়া, নয়ন জ্যোতি ডেকা,জ্যোতি দত্ত আৰু কৰৱী দত্তই।

চুটি ছবিখনৰ কাহিনী ৰীতা ভূঞা বৰুৱাৰ। চিত্ৰনাট্য ৰীতা ভূঞা বৰুৱা আৰু অৰিন্দম বৰুৱাৰ; সংলাপ ৰীতা ভূঞা বৰুৱা আৰু নিবিড় আকাশ বৰুৱাৰ। ঋষিকা বৰুৱা, ভাস্কৰ জ্যোতি দত্ত আৰু প্ৰভাত দাসৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ সম্পাদনা আৰছাদ আহমেদ আৰু অৰিন্দম বৰুৱাৰ। সহঃ পৰিচালনা অনুপম দত্ত, অঞ্জন ধন বৰদলৈ আৰু মনোজ দত্তৰ। প্ৰযোজনা বিভাগত আছে মনোজ দত্ত, মনোজ বনিয়া আৰু পৰস দত্ত। এগৰাকী নাৰীয়ে নিজ জীৱন যাত্ৰাৰ প্ৰতিটো মূহুূৰ্তত পাবলগীয়া কষ্টসমূহে আচলতে সকলোকে শিঁহৰিত কৰি তোলে। নিজ সন্তান তথা নিজ পৰিয়ালৰ বাবে বিনাস্বাৰ্থত অবিৰত ভাৱে কৰি থকা প্ৰয়াস তথা চেষ্টাৰ বাবে আমি তেওঁলোকক সদায় ওপৰত স্থান দিওঁ; এগৰাকী নাৰীয়ে সময়ে সময়ে গ্ৰহণ কৰিবলগীয়া প্ৰত্যাহ্বান সমূহ আচলতে আমাৰ কল্পনাৰো অগোচৰ; প্ৰতিটো দিনত সন্মুখীন হ’বলগীয়া ককৰ্থনা, সমাজৰ লাঞ্ছনা ইত্যাদিয়ে কেতিয়াবা তেওঁলোকক ইমানেই অধিক দৃঢ় কৰি তোলে যে পিছলৈ তেওঁলোকৰ অন্তৰৰ পৰা শেষ হৈ পৰে শংকাৰ অথবা ভয়ৰ।


পৰিচালনা দিশটোত অৰিন্দম বৰুৱাৰ সক্ৰিয়তাক দেখি ইতিমধ্যে উৎসাহিত হৈ পৰিছে অনুৰাগী। তেওঁলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment