চুটি ছবি আৰু আমি; প্ৰথমতেই আপোনালোকক কয় থওঁ যে, আমি শেহতীয়াকৈ যি সমূহ চুটি ছবি উপভোগ কৰিছো সেয়া প্ৰতিখন চুটি ছবিয়ে আমাক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ উপস্থাপন শৈলীও আছিল মন কৰিবলগীয়া। একোখন চুটি ছবিৰ নতুন কাহিনী আৰু নিৰ্মাতা গোষ্ঠীৰ মন কৰিবলগীয়া উপস্থাপন শৈলীয়ে চুটি ছবিসমূহক জনসাধাৰণৰ সমুখত আৰু অধিক উপভোগ্য কৰি তোলে। আনহাতে, আপোনালোকে অকণমান ভালদৰে মন কৰিলে দেখিব যে এই আটাইবোৰ উপভোগ্য চুটি ছবিসমূহৰ সৈতে জড়িত হৈ আছে একোজন নৱপ্ৰজন্ম; তেওঁলোকৰ সমগ্ৰ টীমটোৱে জনসাধাৰণৰ সমুখত নিজ নিজ প্ৰতিভাক সুন্দৰ ৰূপত দাঙি ধৰাৰ প্ৰচেষ্টাত বৰ্তি থাকে। আমি “থ্ৰীল” বোলা শব্দটোৰ সৈতে জড়িত হৈ খুব ভাল পাওঁ; অকস্মাৎ হোৱা কিবা এটা ঘটনা-পৰিঘটনাকে আৰম্ভ কৰি ৰহস্য সমূহ ভাঙি ওলাই অহাটো একাংশ দৰ্শকৰ খুব পচন্দৰ কাম। গতিকে, এনেবোৰ চুটি ছবিৰ ক্ষেত্ৰত দৰ্শক সমাজৰ বহুল উৎসাহ পৰিলক্ষিত হয়; গতিকে, এনে পৰিপ্ৰেক্ষিততে আপোনালোক আটাইবোৰে আকৌ এবাৰ ৰহস্যৰ সন্ধান অথবা থ্ৰীল কৰিবলৈ প্ৰস্তুত হওঁক কিয়নো অতিশীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে বহু প্ৰত্যাশিত এখন চুটি ছবি “ৰতি”। চাইক’লজিকেল থ্ৰীলাৰ কেন্দ্ৰিক এই চুটি ছবিখনৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰা হৈছে; যিয়ে আপোনাকো শিঁহৰাই থৈ যাবলৈ নিশ্চয় সক্ষম হ’ব।


স্বামী-স্ত্ৰীৰ কাহিনীৰে আগবঢ়া এই চুটি ছবিখনত স্বামী বাবু এগৰাকী মানসিক ৰোগী; যিয়ে ইটোৰ পিছত সিটোকৈ হত্যা কৰি গৈ থাকি শেষলৈ নিজৰ পত্নীকো হত্যা কৰে। কিন্তু তেওঁৰ মতে এয়া কোনো ধৰণৰ পাপ অথবা বেয়া কাম নহয় আৰু হত্যা কৰাটো তেওঁৰ এক দায়িত্ব বুলি ভাবি আগবাঢ়ে। ঘটনা প্ৰসংগত আগবাঢ়ি গৈ দেখিবলৈ পোৱা যাব যে পূৰ্বে ঘটি যোৱা ঘটনাবোৰ একোটা ভ্ৰান্ত ধাৰণাহে; তাৰ পিছত বাবুয়ে কি কৰিব তথা তাৰ মানসিক স্থিতি কি হ’ব সেই আটাইবোৰ আপোনালোকে দেখিবলৈ পাব চুটি ছবি “ৰতি” ত। বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰিছিল। চুটি ছবিখনৰ পৰিচালনা, ভিজুৱেল এফেক্ট আৰু সম্পাদনাৰ দায়িত্বত আছে মৃগাংক প্ৰতীক পৰাশৰ আৰু বিষয়বস্তু তথা স্ক্ৰীপ্ট পৰমানন্দ শইকীয়াৰ। শব্দ সম্পাদনা ৰাজকিশোৰ বৰাৰ আৰু দৃশ্যগ্ৰহণ বেদ বিকাশ গগৈৰ লগতে লাইট দৰ্শন বৰাৰ। চুটি ছবিখনত অভিনয় কৰিছে পৰমানন্দ শইকীয়া, টিনা বৰা আৰু হীৰক জ্যোতি বৰাই। স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।


চুটি ছবিখনৰ বিষয়বস্তু আৰু স্ক্ৰীপ্ট তথা অভিনয়ৰ সৈতে জড়িত পৰমানন্দ শইকীয়া আন এক প্ৰকল্প “স্তব্ধ সময়” য়ে ইতিমধ্যে বহু ঠাইত পুৰষ্কৃত হ’বলৈ সক্ষম হৈছে।
Add comment