Rupaliparda.com
সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 1

সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ “ফিছা”; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ

সমালোচকৰ পৰা আৰম্ভ কৰি অসমীয়া দৰ্শক সমাজক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৱেব চিৰিজ “ফিছা” ৰ প্ৰশংসাৰে পৰিপূৰ্ণ এতিয়া চচিয়েল মিডিয়া। একঘেয়ামিতাৰ পৰা ফালৰি কাটি ৰহস্যৰে পৰিপূৰ্ণ এটা ঘটনাৰ পুংখানুপুংখ উপস্থাপনেৰে সফল এই অসমীয়া ৱেব চিৰিজখনে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৱেব চিৰিজ সমূহৰ সৈতেও থিয় দিবলৈ সক্ষম হৈছে। অৱশ্যে, এইখিনি কথা কোৱাৰ লগে লগে ই অতিৰঞ্জিত এইবাবেই হোৱা নাই কিয়নো চিৰিজখনৰ খণ্ডসমূহৰ এক ধনাত্মক পৰ্যালোচনা ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে। OTT প্লেটফৰ্ম ReelDrama ত উপলদ্ধ হোৱা এই চিৰিজখনত এগৰাকী প্ৰখ্যাত সমাজসেৱকৰ হত্যাৰ কাণ্ড অন্তৰ্ভূক্ত কৰা হৈছে; কাহিনীভাগৰ প্ৰথমছোৱাত যদিও এই কেছটোক “অপেন এণ্ড শ্বাট” বুলি কোৱা হৈছিল তথাপিও পিছলৈ “মাছ” ৰ ফিছাৰ অস্তিত্বৰ মাজেৰে জনসাধাৰণৰ ওপৰত পৰা ইয়াৰ মনস্তাত্বিক প্ৰভাৱৰ এটা দিশ কাহিনীভাগত সংযোজন কৰা হৈছে। ৰোমাঞ্চ, ৰহস্যকে আৰম্ভ কৰি ষড়যন্ত্ৰৰে পৰিপূৰ্ণ “ফিছা” ত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয় উচ্চ মানদণ্ডৰ। বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা লগতে ৰাজীৱ গোস্বামীৰ দৰে একোজন জনপ্ৰিয় তাৰকাৰ অভিনয়ৰ মজবুত দিশটো এই ৱেব চিৰিজখনত সুন্দৰ ৰূপত ফুঁটি উঠা বুলি ইতিমধ্যে দৰ্শকে কমেন্ট কৰিছে।

সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 2


আকৰ্ষণীয় ছাছপেন্স ৱেব শৃংখলাটোৰ পৰিচালনা কৰিছে সংকল্পজিৎ হাজৰিকাই লগতে চিত্ৰনাট্য ৰচনা কৰিছে প্ৰণৱ বৰুৱাই। আনহাতে ইয়াৰ বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে শিৱব্ৰত শৰ্মা। “ফিছা” ৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে। “ফিছা” ত দেখুওৱা দৰ্শকৰ ইচ্ছাই এতিয়া ৱেব চিৰিজখনৰ পৰিচালক সংকল্পজিৎ হাজৰিকাকো উৎকন্ঠিত কৰি তুলিছে। উল্লেখ্য যে, ReelDrama ত একোখন সুন্দৰ অসমীয়া ছবিৰ লগতে দৰ্শকে উপভোগ কৰিবলৈ পাব ৱেব চিৰিজ, সংগীত, কৌতুক, কবিতা, ৰন্ধন প্ৰণালী আৰু ভক্তিমূলক অনুষ্ঠান ইত্যাদি। আনহাতে, উক্ত OTT প্লেটফৰ্মটোত শিশুসকলৰ বাবে এক নিৰ্দ্দিষ্ট শাখাও অন্তৰ্ভূক্ত কৰা হৈছে; মুঠতে, সৰ্বাংগসুন্দৰ হৈ জনসাধাৰণৰ মাজলৈ ওলাই আহিছে এই প্লেটফৰ্মটো। ৰাইজৰ মাজতো নতুন কিবা এটা উপভোগ কৰাৰ এক সুন্দৰ ইচ্ছা পৰিলক্ষিত হৈছে। সঁচাকৈ ক’বলৈ গ’লে স্তব্ধতাৰ মাজতো স্তব্ধ নোহোৱাকৈ ৰোৱা মনোৰঞ্জন ক্ষেত্ৰখনত ReelDrama হৈছে আশাৰ ৰেঙণি; য’ত দৰ্শকে লাভ কৰিছে নতুনত্ব।

সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 3
সৰ্বত্ৰে চৰ্চিত ReelDrama ৰ "ফিছা"; ধনাত্মক কমেন্ট ৱেব চিৰিজখনতঃ 4


ReelDrama ৰ লগতে সংকল্পজিৎ হাজৰিকাৰ দৰ্শকক কিবা এটা নতুন দিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াসক বৰ্তমান প্ৰতিজন জনসাধাৰণৰ লগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও যাঁচিছো অশেষ শুভকামনা। পৰিচালক গৰাকীৰ পৰিচালনাৰে আন একাংশ প্ৰকল্পক লৈ বৰ্তমান প্ৰস্তুত হৈছে দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform