ৰিচা ভৰদ্বাজৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত “মৰমে টানিছে” ৰ পিছত এইবাৰ ৰিচা ভৰদ্বাজৰ কন্ঠৰে মুক্তিলাভ কৰিছে “পৰিলো তোমাৰে প্ৰেমতে”। “মৰমে টানিছে” ৰ বহুল জনপ্ৰিয়তাৰ পিছত আচলতে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটিয়েও অনুৰাগীৰ তৰফৰ পৰা লাভ কৰিছে সমাদৰ। । স্কুলত পঢ়ি থকা সময়ৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত ৰিচাৰ এই গীতটিত তেওঁৰ সৈতে অভিনয় কৰিছে ৰং চেনেল যোগে সম্প্ৰচাৰিত নতুন ধাৰাবাহিক “সপোনৰ ডেউকা” ত অভিনীত ধ্ৰুৱজ্যোতি বৈৰাগীক। তেওঁলোকৰ এই নতুন যুঁটিটোক ইতিমধ্যে প্ৰত্যেকেই আঁকোৱালি লোৱাৰ সমান্তৰালকৈ আগন্তুক সময়ত তেওঁলোকৰ তৰফৰ পৰা আন কিছু প্ৰকল্পৰো আশা প্ৰকাশ কৰিছে। গীতটিত কথা দিছে তৰুণ তন্ময়ে লগতে গীতটিত সুৰ দিয়াৰ লগতে উক্ত গীতটিৰ সংগীত ব্যৱস্থাপনাও কৰিছে বিভূতি গগৈয়ে। গীতাৰ বজাইছে ইশান দাসে আৰু বাঁহী বজাইছে অঞ্জন মেধিয়ে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে আন কেইবাটাও ভিডিঅ’ পৰিচালনাৰ সৈতে জড়িত পৰিচালক তিৰাপ সীমান্ত মেধিয়ে। ৰিচা ভৰদ্বাজ, ধ্ৰুৱজ্যোতি বৈৰাগীৰ লগতে অপৰ্ণা দত্ত চৌধুৰী, জিনি কাকতি আৰু চানী কাকতিকো দেখিবলৈ পোৱা গৈছে গীতটিৰ ভিডিঅ’ত।

এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে।কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰিচা ভৰদ্বাজৰ সংগীত লগতে তেওঁৰ অভিনয়ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো তেওঁলৈ শুভকামনা।
Add comment