Rupaliparda.com
"…কথাবোৰ গম পাই সঁচাকৈ ক'বলৈ গ'লে মোৰ চকুপানী ওলাইছিল"- অংশুপ্ৰতিম শইকীয়া 1

“…কথাবোৰ গম পাই সঁচাকৈ ক’বলৈ গ’লে মোৰ চকুপানী ওলাইছিল”- অংশুপ্ৰতিম শইকীয়া

আপোনালোকৰ নিশ্চয় এগৰাকী এনে প্ৰতিভাৰ বিষয়ে মনত আছে যিগৰাকী কিছুদিন পূৰ্বে লিভাৰৰ অসুখত ভূক্তভোগী হোৱাৰ পিছতেই তেওঁক লৈ বিভিন্ন জনে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে, তেওঁ বৰ্তমান সম্পূৰ্ণ সূস্থ আৰু আকৌ এবাৰ আপোন সকলৰ মাজলৈ উভতি আহিছে। তেওঁৰ নাম অংশুপ্ৰতিম শইকীয়া; বৰ্তমান মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ অংশুপ্ৰতিম শইকীয়া কবিতা আবৃত্তি লগতে অভিনয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰা এইগৰাকী প্ৰতিভা অংশুপ্ৰতিমক জীৱন-মৰণৰ এই যুদ্ধৰ পৰা উদ্ধাৰ কৰিবলৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো বহু শিল্পী, কলা-কুশলীয়ে নিজ চেষ্টা অব্যাহত ৰাখিছিল। আমি শেহতীয়াকৈ এইগৰাকী প্ৰতিভাৰেই কাষ চাপিছিলো; তেওঁৰ সৈতে পাতিছিলো বিভিন্ন কথা। আমি প্ৰত্যেকেই একোজন প্ৰতিভাৰ আদৰ কৰো, তেওঁলোকে নিজ সপোনসমূহ সাৰ্থক কৰাৰ স্বাৰ্থত যি প্ৰচেষ্টা হাতত লয় সেই প্ৰচেষ্টা সমূহক লৈও আমি উৎসাহী হওঁ। গতিকে, এই প্ৰতিভাসমূহক সহায় কৰিবলৈয়ে প্ৰতিজন মনোৰঞ্জন প্ৰেমী সাধাৰণজন প্ৰস্তুত হৈ পৰে। ২০১৭ চনৰ পৰাই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এইগৰাকী অংশুপ্ৰতিমৰ অসূস্থ অৱস্থাত বন্ধুবৰ্গই তেওঁৰ অভিনয় প্ৰদৰ্শন তথা কবিতা আবৃত্তিৰ বিভিন্ন ভিডিঅ’ চচিয়েল মিডিয়া যোগে আপলোড কৰি তেওঁৰ বিষয়ে জনসাধাৰণক জনাবলৈ চেষ্টা কৰিছিল।

"…কথাবোৰ গম পাই সঁচাকৈ ক'বলৈ গ'লে মোৰ চকুপানী ওলাইছিল"- অংশুপ্ৰতিম শইকীয়া 2


শাৰীৰিকভাৱে অসূস্থ থকা অৱস্থাত অসমবাসীৰ তেওঁৰ প্ৰতি আন্তৰিকাই তেওঁক সূস্থ কৰি তুলিছিল; অংশুপ্ৰতিমে এইক্ষেত্ৰত কয় যে, “এই গোটেই কথা খিনি মই গম পাইছিলো যেতিয়া মোক NAMECARE HOSPITALৰ ভেন্টিলেচনৰ পৰা কেবিনলৈ লৈ অনা হৈছিল।ৱসেইদিনাই ৰাতি মোৰ বন্ধু কেইজনে কথাবোৰ কৈছিল। সিহঁতেই মোক জনাইছিল যে, “তোক কিমান ৰাইজে সহায় কৰিছে, কিমানে তোৰ আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা কৰিছে, ৰবি দা, জুবিন দা, আচুৰ্য্য দায়ে তোক বহুত সহায় কৰিছে।” কথাবোৰ গম পাই সঁচাকৈ ক’বলৈ গ’লে মোৰ চকুপানী ওলাইছিল। ৰাইজৰ সহায় আৰু আশীৰ্বাদে মোক যমৰ দুৱাৰ দলিৰ পৰা উভতাই আনিলে। মই তেতিয়া অনুভৱ কৰিছিলো যে মই জীয়াই থকাৰ কাৰণ আছে, বহুত কাম কৰিবলৈ আছে অভিনয়ৰ জৰিয়তে এই সমাজ খনত। মনটোত বহুত জোৰ পাইছিলো আৰু সেই কাৰণেই হয়টো ক্ৰমাৎ সুস্থ হৈ উঠিছো। ৰাইজৰ ওচৰত আজি মই চিৰকৃতজ্ঞ লগতে ভৱিষ্যতে মই নিজৰ কামসমূহৰ দ্বাৰা সকলোকে সুখী কৰাৰ চেষ্টা কৰিম।” ভৱিষ্যতে পেছাগত ভাৱে এইক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ বিষয়ত প্ৰশ্ন কৰাত তেওঁ কয় যে, “এতিয়ালৈকে তেনেকুৱা কোনো পৰিকল্পনা নাই; কাৰণ নাটক, অভিনয় আদি মোৰ কাৰণে এতিয়া নিচা হৈ আছে।”

"…কথাবোৰ গম পাই সঁচাকৈ ক'বলৈ গ'লে মোৰ চকুপানী ওলাইছিল"- অংশুপ্ৰতিম শইকীয়া 3
"…কথাবোৰ গম পাই সঁচাকৈ ক'বলৈ গ'লে মোৰ চকুপানী ওলাইছিল"- অংশুপ্ৰতিম শইকীয়া 4


শেষলৈ, অংশুপ্ৰতিমৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “শিল্পী” শব্দটো অৱশ্যে বহুত বিশাল। ইয়াত থাকে ত্যাগ, কষ্ট, সাধনা, ধ্যান, ধৈয্য, শ্ৰদ্ধা ইত্যাদি। এই গুণৰ গৰাকীয়ে হৈছে শিল্পী।”

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform