Rupaliparda.com
অসমীয়া শিল্পীৰ ৰঙালীৰ শুভকামনাঃ চাওঁচোন আহক- 1

অসমীয়া শিল্পীৰ ৰঙালীৰ শুভকামনাঃ চাওঁচোন আহক-

আজি মানুহ বিহু; হেঁপাহৰ বিহুটোৱে এইবাৰ আমাক প্ৰত্যেকগৰাকী অসমীয়াক উৎসাহিত কৰিছে কিয়নো বিগত বৰ্ষৰ ক’ৰোণা নামে বিভীষিকাটোৰ ফলত হোৱা স্তব্ধতাই প্ৰতিজন নাগৰিকৰে মানসিক তথা আৰ্থিক স্থিতি খেলি-মেলি কৰি ৰাখিছিল। এইবাৰ যদিও ক’ৰোণাৰ দ্বিতীয়টো ঢৌয়েও কিছু কিছু ৰাজ্যত গা কৰি উঠিছে তৎস্বত্বেও বৰ্তমানেও অসমত পৰিস্থিতি ভয়াৱহ হৈ উঠা নাই বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে আৰু ইয়াৰ ফলতেই শেহতীয়াকৈ প্ৰতিজন শিল্পী, কলা-কুশলীও উৎসাহিত হৈ পৰিছে আদৰৰ বিহুটোক লৈ। মুঠতে, প্ৰস্তুতি তুংগত; বিহু বুলি এযোৰ নতুন কাপোৰ লোৱাৰ ইচ্ছা কৰাৰ সমান্তৰালকৈ বিহুৱান এখন মৰমৰ মানুহ জনক দিয়াৰ বাবে শিপিনীও তাঁতশালতেই হৈ পৰিছে ব্যস্ত। এইপিনে, অসমীয়া শিল্পী সকলো ব্যস্ত হৈ পৰিছে নিজৰ অনুষ্ঠান সমূহক লৈ। এফালৰ পৰা চচিয়েল মিডিয়াত তেওঁলোকেও নিজ নিজ অনুৰাগীলৈ যাঁচিছে শুভকামনা; বিহু বুলিলেই সাতখন আঠখন হৈ পৰা অভিনেত্ৰী কেইগৰাকীও বিহু সাঁজেৰে একোখন ফটো আপলোডেৰে অনুৰাগীলৈ যাঁচিছে ৰঙালীৰ শুভকামনা। চাওঁচোন আহকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.