Rupaliparda.com
নতুন টুইষ্টৰ সৈতে নৱপ্ৰজন্মৰ চুটি ছবি "The Message"- 1

নতুন টুইষ্টৰ সৈতে নৱপ্ৰজন্মৰ চুটি ছবি “The Message”-

নতুন কিছুমান বস্তুৱে আমাক সদায় উৎসাহিত কৰে; আমি সেইসমূহ বস্তুৰ সৈতে সংলগ্ন অথবা একত্ৰিত হৈ থকাৰ বাবে অহৰহ প্ৰয়াস কৰি থাকো। বিশেষকৈ মনোৰঞ্জন দিশটোত ঘটি থকা নতুনত্বৰ প্ৰতি আমি বেছি আকৰ্ষিত, কিয়নো সেই নতুন প্ৰকল্প সমূহৰ দ্বাৰা আমি আমোদ লাভ কৰিবলৈ সক্ষম হওঁ। আচলতে, জনসাধাৰণৰ এই নতুন উপভোগ কৰাৰ যি মানসিকতা তাক আজুৰি ল’বলৈ বৰ্তমান সক্ষম হৈছে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাই। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে, বৰ্তমান সময়ৰ চুটি ছবিসমূহত বাৰু আপোনালোকে কেনেধৰণৰ কাহিনী উপভোগ কৰা নাই? প্ৰেম, বন্ধুত্ব, মাৰ্ডাৰ তথা শিশুকেন্দ্ৰিক ইত্যাদি বিভিন্নটা কাহিনী সংযুক্ত চুটি ছবি আমি উপভোগ কৰিছো; আৰু ইয়াত আটাইতকৈ ভাল লগা কথা এয়া যে এই আটাইবোৰ উপভোগ্য চুটি ছবি নিৰ্মাণ তথা অভিনয়ৰ দায়িত্বত আছে একোগৰাকী নৱপ্ৰজন্ম। “Arranged” শীৰ্ষক চুটি ছবি এখন আপোনালোকেও উপভোগ কৰিছিল, নহয়নে? চুটি ছবিখনত হৰ্ষ সিদ্ধান্ত নামৰ এগৰাকী অভিনেতাই যি টুইষ্টৰ সৃষ্টি কৰিছিল সেই টুইষ্টে আচলতে প্ৰত্যেকৰে মন জয় কৰিবলৈ সক্ষম হৈছিল; শেহতীয়াকৈ তেওঁৰ ফালৰ পৰাই আহিছে আন এক নতুন খবৰ। প্ৰতিভাগৰাকীয়ে নিজ একাংশৰ সতীৰ্থৰ সৈতে লগ হৈ মুকলি কৰিবলৈ সাজু হৈছে হৰ্ষ সিদ্ধান্ত। তেওঁৰ কাহিনী আৰু অভিনয়েৰে আহি আছে এখন চুটি ছবি “The Message”। অতিশীঘ্ৰে চুটি ছবিখনত ইউটিউবৰ সৈতে মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

নতুন টুইষ্টৰ সৈতে নৱপ্ৰজন্মৰ চুটি ছবি "The Message"- 2


দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰলৈ অহা এজনী ছোৱালীৰ ৱাটচ আপ মেছেজে কেনেদৰে দুয়োগৰাকীৰ মন-মগজুত ক্ৰিয়া কৰিবলৈ লয় তাকেই লৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এই চুটি ছবিখন। উক্ত চুটি ছবিখনৰ কাহিনীভাগ যুঁটীয়াভাৱে লিখিছে হৰ্ষ সিদ্ধান্ত আৰু অভিনৱ প্ৰিয়ম ঠাকুৰে; লগতে, ইয়াত পৰিচালনাৰ দায়িত্বত আছে ৰোহন কুমাৰ দাস। আনহাতে, অভিনয় কৰিছে জাৱেদ আখতাৰ আৰু হৰ্ষ সিদ্ধান্তে। দৃশ্যগ্ৰহণ তথা সহঃ পৰিচালনাৰ দায়িত্বত আছে দেৱাশীষ কলিতা। সংগীত পৰিচালনা কৰিছে লিয়ান শৰ্মাই। আপোনালোকক পূৰ্বতেও কৈছিলো যে, একোখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিতকৈ বৰ্তমান একোখন চুটি ছবিৰ গ্ৰহণযোগ্যতা আৰু উপভোগ্যতা বৃদ্ধি পাইছে। তিনিঘন্টাৰ সলনি নাই কমেও ১০-১৫ মিনিট দৈৰ্ঘ্যৰে দৰ্শকৰ ওচৰত উপস্থাপন কৰা এটা বিষয়বস্তুয়ে বেছিকৈ আপ্লুত কৰে জনসমাজক। “লক-ডাউন” ৰ সময়ছোৱাতটো আমি বহু এনে চুটি ছবি উপভোগ কৰিছো যাৰ কাহিনীয়ে হয়টো বৰ্তমানলৈ আমাৰ আপ্লুত কৰিবলৈ আৰম্ভ কৰিছে। আচলতে, কেৱল “লক-ডাউন” বুলিয়েই নহয়; পূৰ্বৰে পৰা একাংশ চুটি ছবিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

নতুন টুইষ্টৰ সৈতে নৱপ্ৰজন্মৰ চুটি ছবি "The Message"- 3

আহিবলগীয়া এই চুটি ছবিসমূহত কি কাহিনী অথবা কেনে টুইষ্টৰ সংযোজন হ’ব সেয়া আগন্তুক সময়ছোৱাতহে জানিব পৰা যাব। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এওঁলোকক জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform