প্ৰতিগৰাকী নাৰীয়েই ধুনীয়া অথবা মুখৰ ধুনীয়াতকৈ মনৰ ধুনীয়াটোহে গ্ৰহণযোগ্য আদিৰ দৰে বিভিন্ন শাৰী আমি শুনিবলৈ পাওঁ লগতে একোখন ফটোৰ সৈতে এনেধৰণৰ একোটা কেপচনে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীৰ কেইখন মান ফটো চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ সমান্তৰালকৈ ফটোকেইখনে খলকনিৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত। ৰঙালী বিহু; আৰু ৰঙালীক বুকুত বান্ধিয়েই সাজু হৈছে প্ৰতিজনী নাচনী। এনে পৰিপ্ৰেক্ষিততে, অভিনেত্ৰী সুৰভী দাসৰ কেইখন মান ফটো সমুখলৈ আহিছে য’ত তেওঁ এগৰাকী বিহু নাচনীৰ চৰিত্ৰত আছে। ফটোকেইখনে চৰ্চা লাভ কৰিছে; অৱশ্যে ব্যতিক্ৰম বুলি ফটোকেইখনক এইবাবেই নকওঁ কাৰণ প্ৰতিগৰাকী নাৰীয়েই বিহুটোক লৈ অপেক্ষা কৰে। সেয়া লাগিলে এগৰাকী ধৰ্ষিতা হওঁক অথবা এগৰাকী এচিডেৰে আক্ৰমণ হোৱা যুৱতীয়ে নহওঁক কিয়! সুৰভী দাসেও নিজৰ শেহতীয়া ফটোশ্বুটত এচিড আক্ৰমণ হোৱা বিহুৱতীৰ চৰিত্ৰ ৰূপায়ন কৰিছে; য’ত তেওঁৰ বহুল প্ৰশংসা কৰিছে জনসাধাৰণেও।



আনহাতে, কেইবাটাও প্ৰকল্পৰ সৈতে জড়িত সুৰভী দাস অভিনীত “তোমাকে নাপালে” য়েও লাভ কৰিছে বহুল সমাদৰ। লগতে, তেওঁক ৰং চেনেল যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “আহিনৰ আবেলি” টো এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দৰ্শকে দেখিবলৈ পায়।
Add comment