Rupaliparda.com
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 1

চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে:

এগৰাকী ১২ বছৰীয়া কন্যাক জীৱন্তে জ্বলোৱা কাৰ্যক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে সৰ্বত্ৰে। দীপলিনা ডেকাকে আৰম্ভ কৰি সুকন্যা বৰুৱা, নীল আকাশ, আচুৰ্য্য বৰপাত্ৰলৈ এই বিষয়টোত তেওঁলোকৰ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দোষীৰ উচিত শাস্তিৰ কথা কয়। মালিকীস্বত্ব দেখুওৱা দুই অমানুহ ক্ৰমে প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰে তেওঁলোকৰ ঘৰতেই বনকৰা ১২ বছৰীয়া কিশোৰী চুমিলা ৰংহাংপীক পৰিকল্পিত ভাৱে ২২ এপ্ৰিলত কৰা হত্যাকাণ্ডৰ বিচাৰ কৰি অভিযুক্তক উচিত শাস্তিৰ দাবী কৰিছে এতিয়া প্ৰতিগৰাকী সাধাৰণজনেও। এই ঘটনাৰ সন্দৰ্ভত ৰহা আৰক্ষীয়ে ৰহা আৰক্ষী থানাত ৯৭/২১ নম্বৰত ৩০২, ১২০বি ধাৰাত এটা গোচৰ ৰুজু কৰি  অভিযুক্ত পিতা -পুত্ৰৰ যুঁটিটোক আটক কৰাৰ লগতে অব্যাহত ৰাখিছে নিজ সোধ-পোছ। জানিব পৰা মতে, আৰক্ষীয়ে যোৱা তিনিদিনৰ বাবে পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক অধিক জেৰাৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছিল যদিও অভিযুক্তই কোনো মুখ নোখোলাত পুনৰ তিনিদিনৰ বাবে সোধপোচৰ বাবে আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীৰ জিম্মালৈ আনিছে। চচিয়েল মিডিয়াত এতিয়া শিল্পী সমাজে এই বিষয়ত সক্ৰিয়তা দেখুওৱাত অনুৰাগীও তেওঁলোকৰ সৈতে থিয় হোৱাৰ কথা ব্যক্ত কৰে।

চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 2


ৰাজ্যত এনে দূৰ্ভাগ্যজনক ঘটনা নতুন নহয়; কিন্তু নতুন নহ’লেও এনেবোৰ প্ৰত্যেককে শোকস্তব্ধ কৰি গৈছে। বৰ্তমান কিশোৰী গৰাকীক ন্যায় প্ৰদানৰ বাবে প্ৰত্যেকে থিয় দিছে। চাওঁচোন এওঁলোকৰ পোষ্ট সমূহঃ

চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 3
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 4
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 5
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 6
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 7
চুমিলা ৰংহাংপীক ন্যায় প্ৰদানৰ বাবে সক্ৰিয়তাৰে মত প্ৰকাশ কৰিছে শিল্পী সমাজে: 8

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.