Rupaliparda.com
দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আধুনিক গীত "পাগলী" 1

দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আধুনিক গীত “পাগলী”

দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আন এটি আধুনিক গীত “পাগলী”। ৰঙালী বিহুৰ সময়ছোৱাৰ ব্যস্ততাৰ মাজতেই মুক্তিপ্ৰাপ্ত গীতক লৈ উৎসাহী হৈ পৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগী। ইখনৰ পিছত সিখনকৈ বিহু অনুষ্ঠানত ব্যস্ত দীপলিনা ডেকাৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰা “পাগলী” য়ে ভিডিঅ’ সহ লাভ কৰিছে মুক্তি। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে। অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

দীপলিনা ডেকাৰ কন্ঠৰে মুক্তি লাভ আধুনিক গীত "পাগলী" 2


সদ্যমুক্তিপ্ৰাপ্ত “পাগলী” শীৰ্ষক এই গীতটিত কথা সুনীত গগৈৰ, সুৰ কৰাৰ লগতে সংগীত প্ৰযোজনা দিগন্ত বাণিক্যৰ। গীতটিত এডিশ্বনেল প্ৰগ্ৰেমিং মাছমিথৰ, ঢোল গগণ শৰ্মাৰ আৰু গীতাৰ বজাইছে তপন দাসে। বাঁহী বজাইছে কৈলাশ ৰাভাই। আনহাতে, শব্দ-সংমিশ্ৰণ কৰিছে পিংকু দাসে। ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই, দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। আৰু, গীতটিত অভিনয় কৰিছে নিৰূপম আৰু দীপিকা নাথে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.