Rupaliparda.com
জীবলৈ "বেপাৰী" হ'লেও অপকাৰ কিহৰ? প্ৰিয়ংকা ভৰালীৰ যুক্তিত থকা-সৰকা ঘোষকঃ 1

জীবলৈ “বেপাৰী” হ’লেও অপকাৰ কিহৰ? প্ৰিয়ংকা ভৰালীৰ যুক্তিত থকা-সৰকা ঘোষকঃ

চচিয়েল মিডিয়াত এতিয়া হেছটেগ #standwithpriyankabharali লিখি একাংশ শিল্পী, কলা-কুশলীয়ে থিয় দিছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সৈতে। এক টক-শ্ব’ যোগে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীক এটা ব্যক্তিগত সংবাদ-মাধ্যমৰ ঘোষক এগৰাকীয়ে অসন্মান কৰাৰ কথাত এতিয়া তীব্ৰ গৰিহণা দিছে প্ৰত্যকেজনে। “শিল্পী” শব্দটোৰ অৰ্থ আপোনালোকে কি বুজে? এই শব্দটোৰ অৰ্থৰ বহুল পৰিসৰটোৰ বিষয়ে আমি প্ৰত্যেকেই অৱগত কিন্তু যেতিয়া এই “শিল্পী” শব্দটোৰ সৈতে ঘোষক গৰাকীয়ে “বেপাৰী” ৰ প্ৰসংগ একাষাৰে টানি আনিলে তেতিয়া আচলতে প্ৰিয়ংকা ভৰালীয়ে তেওঁক দিয়া উত্তৰ সমূহে কন্ঠশিল্পী গৰাকীৰ প্ৰতি অনুৰাগীক আকৰ্ষণ কৰাৰ সমান্তৰালকৈ তেওঁৰ সৈতে থিয় দিয়াৰ কথাও প্ৰকাশ কৰে বহুতে। আপোনালোকক জনাই দিওঁ যে, বিগত দিনত কন্ঠশিল্পী তথা সংগীত শিল্পী সমূহে ক’ভিড প্ৰটক’ল গম পোৱাৰ পিছতো ফাংচন সমূহ কৰা আৰু বিগত দিনত মনোৰঞ্জন ক্ষেত্ৰলৈ অহা অতিকৈ বেয়া খবৰ ভিতালী দাসৰ মৃত্যুৰ দিনাও প্ৰিয়ংকা ভৰালী আৰু বিপিন চাউদাঙে কৰা অনুষ্ঠানক কেন্দ্ৰ কৰি উক্ত ব্যক্তিগত সংবাদ মাধ্যমে ঋণাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ বাবেই নিজ স্পষ্টীকৰণ ৰাইজৰ সমুখত দাঙি ধৰাৰ স্বাৰ্থত টক-শ্ব’ ত উপস্থিত হৈছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী।

https://www.instagram.com/tv/COIADGlHhs4/?utm_source=ig_web_copy_link


পিছলৈ, টক-শ্ব চলি থকা সময়ত ঘোষক গৰাকীক প্ৰিয়ংকা ভৰালীয়ে নিজ যুক্তিৰে থকা-সৰকাও কৰাও দেখিবলৈ পোৱা যায়। চচিয়েল মিডিয়াত কেৱল মাত্ৰ অনুৰাগী বুলিয়ে নহয়, তেওঁৰ সমৰ্থনত নামি পৰে অসমীয়া শিল্পী সমাজো। কিন্তু, পৰৱৰ্তী সময়ত আকৌ সংবাদ মাধ্যমটোৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, প্ৰিয়ংকা ভৰালী, ঘোষক দেৱজিৎ ভূঞা আৰু মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ এখন ফটো চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। যাৰ বাবে টক-শ্ব’ৰ ঘটনাটোক একাংশ লোকে “অভিনয়” ৰো আখ্যা দিয়ে যদিও এই বিষয়টোক লৈও নিজ স্পষ্ট বাখ্যা দাঙে প্ৰিয়ংকা ভৰালীয়ে। আগন্তুক সময়ৰ বাবে ব্যক্তিগত সংবাদ মাধ্যমটোক বয়’কট কৰাৰ লগতে তেওঁলোকৰ চেনেলত কন্ঠশিল্পীগৰাকীৰ কোনোধৰণৰ গীত নবজবালৈও আহ্বান জনায়। তেওঁ কয় যে, “ৰাইজক মই ক’ব খোজো যে আমি কষ্ট কৰি উঠা মানুহ আমি কষ্ট কৰি যাম। আগতেও কোনো ধৰণৰ বুজাবুজি কৰা নাই ভৱিষ্যতলৈও নকৰোঁ।‘ প্ৰিয়ংকা ভৰালীৰ সৈতে সমগ্ৰ ঘটনাক লৈ একাংশই কয় যে, “বেপাৰ কৰিলেও বিক্ৰী যোৱা নাই”।

জীবলৈ "বেপাৰী" হ'লেও অপকাৰ কিহৰ? প্ৰিয়ংকা ভৰালীৰ যুক্তিত থকা-সৰকা ঘোষকঃ 2


আগন্তুক সময়ত প্ৰিয়ংকা ভৰালী আৰু শিল্পী সমাজৰ সমুখত সংবাদ মাধ্যম তথা ঘোষক গৰাকী ক্ষমা বিচাৰে নে নাই সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform