বিগত বৰ্ষটো ছবিক্ষেত্ৰ খনৰ কাৰণে একপ্ৰকাৰ প্ৰত্যাহ্বানমূলক বৰ্ষ আছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ছবি গৃহসমূহ বন্ধ হৈ থকাৰ সমান্তৰালকৈ কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখো পিছুৱাই দিয়া হৈছে। সম্প্ৰতি সময়ছোৱাত যদিও ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস কমি যোৱা নাই তথাপিও ইয়াৰ সংক্ৰমণৰ হাৰ কিছু কমি যোৱা ফলত স্তব্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হৈ পৰিছে। শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো সক্ৰিয় হৈ পৰিছে; ইটোৰ পিছত নতুন প্ৰকল্পৰ বিষয়ে জনসাধাৰণক জানিবলৈ দিছে একাংশ পৰিচালক তথা প্ৰযোজক গোষ্ঠীয়ে। এনে প্ৰকল্প সমূহৰ ভিতৰত আন এক উল্লেখনীয় প্ৰকল্প হৈছে “গংগা”। জনপ্ৰিয় পৰিচালক মণি সিনহাৰ দ্বাৰা পৰিচালিত ছবিখনৰ এটি টিজাৰ শেহতীয়াকৈ মুকলি কৰি দিয়া হৈছে; য’ত জনসাধাৰণৰো বহুল সমাদৰ পৰিলক্ষিত হৈছে। মূখ্য চৰিত্ৰ ৰূপায়িত অসমীয়া জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় বুলিলেই আপোনালোকৰ মনলৈ অহা স্থিতপ্ৰজ্ঞ তথা দৃঢ় কেনভাছৰ দৰেই এই ছবিখনতো প্ৰস্তুতিৰ তেনে এক চৰিত্ৰই দেখিবলৈ পোৱা গৈছে। ছবিখনক লৈ খুবেই আশাবাদী প্ৰস্তুতিয়ে ছবিখনৰ কাহিনীভাগো দৰ্শকৰ মনে বিচৰা ধৰণেই প্ৰস্তুত কৰি উলিওৱা হৈছে বুলি জানিবলৈ দিয়ে।
ছবিখনত অভিনীত এগৰাকী শিশু শিল্পীয়েও এইবাৰ নিজ অভিনয়েৰে জনসাধাৰণক হৃদয় জিনিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। গৌৰী ফিল্মচৰ বেনাৰত ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন প্ৰযোজনাৰ দায়িত্বত আছে বাচ্চু ৰয়। অভিজিৎ ভট্টাচাৰ্য্যৰ কাহিনীৰে এই ছবিখন সম্পূৰ্ণ বাণিজ্যিকধৰ্মী তথা পৰিয়ালকেন্দ্ৰিক ছবি। ইয়াৰ উপৰিও, ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে অৰূপ বৈশ্য, ৰাগ ঐনিতম, যোগেশ কাশ্যপ, মুনমী কলিতা আৰু বেবী সৃষ্টিয়ে। ছবিখনত সংগীত পৰিচালনা অজয় ফুকনৰ। “ধম ধমা ধম” আৰু “ৰাইনো’ এক্সপ্ৰেছ (মুক্তিৰ বাবে সাজু) আদিৰ দৰে ছবিৰ পৰিচালক মণি সিনহা সম্প্ৰতি সময়ছোৱাৰ এগৰাকী সফল তথা জনপ্ৰিয় পৰিচালক বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উল্লেখ্য যে, যদিও এইবাৰ প্ৰস্তুতি পৰাশৰ দৃঢ় তথাপিও এইবাৰ তেওঁ কোনো কোনো ক্ষেত্ৰত “গংগা” ৰ দৰে ধীৰ, স্থিৰ আৰু কোমলো হৈ পৰিব।

আহিবলগীয়া বহু প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত “গংগা” ও হৈছে এখন। ছবিখনৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা যাঁচিছো অশেষ শুভকামনা।
Add comment