Rupaliparda.com
পিছুৱাই দিয়া হ'ল KGF 2 ৰ মুক্তিৰ তাৰিখেঃ আকৌ স্তব্ধ সকলো- 1

পিছুৱাই দিয়া হ’ল KGF 2 ৰ মুক্তিৰ তাৰিখেঃ আকৌ স্তব্ধ সকলো-

ভাৰতে বৰ্তমান বহু বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে। কেওঁদিশ কেৱল সন্ত্ৰাসগ্ৰস্ত হৈ পৰিছে; স্তব্ধতা সনা হৈছে চৌদিশে। পূৰ্বৰ দৰে আকৌ এবাৰ স্তব্ধ হৈছে মনোৰঞ্জন ক্ষেত্ৰ; মহাৰাষ্ট্ৰক বৰ্তমানৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে পূৰ্ণৰূপত গ্ৰাস কৰিছে; কেইবাখনো ঠাইত ইতিমধ্যে ঘোষণা কৰা হৈছে সম্পূৰ্ণ “লক-ডাউন”। ইয়াৰ লগতে, এইকেইটা দিনত কেইবাগৰাকীও বলীউড চিলেব্ৰেটী ক’ৰোণাত গ্ৰাসত সোমাইছে। আৰ মাধৱন, কাৰ্তিক আৰিয়ন, মিলিন্দ সুমন, আলিয়া ভাট, মনোজ বাজপেয়ী, ৰণৱীৰ কাপুৰো আদিকে আৰু কেইবাগৰাকীও অভিনেতা- অভিনেত্ৰী ক’ৰোণাৰ গ্ৰাসত অহা বাবে হৈছিল কোৱাৰেন্টাইন। আনহাতে, ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়াও পৰিলক্ষিত হৈছে। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। কিন্তু, এইখিনিতে আপোনালোকক দিবলৈ ওলাইছো এটা বেয়া খবৰ; বহু প্ৰত্যাশিত ছবি KGF 2 ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। “সত্যমেৱ জয়তে”, “ৰাধে” আদিৰ দৰে আহিবলগীয়া ছবিসমূহৰ মাজত বহু চৰ্চিত ছবি আছিল KGF 2।

পিছুৱাই দিয়া হ'ল KGF 2 ৰ মুক্তিৰ তাৰিখেঃ আকৌ স্তব্ধ সকলো- 2


ছবিখনৰ মুক্তিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে; কিন্তু তাৰপিছতো ক’ৰোণাৰ প্ৰকোপৰ ফলত ছবিখনৰ মুক্তিৰ তাৰিখ আগবঢ়াই দিয়া হৈছে। অতি সোনকালেই ইয়াৰ ৰাজহুৱা ঘোষণা কৰা হ’ব। উক্ত ছবিখনক লৈ যদিও প্ৰতিজন দৰ্শক উৎসাহিত হৈ আছিল, তৎস্বত্বেও এতিয়া ক’ৰোণা মহামাৰীৰ ফলত প্ৰতিজন ব্যক্তি পিছুৱাই যাবলগীয়া হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform