এনেই ৰঙালী; তাতেই আকৌ দীপলিনা ডেকা আৰু নীল আকাশৰ যুঁটি। যেন সংগীত প্ৰেমী ৰাইজৰো গাখীৰতে ম’হৰ খুঁটি; ব’হাগে কঢ়িয়ায় আনন্দৰ বতৰা। সেই আনন্দৰ মাজতেই সংগীতক্ষেত্ৰখনৰ দুগৰাকীকৈ জনপ্ৰিয় আৰু দৰ্শক-শ্ৰোতাৰ হৃদয় জিনা কন্ঠশিল্পীৰ বিহু শুনিবলৈ অথবা উপভোগ কৰিবলৈ পোৱা হয় তেতিয়াহ’লেনো এই আপোন বিহুটোক লৈ আৰু কি লাগিছে! বিহুটোক আদৰিবলৈ এইবাৰ প্ৰত্যেকেই নিজ নিজ ধৰণেৰে যা-যোগাৰ সমূহ কৰিবলৈ আৰম্ভ কৰিছে; ক’ৰবাত অকণমান বিভীষিকাই গা কৰি উঠিছে যদিও সজাগ-সচেতন হৈ এইবাৰ বিহু উদযাপনত আগভাগ ল’বলৈ চেষ্টা কৰিছে সকলোৱে। অসমীয়া সংগীত ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে যুঁটীয়াভাৱে কন্ঠদান কৰিছে দীপলিনা ডেকা আৰু নীল আকাশে; গতিকে সেই দিশটোৰ ফালৰ পৰা এতিয়া দুয়োগৰাকী কন্ঠশিল্পীৰেই অনুৰাগী উৎসাহিত। শেহতীয়াকৈ দুয়োগৰাকীৰ কন্ঠৰে মুক্তি লাভ কৰা বিহুগীতটিৰ নাম হৈছে “চেংকন”। কেৱল কন্ঠ নহয়; এইবাৰ এই বিহুগীতটিত দীপলিনা ডেকাই অনুৰাগীৰ ডিমাণ্ড ৰক্ষা কৰিবলৈ বিহুয়ো নচা দেখিবলৈ পোৱা গৈছে। মুঠতে, এইবাৰ বসন্তত দীপলিনা ডেকাৰ অনুৰাগীয়ে লাভ কৰিছে ইটোৰ পিছত সিটোকৈ চাৰপ্ৰাইজ।
গীতটিত কথা আৰু সুৰ কৰিছে ক্ৰমে অপূৰ্ব জান আৰু সুনীত গগৈয়ে। পেঁপা, গগনা, তাল বজাইছে পিতি বৰাই। ঢোল বজাইছে দেৱেশ্বৰ শইকীয়া আৰু লাচিত বৰুৱাই। বীণ বজাইছে প্ৰসন্ন গগৈয়ে আৰু বাঁহী কৈলাশ ৰাভৰ। কিজ ভদ্ৰকান্ত দাসৰ। আনহাতে, ভিডিঅ’টিতো এইবাৰ দীপলিনাৰ সৈতে দেখিবলৈ পোৱা গৈছে অভিনেতা কিশোৰ দাসক। অৱশ্যে স্ক্ৰীণত এইয়াও এক নতুন যুঁটি; সমান্তৰালকৈ গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ আৰু দৃশ্যগ্ৰহণ পৃথ্বীৰাজৰ। সম্পাদনা আৰু ৰং মানস কাশ্যপৰ, ৰূপসজ্জা পতিয়সী বৰদলৈৰ আৰু প্ৰডাকচন কন্ট্ৰলাৰ দীপান বৰুৱা। ইটোৰ পিছত সিটোকৈ প্ৰকল্পৰ সৈতে জড়িত দীপলিনাৰ অনুৰাগী দীঘলীয়া শাৰীটোৱে প্ৰতিদিনেই তেওঁৰ ফালৰ পৰা আহিবলগীয়া নতুন গীতৰ বাবে অপেক্ষা কৰি থকা দেখা যায়। ইয়াৰ উপৰিও, কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কন্ঠশিল্পী নীল আকাশৰ প্ৰতিটো গীতৰ জনপ্ৰিয়তাও আমি নুই কৰিব নোৱাৰো। কিশোৰ দাসে প্ৰায়ে তেওঁৰ চচিয়েল মিডিয়া একাউন্টত নৃত্য ভিডিঅ’ পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ৰং চেনেলত প্ৰচাৰিত “বিধাতা” ধাৰাবাহিকখনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে দৰ্শকে উপভোগ কৰিবলৈ পাইছিল এই গৰাকী অভিনেতাৰ অভিনয়।

আটাইবোৰ নতুন যুঁটিকে লৈ বিহুৰ প্ৰাকক্ষণত মুক্তি লাভ কৰা বিহুগীত “চেংকন” ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।
Add comment