Rupaliparda.com
"অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰ নিজ বাসগৃহত থকাটো অধিক যুক্তিসংগত আছিল"- অসলম শ্বেইখ 1

“অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰ নিজ বাসগৃহত থকাটো অধিক যুক্তিসংগত আছিল”- অসলম শ্বেইখ

ক’ৰোণাৰ দ্বিতীয়টো সংক্ৰমণে বৰ্তমান সকলোকে সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে। বলীউডৰ অধিকাংশ চিলেব্ৰেটীয়ে বৰ্তমান ক’ৰোণাৰ কবলত; মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে “লক-ডাউন” ৰ। নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ বাবেও আচলতে চৰকাৰে এনে সিদ্ধান্ত ল’বলগীয়াত পৰিছে; বলীউডত হোৱা ক’ৰোণাৰ সংহাৰী ৰূপৰ ফলতেই আচলতে কেওঁদিশে প্ৰতিজন জনসাধাৰণ চিন্তিত হৈ পৰিছে। কিন্তু, এইখিনিতে মহাৰাষ্ট্ৰ চৰকাৰৰে এগৰাকী মন্ত্ৰীয়ে চিলেব্ৰেটী সমূহক ক’ৰোণা পজিটিভৰ পিছত চিকিৎসালয়ৰ সলনি নিজ ঘৰতেই সুকীয়াকৈ থকাৰ পৰামৰ্শ প্ৰদান কৰিছে। মন্ত্ৰী অসলম শ্বেইখে কয় যে, “চিলেব্ৰেটী সকল ক’ভিডৰ পিছতো লক্ষণহীন। গতিকে তেওঁলোক হাস্পাতালৰ বেডসমূহলৈ নাহি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি নিজ নিজ বাসগৃহত থকাৰ ব্যৱস্থা কৰিব লাগে। অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰৰ দৰে একাংশ চিলেব্ৰেটীয়ে হাস্পাতালৰ বিচনা এৰি প্ৰয়োজনীয় সকলক দি দিয়াটো অধিক যুক্তিসংগত আছিল।” উল্লেখ্য যে, বিগত ৪ এপ্ৰিলত ক’ৰোণা পজিটিভ হোৱা পিছত অক্ষম কুমাৰে ৫ এপ্ৰিলত টুইট কৰি নিজ স্বাস্থ্যৰ কথা জানিবলৈ দিয়ে। ১২ এপ্ৰিল তাৰিখে সম্পূৰ্ণ সূস্থ হৈ অক্ষয় নিজ বাসগৃহলৈ উভতি আহে।

"অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰ নিজ বাসগৃহত থকাটো অধিক যুক্তিসংগত আছিল"- অসলম শ্বেইখ 2
"অক্ষয় কুমাৰ, শচীন তেণ্ডুলকাৰ নিজ বাসগৃহত থকাটো অধিক যুক্তিসংগত আছিল"- অসলম শ্বেইখ 3


আনহাতে, শ্বাহৰুখ খান “পঠান” ক লৈ ব্যস্ত থকা সময়ছোৱাতো তেওঁৰ ছেটত ক’ভিডে আক্ৰমণ কৰে আৰু সম্পূৰ্ণ কাম স্তব্ধ কৰি প্ৰতিজন তাৰকা, কলা-কুশলী আইছো’লেশ্বনত গুচি যায়। ইয়াৰ উপৰিও, মহাৰাষ্ট্ৰত মনোৰঞ্জন জগত স্তব্ধ হৈছে; শুনিলবলৈ পোৱা অনুসৰু বৰ্তমান মহাৰাষ্ট্ৰত চিনেমা, ধাৰাবাহিকৰো শ্বুটিং সমূহ ৰখাই দিয়া হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.