Rupaliparda.com
KC Digital Fims ৰ নতুন প্ৰকল্পত নতুন মুখ, অচিন্ত আৰু কৰিশ্মা; শংকুৰাজ-মৈত্ৰেয়ীৰ যুঁটিৰে আকৌ খলকনিঃ 1

KC Digital Fims ৰ নতুন প্ৰকল্পত নতুন মুখ, অচিন্ত আৰু কৰিশ্মা; শংকুৰাজ-মৈত্ৰেয়ীৰ যুঁটিৰে আকৌ খলকনিঃ

KC Digital Fims ৰ বেনাৰত মুক্তিপ্ৰাপ্ত গীত “গানে গানে”। শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে আন এটি গীত শ্ৰোতা-দৰ্শকে লাভ কৰাৰ পিছতেই উৎসাহিত হৈ পৰিছে সকলো। গীতটিৰ প্ৰিমিয়াৰত উপস্থিত ডাঃ নবনীল বৰুৱাই দিয়া ভাষ্যনুসৰি অসমবাসীয়ে যদিও বৰ্তমান উক্ত যুঁটিটোক হৃদয়ংগম কৰা নাই তথাপিও অহা ১০-১২ বছৰ পিছত অসমবাসীয়ে বুজি উঠিব অসমীয়া সাংগীতিক ক্ষেত্ৰখনলৈ অহা পৰিৰ্ৱতন আৰু এই পৰিৱৰ্তনৰ আঁৰত থকা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ অৱদান। অৱশ্যে, তেওঁ নিজ ভাষণত যদিও সৰলকৈ উদ্ধৃত কথাষাৰ ব্যক্ত কৰিছিল; কথাষাৰত লুকাই থকা মহত্বটোক বুজিয়েই প্ৰিমিয়াৰত উপস্থিত প্ৰত্যেকেই হাত চাপৰি মাৰিবলৈ ইচ্ছা কৰিছিল। আনহাতে, এগৰাকী পৰিচালক ৰূপে সমুজ্জল কাশ্যপে নিজ প্ৰকল্প সমূহৰ দ্বাৰা প্ৰত্যেকদিনাই দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সমুজ্জল কাশ্যপে নিৰ্মাণ কৰি উলিওৱা চুটি ছবি “Arranged” ৰ পিছত তেওঁৰ KC Digital Fims ৰ বেনাৰত নিৰ্মাণ কৰা দ্বিতীয়টো প্ৰকল্প হৈছে সদ্যমুক্তিপ্ৰাপ্ত গীত “গানে গানে”। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ক্ৰমে কৰিশ্মা হাজৰিকা আৰু অচিন্ত ৰাজ কাশ্যপে। তেওঁলোকে ভিডিঅ’টোত কৰা কামে আপ্লুত কৰিবলৈ সক্ষম হৈছে ৰাইজক। পৰিচালকৰ প্ৰচেষ্টাত হাতে হাত ধৰি থিয় হ’বলৈ সক্ষম হোৱা অচিন্ত আৰু কৰিশ্মাৰ যুঁটিটোক লৈ দৰ্শক আশাবাদী আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ আহিবলগীয়া সময়ৰ প্ৰকল্প সমূহ চাবলৈও আশাবাদী অনুৰাগী। নৱপ্ৰজন্মৰ মাজত থকা এনে একাংশ প্ৰতিভাই শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন অধিক গ্ৰহণ যোগ্য কৰি তোলাত সক্ষম হৈছে।


গীতটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে এগৰাকী শ্ৰোতাই দিয়া এটা কমেন্টৰ দ্বাৰা আপোনালোকক গীতটিৰ বিষয়ে এটি চমু আভাষ দিব পৰা যায়। তেওঁ কৈছে “অলকানন্দাই এতিয়া জিৰণি ল’ব আৰু “গানে গানে” ক শ্ৰোতাই আঁকোৱালি ল’ব।” শ্ৰোতাৰ ডিমাণ্ডত প্ৰতিদিনেই থিয় হোৱা শংকু-মৈত্ৰেয়ীৰ যুঁটিটোৰ প্ৰশংসা নকৰাকৈনো কেনেদৰে থকা হয়! আনহাতে, গীতটিৰ ভিডিঅ’টোতো কিছু ব্যতিক্ৰম দৰ্শকে দেখিবলৈ পাইছে। লিৰিকেল ভিডিঅ’ৰে নিজ গীত সমূহক মুকলি কৰি জনসাধাৰণৰ কাষ চপা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰক এইবাৰ “গানে গানে” ৰ ভিডিঅ’ত কেৱলমাত্ৰ কন্ঠদান কৰা বুলিয়েই নহয়; দেখিবলৈ পোৱা গ’ল নৃত্য কৰাও। গীতটিত গীতাৰ ঋতুৰাজ গগৈৰ আৰু বাঁহী বজাইছে ভাস্কৰ কলিতাই। শব্দ সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। গীতটি বাণীবদ্ধ কৰা হৈছে কাইফি হামজা আহমেদৰ দ্বাৰা আৰু বাঁহী ৰেকৰ্ড কৰিছে প্ৰণয় দত্তই। গীতটিৰ ভিডিঅ’ পৰিচালনা তথা বিষয়বস্তু সমুজ্জল কাশ্যপৰ। সহকাৰী পৰিচালনা প্ৰিয়ংকা কাশ্যপৰ; দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই; কলা নিৰ্দেশনা জ্যোতি ভট্টাচাৰ্য্যৰ। এৰিয়েল ফটোগ্ৰাফী ৰাজা বৰুৱাৰ আৰু সম্পাদনা সমুজ্জল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা আৰু ৰূপসজ্জা পাংকু হাজৰিকাৰ। ইউটিউবত মুক্তি লাভৰ পিছতেই গীতটিয়ে জনপ্ৰিয়তাক চুমিছে।

KC Digital Fims ৰ নতুন প্ৰকল্পত নতুন মুখ, অচিন্ত আৰু কৰিশ্মা; শংকুৰাজ-মৈত্ৰেয়ীৰ যুঁটিৰে আকৌ খলকনিঃ 2


KC Digital Fims তথা শংকুৰাজ আৰু মৈত্ৰেয়ীৰ যুঁটীয়া প্ৰচেষ্টাক লৈ বৰ্তমান উৎকন্ঠিত জনসাধাৰণে আগন্তুক কালছোৱাতো তেওঁলোকৰ যুঁটীয়া প্ৰচেষ্টা বিচাৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform