Rupaliparda.com
মজদুৰৰ খাদ্যৰ যোগান ধৰোতা ছলমান খানে প্ৰথমে নিজে লৈছে সোঁৱাদ! 1

মজদুৰৰ খাদ্যৰ যোগান ধৰোতা ছলমান খানে প্ৰথমে নিজে লৈছে সোঁৱাদ!

ক’ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে পুনৰ বাৰ ৰাইজক ব্যতিব্যস্ত কৰি তোলাত সক্ষম হৈছে। আকৌ এবাৰ, মজদুৰ শ্ৰেণীৰ লোকসকলৰ জীৱনলৈ এক প্ৰত্যাহ্বান নামি আহিছে; মজদুৰ শ্ৰেণীৰ একাংশই শেহতীয়াকৈ নিজ নিজ বাসগৃহলৈ উভতি অহাৰ সমান্তৰালকৈ একাংশ চিন্তাগ্ৰস্ত হৈছে। কিন্তু, এই আটাইবোৰ বিভীষিকাৰ মাজত সকাহ হৈ থিয় দিছে একাংশ তাৰকা-শিল্পী; বিগত বৰ্ষত ক’ৰোণাৰ প্ৰথমটো ঢৌৰ সময়ত বহু মজদুৰক আৰ্থিক দিশটোৰ পৰা আৰম্ভ তেওঁলোকৰ থকা-খোৱাৰ ক্ষেত্ৰতো সহায় আগবঢ়াইছিল অভিনেতা ছলমান খানে। এইবাৰো ঠিক তেনেদৰে মজদুৰ শ্ৰেণীলৈ আহাৰৰ ব্যৱস্থা কৰিছে অভিনেতা গৰাকীয়ে; শেহতীয়াকৈ চচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। য’ত অভিনেতা ছলমান খানে মজদুৰ শ্ৰেণীক খাদ্যৰ যোগান ধৰি থকা অৱস্থাত তাত উপস্থিত থাকি যোগান ধৰা খাদ্যসমূহৰ প্ৰথমে সোঁৱাদ লয় আৰু তাৰপিছতহে মজদুৰ সকললৈ প্ৰেৰণ কৰে। মহানুভৱতাৰ নিদৰ্শন দাঙি ছলমান খানে কৰা এই কামৰ প্ৰশংসা কৰিছে এতিয়া তেওঁৰ প্ৰতিজন অনুৰাগীৰ লগতে দৰ্শকে। ছলমান খানৰ আহিবলগীয়া ছবি “ৰাধে” জনসাধাৰণৰ সমুখত প্ৰায় প্ৰত্যেকদিনাই চৰ্চা লাভ কৰি আহিছে। লক-ডাউনৰ পূৰ্বৰে পৰা ছবিখনৰ শ্বুটিং চিড্যুল আৰম্ভ হৈছিল যদিও “লক-ডাউন” ৰ ফলত ইয়াক ৰখাই দিয়া হৈছিল আৰু “ঈদ” ত ছবিখনে লাভ কৰিব মুক্তি। ৰাধে” ত ছলমান খানক আকৌ এবাৰ আৰক্ষীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব যদিও “ডবংগ” চিৰিজৰ আৰক্ষী চৰিত্ৰতকৈ ছলমান খানৰ এইবাৰৰ চৰিত্ৰটো সম্পূৰ্ণ বেলেগ হ’ব।

মজদুৰৰ খাদ্যৰ যোগান ধৰোতা ছলমান খানে প্ৰথমে নিজে লৈছে সোঁৱাদ! 2

“ডবংগ” ছবিখনত চুলবুল পাণ্ডে হৈ যেনেদৰে ছলমানে সকলোকে হহুঁৱাইছিলে, নচোৱাইছিলে কিন্তু এইবাৰ আহিবলগীয়া ছবিখনত ছলমান খানে খুব কমকৈহে হাঁহিব। আটাইতকৈ গম্ভীৰ আৰু খঙাল ৰূপত এইবাৰৰ আৰক্ষী হৈ ওলাই আহিব ছলমান খান। এই বিষয়ে ছবিখনৰ নিৰ্দেশক প্ৰভূ দেৱাৰ সৈতে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে পতা কথা-বতৰাত তেওঁ কয় যে, “ছলমান ছাৰে পূৰ্বে ৰূপায়ন কৰা চুলবুল পাণ্ডে ৰ চৰিত্ৰটোৰ দৰে যদি “ৰাধে” ৰ চৰিত্ৰটোও হয় তেতিয়াহ’লে এইখন ছবিও “ডবংগ” চিৰিজৰ দৰেই পৰিগণিত হ’ব।” এগৰাকী আৰক্ষী বিষয়া ৰূপে ধীৰ-সুস্থিৰ আৰু গম্ভীৰতা লগতে কোনো অপৰাধীকে সাৰি যাবলৈ সুবিধা নিদিয়া বিধৰ হ’ব এইবাৰৰ আৰক্ষী ছলমান খান। উল্লেখ্য যে, উক্ত ছবিখনৰ ক্লাইমেক্সৰ বাবে অভিনেতা ছলমান খানে দিব হয়তো ৭.৫০ কোটি টকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform