Rupaliparda.com
সক্ৰিয় ৰিয়া চক্ৰৱৰ্তীক এইবাৰ দেখা গ'ল সাকিব সলীমৰ সৈতেঃ 1

সক্ৰিয় ৰিয়া চক্ৰৱৰ্তীক এইবাৰ দেখা গ’ল সাকিব সলীমৰ সৈতেঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰেয়সী বুলি মানি লোৱা ৰিয়া চক্ৰৱৰ্তী বিগত দিনৰ নিগেটিভ প্ৰতিক্ৰিয়া সমূহৰ পৰা বৰ্তমান বাহিৰলৈ ওলাই আহি সাধাৰণ জীৱন জীয়াবলৈ সক্ষম হৈ পৰিছে। তেওঁ চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে শেহতীয়াকৈ অভিনেত্ৰী গৰাকীক সাংবাদিকে দেখিবলৈ পায় সাকিব সলীমৰ সৈতে; দুয়োগৰাকী তাৰকা আলিবাগৰ পৰা অহা বুলি জানিব পৰা গৈছে। খবৰনুসৰি, সাকিবৰ জন্মদিন উপলক্ষে তেওঁলোক আলিবাগলৈ যায় আৰু তাত তেওঁলোকক লগ দিয়ে ডিজাইনাৰ মনীষ মালহোত্ৰাই। ৰিয়া চক্ৰৱৰ্তীয়ে চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ পিছত তেওঁৰ প্ৰথমটো পোষ্ট দেখিবলৈ পোৱা গৈছিল আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনা আৰু তাৰ পিছত তেওঁ নিজৰ এগৰাকী বান্ধৱীৰ সৈতে এখন ফটো পোষ্ট কৰি অভিনেত্ৰীগৰাকীয়ে “প্ৰেম” ৰ বিষয়ে কিছু কথা ব্যক্ত কৰে। ৰিয়া চক্ৰৱৰ্তীয়ে “সাণ্ড কি আঁখ” ৰ প্ৰযোজক নিধি পৰমাৰৰ সৈতে এখন ফটো পোষ্ট কৰে। বিগত বৰ্ষৰ মাজভাগৰে পৰা চচিয়েল মিডিয়াৰ পৰা আঁতৰি থকা অভিনেত্ৰী গৰাকীৰ পৰা নতুন নতুন কিছু পোষ্ট দিয়া দেখিবলৈ পাই আচলতে উৎসাহিতও হৈ পৰিছিল অভিনেত্ৰী গৰাকীৰ অনুৰাগীও।

সক্ৰিয় ৰিয়া চক্ৰৱৰ্তীক এইবাৰ দেখা গ'ল সাকিব সলীমৰ সৈতেঃ 2
সক্ৰিয় ৰিয়া চক্ৰৱৰ্তীক এইবাৰ দেখা গ'ল সাকিব সলীমৰ সৈতেঃ 3


তেওঁ ফটোখন পোষ্ট কৰি কয় যে, “প্ৰেমত এক শক্তি আছে, প্ৰেমত এনে এক ফেব্ৰিক আছে; যি কেতিয়াও হেৰাই নাযায়। লগা হ’লে, তাক যিমানেই বিপদ আৰু দুখৰ পানীৰেই ধুই দিয়া নহওঁক কিয়!” অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক বিভিন্ন কাৰণত দোষী সাব্যস্ত কৰি তেওঁৰ ওপৰত সুশান্তৰ পিতৃয়ে এজাহাৰো দাখিল কৰিছিল। সুশান্তৰ মৃত্যুৰ কাৰণ ৰূপে ৰিয়াৰ নাম সাঙুৰ খোৱা পিছত অভিনেত্ৰী গৰাকী চচিয়েল মিডিয়াৰ পৰা বিৰত আছিল কিন্তু শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ পৰা দুটা পোষ্ট দেখিবলৈ পোৱা যায়। বিগত নাৰী দিৱসৰ দিনা তেওঁ নিজৰ মাতৃৰ সৈতে এখন ফটো আপলোড কৰি আটাইকে মহিলা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.