Rupaliparda.com
ইণ্ড্ৰাষ্ট্ৰীৰ এৰাৰ সিদ্ধান্ত লৈছিল অভিষেক বচ্চনে! 1

ইণ্ড্ৰাষ্ট্ৰীৰ এৰাৰ সিদ্ধান্ত লৈছিল অভিষেক বচ্চনে!

শেহতীয়াকৈ অভিষেক বচ্চনে ৰূপায়ন কৰা প্ৰতিটো চৰিত্ৰ অথবা তেওঁ অভিনীত বৰ্তমানৰ ছবি সমূহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু, পূৰ্বৰ এনে বহু ছবি আছে য’ত অভিষেক বচ্চনে জনসাধাৰণৰ সমাদৰ লাভ নকৰা দূৰৈৰ কথা, ছবি কেইখন ছবিগৃহত বৰ বেছি দিনলৈও নচলিছিল। এক সাক্ষাৎকাৰ যোগে অভিনেতা অভিষেক বচ্চনে নিজেই প্ৰকাশ কৰিছে যে তেওঁ নিজৰ কেৰিয়াৰত বিফল হৈ থকাৰ ফলত এটা পৰ্যায়লৈ গৈ তেওঁ নিজে এই ইণ্ড্ৰাষ্ট্ৰীটোৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয় যে, “সমূহীয়া মঞ্চত বিফল হোৱাটো অপমানজনক। তেতিয়া চচিয়েল মিডিয়া নাছিল যদিও মই বাতৰি কাকত বোৰত পঢ়িবলৈ পাইছিলো যে মোক দৰ্শকে গালি দিবলৈ আৰম্ভ কৰিছে, মোৰ কেৰিয়াৰৰ বাবে মোক সমালোচনা কৰিবলৈ ধৰিছে। মোৰ এনে লাগিবলৈ ধৰিছিল যে মই এই ইণ্ড্ৰাষ্ট্ৰীটোলৈ আহি ভুল কৰিলো কাৰণ ই একো কামত অহা নাই। মই সিদ্ধান্ত লৈছিলো আৰু দেউতাৰ ওচৰলৈ গৈ ইণ্ড্ৰাষ্ট্ৰী এৰি দিম বুলি কৈছিলো। কিন্তু, সেইটো সময়ত দেউতাই মোক কোৱা কথা কেইটাই মোৰ জীৱন সলনি কৰি পেলাইছিল।”

ইণ্ড্ৰাষ্ট্ৰীৰ এৰাৰ সিদ্ধান্ত লৈছিল অভিষেক বচ্চনে! 2


দেউতাই কৈছিল যে, “মই তোমাক “এৰি যোৱা” বিধৰ শিক্ষা দিয়া নাই কেতিয়াও। তুমি সদায় ৰাতিপুৱা উঠিব লাগিব আৰু নিজক পূৰ্বতকৈ আৰু অধিক দৃঢ় কৰি তুলিব লাগিব। তোমাৰ ওচৰলৈ অহা প্ৰতিটো চৰিত্ৰ গ্ৰহণ কৰা আৰু নিজৰ কামত গুৰুত্ব দি যোৱা। তাৰকাক ট্ৰোল কৰাটো নতুন কথা নহয়; কিন্তু এই ট্ৰোল সমূহক সুন্দৰ প্ৰতিউত্তৰেৰে থকা সৰকা কৰে অভিনেতা অভিষেক বচ্চন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.