Rupaliparda.com
"…মোৰ সকলোতকৈ ডাঙৰ সপোন নিজৰ এটা প্ৰডাকচন হাউচ খোলাৰ"- নন্দিতা ডেকা 1

“…মোৰ সকলোতকৈ ডাঙৰ সপোন নিজৰ এটা প্ৰডাকচন হাউচ খোলাৰ”- নন্দিতা ডেকা

আমি নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভাক দেখিছো যিসকল এই মনোৰঞ্জন দিশটোৰ প্ৰায় প্ৰতিটো মাধ্যমৰ সৈতে কম বেছি পৰিমাণে জড়িত হৈ থাকে। নন্দিতা ডেকা; এইগৰাকী প্ৰতিভাক ইতিমধ্যে আপোনালোকে এগৰাকী অভিনেত্ৰী ৰূপেও দেখিছে লগতে এগৰাকী সাংবাদিক হৈ তেওঁ সাংবাদিকতা ক্ষেত্ৰখনত সক্ৰিয়ভাৱে নিজ কৰ্ম সম্পাদন কৰি গৈছে। আপোনালোকৰ যদি এই প্ৰতিভাগৰাকীক চিনি পাবলৈ অসুবিধা হৈছে তেতিয়াহ’লে আপোনালোকক কয় দিওঁ যে নন্দিতা ডেকাই দৰ্শকৰ প্ৰিয় ধাৰাবাহিক “দুটি মনৰ জোনাক” ত এগৰাকী চিকিৎসকৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। এইখিনিতে আপোনালোকক জনাই দিওঁ আন এক গুৰুত্বপূৰ্ণ কথাও, নন্দিতা ডেকা মুকাভিনয় শিল্পী ৰূপেও পৰিচিত। তেওঁ ইতিমধ্যে কেইবাটাও মুকাভিনয় প্ৰকল্পৰ সৈতে জড়িত হৈছে; ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি এইবাৰ এক্সক্লুচিভলি পাতিছিলো এইগৰাকী প্ৰতিভাৰ সৈতে কিছু কথা। কেইবাখনো ক্ষেত্ৰত নিজৰ ১০০ শতাংশই দিবলৈ নিৰৱিচ্চিন্ন চেষ্টা কৰি যোৱা নন্দিতাৰ অনুৰাগীৰ এক দীঘলীয়া শাৰীও গঢ় লৈ উঠিছে। মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত নন্দিতা ডেকাই কয় যে, “দৰাচলতে, মই সৰুৰে পৰাই এই ক্ষেত্ৰখনৰ লগত কিছু পৰিমাণে জড়িত বুলি ক’লেও হয়টো ভুল কোৱা নহ’ব। মোৰ মা এগৰাকী অভিনেত্ৰী আছিল; তেনেকৈয়ে মই মোৰ যাত্ৰা ২০০৩ চনৰ পৰা আৰম্ভ কৰিছিলো। ২০০৩ চনত প্ৰথমবাৰৰ বাবে মাৰ সৈতে একেখন মঞ্চত অভিনয় কৰিছিলো। আৰু, তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ গৈ আছো।”

"…মোৰ সকলোতকৈ ডাঙৰ সপোন নিজৰ এটা প্ৰডাকচন হাউচ খোলাৰ"- নন্দিতা ডেকা 2


সাংবাদিকতা, মুকাভিনয় তথা এগৰাকী অভিনেত্ৰী ৰূপে তেওঁ প্ৰতিটো মাধ্যমৰ সৈতে কেনেদৰে সক্ৰিয় হৈ থাকিব পাৰে বুলি কৰা ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এই প্ৰশ্নটোৰ সন্মুখীন মই প্ৰায়ে হওঁ; আচলতে, মনে বিচৰা কামবোৰ কৰিবলৈ পালে মোৰ অকণো ভাগৰ নালাগে ৷ আজিলৈকে মোৰ মনে বিচৰা প্ৰতিটো কাম কৰি আহিছো ৷ কেতিয়াও কোনো এটা কাম বহুত বেছি “Pressure” লৈ কৰা নাই ৷ সাংবাদিকতাৰ আদিপাঠ গ্ৰহণ কৰিছিলো ২০১৬ চনৰ পৰা; কেতিয়াও কোনোবা চেনেলত চাকৰি কৰিম বুলি ভবা নাছিলো ৷ কেৱল শিকিব মন আছিল কাৰণেহে শিকিছিলো ৷ পিছলৈ “The Cross Current” নামে এক ৱেব পৰ্টেলৰ সৈতে জড়িত হ’লো ৷ আৰু শেহতীয়াকৈ “The Statement” ত মই কৰ্মৰত ৷ অভিনয় তথা মুকাভিনয়, এয়া মোৰ জীৱনৰ মহৌষধ বুলি ক’ব লাগিব৷ অফিচত থাকিলেও মোৰ মনটো এইটো দিশলৈহে বেছিকৈ গতি কৰে ৷ অভিনয় অবিহনে মোৰ জীৱন আধৰুৱা ৷ ইয়াৰোপৰি, মোৰ ঘৰৰো বহুখিনি দায়িত্ব আছে৷ মোৰ যিহেতু দেউতা নাই ঘৰখনৰ সকলো সিদ্ধান্তই হওঁক বা আন কামেই হওঁক সকলোতে চকু দিব লাগে; এই সকলোবোৰ কাম সমানে কৰিব পাৰিছো কেৱল মোৰ মাৰ বাবে ৷ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাস, মাৰ সাহস আৰু ৰাইজৰ মৰম তথা আশীৰ্বাদে আজি মোক এই পৰ্যায়ত উপনীত হোৱাত সহায় কৰিছে ৷ আগলৈ তেওঁলোকৰ এনে সঁহাৰি পাম বুলি আশা ৰাখিছো।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে,

"…মোৰ সকলোতকৈ ডাঙৰ সপোন নিজৰ এটা প্ৰডাকচন হাউচ খোলাৰ"- নন্দিতা ডেকা 3


” আগন্তুক সময়ৰ পৰিকল্পনা বহুতো আছে ৷ অভিনয় জগতত খোজ পেলাইছোহে মাথো, শিকিবলৈ যথেষ্ট বাকী এতিয়াও৷ ভাল কাম কৰাৰ হেঁপাহ বহুত আৰু মই খুবেই আশাবাদী ৷ মোৰ সকলোতকৈ ডাঙৰ সপোন নিজৰ এটা প্ৰডাকচন হাউচ খোলাৰ ৷ যাৰ বাবে মই প্ৰথমতে আৰ্থিকভাৱে সবল হ’ব লাগিব ৷ আৰু, মোৰ বিশ্বাস এদিন মোৰ সকলো সপোন, সকলো পৰিকল্পনা বাস্তবায়িত হ’ব ৷”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform