Rupaliparda.com
"মই ভৱিষ্যতে এনে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছো য'ত থাকিব সমাজৰ সত্যবোৰ।"- অধিৰাজ কাশ্যপ 1

“মই ভৱিষ্যতে এনে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছো য’ত থাকিব সমাজৰ সত্যবোৰ।”- অধিৰাজ কাশ্যপ

মনোৰঞ্জন ক্ষেত্ৰখনে যেতিয়া কোনো এজন ব্যক্তিক আকৰ্ষণ কৰে তেতিয়া সেই দিশটোক লৈ নিজ সক্ৰিয়তা বৃদ্ধি পায় আৰু দিশটোৰ ক্ষেত্ৰত নিজক উচৰ্গা কৰে; আমি এনে বহু নৱপ্ৰজন্ম দেখিছো যিয়ে প্ৰত্যেক দিনাই এই দিশটোত নিজ কৰ্ম সম্পাদন কৰি গৈ আছে। নৱপ্ৰজন্মৰ পৰিচালক ৰূপে একোগৰাকী পৰিচালকৰ প্ৰতিটো প্ৰকল্পই সমাদৰ লাভ কৰা আমি দেখিছো। নহয়নে? তেওঁলোকৰ প্ৰকল্প সমূহে আমাক আমোদ দিয়াৰ সমান্তৰালকৈ কোনো এটা নিৰ্দ্দিষ্ট বিষয়ত আমাক জ্ঞান দিবলৈও সক্ষম হয়। কিছুদিন পূৰ্বে আমি আপোনোলোকক এখন তথ্যচিত্ৰ Brocken Spectre ৰ বিষয়ে জনাইছিলো; তথ্যচিত্ৰখনত এগৰাকী শিল্পী পৱিত্ৰ ৰাভাৰ বিষয়ে দেখুওৱা হৈছিল। যিজনে ব্যতিক্ৰমী “দাপোন- ডা মিৰ’ৰ” নামেৰে এটা দল নিৰ্মাণ কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰশংসিত হৈছিল। এই তথ্যচিত্ৰখনৰ পৰিচালনাৰ দায়িত্বত আছিল নৱপ্ৰজন্মৰ প্ৰতিভা অধিৰাজ কাশ্যপ। শেহতীয়াকৈ তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা-বতৰা, পৰিচালনাৰ দিশটোত কেতিয়াৰ পৰা জড়িত বুলি সোধা প্ৰশ্নৰ উত্তৰত অধিৰাজ কাশ্যপে কয় যে,”এই ক্ষেত্ৰখনৰ সৈতে আনুষ্ঠানিক ভাৱে জড়িত হোৱা মোৰ বেছি দিন হোৱা নাই। দিল্লী বিশ্ববিদ্যালয়ত স্নাতক কৰি থকা সময়ত এই চিনেমাৰ জগত খনে মোক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে; বিশেষকৈ যেতিয়া দেশ-বিদেশৰ ভিন্ন জন পৰিচালকৰ পৰিচালনাৰ দিশটো মন কৰিছিলো তেতিয়া ই বেছি আমোদ জনক হৈ পৰিছিল। যদিও সেই সময়ত এজন নিৰ্মাতা ৰূপে নিজক দেখিম বুলি ভবা নাছিলো তথাপিও আশা আছিল। স্নাতকোত্তৰ ডিগ্ৰী লোৱা পিছত মই নিজকে অনুধাৱন কৰি এইক্ষেত্ৰখনত নামিলো; FTII ৰ পৰিচালনা বিভাগত নামভৰ্তি কৰিলো আৰু সুভাগ্যবশতঃ মই এবাৰতেই এই সুবিধা পালো। তাত নামভৰ্তি কৰা পূৰ্বে মই ২০১৮ চনত প্ৰথমখন তথ্যচিত্ৰ “Brocken Spectre” নিৰ্মাণ কৰিছিলো; যিখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।”

"মই ভৱিষ্যতে এনে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছো য'ত থাকিব সমাজৰ সত্যবোৰ।"- অধিৰাজ কাশ্যপ 2


এগৰাকী পৰিচালক ৰূপে তেওঁক কেনেধৰণৰ প্ৰকল্পই আকৰ্ষণ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এগৰাকী শিল্পীৰ দায়িত্বই হৈছে সমাজৰ এখন বাস্তৱ ছবিক ৰাইজৰ মাজলৈ লৈ অনা। এনেক্ষেত্ৰত ছবি পৰিচালক এগৰাকীৰ বাবে এই কথাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ এখন “ছবি” এটা অডিঅ’ ভিজুৱেল মাধ্যম; গতিকে, এই মাধ্যমটোৰ জৰিয়তে সমাজখনৰ নিজৰ আশা, প্ৰত্যাশা, আকাংক্ষাকে ধৰি সমূহীয়া সমস্যা আদিক প্ৰকৃত ৰূপত ৰূপালীপৰ্দাত প্ৰতিফলিত কৰা প্ৰত্যেকজন পৰিচালকৰেই দায়িত্ব। পৰিচালক ৰূপে মই এনে কাহিনীৰ প্ৰতি আকৰ্ষিত হওঁ যিয়ে সমাজৰ মৌলিক বৈশিষ্ট্য বোৰ, মানৱীয় দিশবোৰ আৰু মানুহৰ মনৰ জটিলতা বোৰ বিতংকৈ উপস্থাপন কৰিব পাৰে। মই ভৱিষ্যতে এনে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছো য’ত থাকিবসমাজৰ সত্যবোৰ। ইয়াৰ উপৰিও, আমাৰ চিনেমা বোৰত কাৰিকৰী দিশটো অৰ্থাৎ সম্পাদনা, চাউণ্ড ডিজাইন আদিত গুৰুত্ব দিয়া নহয়। তাৰে ফলত প্ৰকৃত “চিনেমেটিক ভাষা” এটা ভালদৰে প্ৰকাশ পায়। Nuri Bilge Ceylan, Hou Hsiao-Hsien, Abbas Kiarostami, Andrei Tarkovsky, Satyajit Ray, Krzysztof Kieslowski, Asghar Farhadi, Stanley Kubrick, Claire Denis Michelangelo Antonioni, Yasujiro Ozu, Federico Fellini ,Ingmar Bergman আদিৰ দৰে পৰিচালকৰ ছবিয়ে মোক আজিও আকৰ্ষণ কৰে কিয়নো তেওঁলোকৰ ছবিৰ গঠনশৈলী বৰ সুন্দৰ।” পৰিচালক গৰাকীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে, “মই বৰ্তমান এগৰাকী FTII ত অধ্যয়নৰত ছাত্ৰ। তাত কটোৱা ডেৰটা বছৰত অৰ্থাৎ মোৰ তৃতীয়টো ষান্মাষিকলৈ মই এখন চুটি ছবি নিৰ্মাণ কৰাৰ লগতে শ্ৰেণীকোঠাৰ ভিন্ন প্ৰকল্পত পৰিচালক ৰূপে জড়িত হৈছো।”

"মই ভৱিষ্যতে এনে ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছো য'ত থাকিব সমাজৰ সত্যবোৰ।"- অধিৰাজ কাশ্যপ 3


তেওঁ আগলৈ কয় যে, “ক’ভিড ১৯ ৰ কাৰণে দেখা দিয়া সমস্যাবোৰৰ বাবে আমাৰ এতিয়া শিক্ষানুষ্ঠান বন্ধ। বৰ্তমান বিভিন্ন পৰিচালকৰ প্ৰকল্পত মই এগৰাকী চিত্ৰনাট্য লেখক ৰূপে জড়িত হৈ আছো। বাকী পৰৱৰ্তী সময়ত, পৰিস্থিতি ভাল হ’লে বাকী থকা প্ৰকল্প সমূহ আগবঢ়াই নিম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform