Rupaliparda.com
ক'ভিডৰ প্ৰকোপঃ সলনি "সত্যমেৱ জয়তে ২" ৰ মুক্তিৰ তাৰিখঃ 1

ক’ভিডৰ প্ৰকোপঃ সলনি “সত্যমেৱ জয়তে ২” ৰ মুক্তিৰ তাৰিখঃ

অনাকাংক্ষিত তথা এক উত্তৰহীন প্ৰশ্নৰ মাজলৈ গতি কৰিছে ছবি জগতখন। প্ৰত্যেকেই হতাশ হৈছে; মহাৰাষ্ট্ৰত বৰ্তমানেও অব্যাহত আছে ক’ৰোণাৰ তাণ্ডৱ। যাৰ ফলত “লক-ডাউন” কিছুদিনলৈ বঢ়াই দিয়া হৈছে আৰু স্তব্ধতা সনা হৈছে ছবিসমূহৰ শ্বুটিং চিড্যুলটো। কিন্তু এইখিনিতে আপোনালোকক দিবলৈ ওলাইছো আন এক দুঃখবৰ। চলিত বৰ্ষৰ বহু প্ৰত্যাশিত ছবি “সত্যমেৱ জয়তে ২” ৰ পিছুৱাই দিয়া হৈছে মুক্তিৰ তাৰিখ। কেজিএফকে ধৰি আন একাংশ ছবিৰ দৰেই অনুৰাগী অপেক্ষাৰত উক্ত ছবিখনৰো মুক্তি তাৰিখ সন্দৰ্ভত কোনো নিৰ্দ্দিষ্ট সিদ্ধান্ত লোৱা নাই পৰিচালনা গোষ্ঠীয়ে। তেওঁলোকে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “দেশৰ এনে সময়ছোৱাত আমাৰ প্ৰত্যেকৰে স্বাস্থ্য আৰু সজাগতা আন সকলো বস্তুতকৈ উৰ্দ্ধত। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সত্যমেৱ জয়তে ২” ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। তেতিয়ালৈকে আটাইয়ে মাস্ক পিন্ধক আৰু সূস্থ থাকক।” আনহাতে, উল্লেখ্য যে, এইবাৰ ঈদত কেৱল মাত্ৰ ছলমান খানেই নহয় একেলগে অহাৰ কথা আছিল অভিনেতা জন আব্ৰাহামো। এইবাৰ ঈদত “ৰাধে” আৰু জন আব্ৰাহামৰ “সত্যমেৱ জয়তে ২” ৰ অৰিয়া-অৰি হোৱাৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছিল !

ক'ভিডৰ প্ৰকোপঃ সলনি "সত্যমেৱ জয়তে ২" ৰ মুক্তিৰ তাৰিখঃ 2

দুয়োখন ছবিৰেই মুক্তিৰ তাৰিখ ধাৰ্য্য কৰা হৈছিল ১৩ মে তাৰিখেই। ১৪ মে’ তাৰিখে মুক্তি পাবলগীয়া “সত্যমেৱ জয়তে ২” ৰ মুক্তিৰ তাৰিখ এদিন আগুৱাই দিয়া হৈছিল আনহাতে, ছলমান খানে “ৰাধে” ৰ পোষ্টাৰ মুক্তিৰ জৰিয়তে কৈছিল যে, “ঈদত অহাৰ কথা দিছিলো; ঈদতেই আহিছো।” কিন্তু পৰিস্থিতিৰ কৱলত পৰি শেহতীয়াকৈ সকলো স্তব্ধ হৈছে। আনহাতে, KGF 2 ছবিখনৰো মুক্তিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল যদিও ক’ৰোণাৰ প্ৰকোপৰ ফলত ছবিখনৰ মুক্তিৰ তাৰিখ আগবঢ়াই দিয়া হৈছে। অতি সোনকালেই ইয়াৰ ৰাজহুৱা ঘোষণা কৰা হ’ব। উক্ত ছবিখনক লৈ যদিও প্ৰতিজন দৰ্শক উৎসাহিত হৈ আছিল, তৎস্বত্বেও এতিয়া ক’ৰোণা মহামাৰীৰ ফলত প্ৰতিজন ব্যক্তি পিছুৱাই যাবলগীয়া হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform