Rupaliparda.com
যোগ্যসকলক প্লাজমা ড'নেট কৰিবলৈ আহ্বান অংগৰাগ পাপন মহন্তৰঃ 1

যোগ্যসকলক প্লাজমা ড’নেট কৰিবলৈ আহ্বান অংগৰাগ পাপন মহন্তৰঃ

ৰাজ্যৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰতিজন জনসাধাৰণলৈ নিজৰ আহ্বান জনাইছে জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই। ক’ৰোণাই আকৌ এবাৰ সৃষ্টি কৰা পৰিস্থিতিৰ বাবে শংকিত হোৱা কন্ঠশিল্পী গৰাকীয়ে যোগ্যসকলক প্লাজমা ড’নেট কৰিবলৈ আহ্বান জনায়। দেশত আকৌ এবাৰ ক’ৰোণা মহামাৰীয়ে প্ৰত্যেকৰে মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে; বহু ঠাইত অক্সিজেনৰ নাটনিৰ ফলত মৃত্যুকো আঁকোৱালিবলগীয়া হৈছে ৰোগীয়ে। যেন কেওঁদিশে হাঁহাকাৰ আৰু কেৱল মাত্ৰ মৃত্যুৰ কিৰীলি। এই আটাইবোৰ পৰিস্থিতিয়ে জনসাধাৰণক আতংকিত কৰাটো অৱশ্যে তেনেই স্বাভাৱিক হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত, যিগৰাকীয়ে যেনেদৰে পাৰে অসহায় জনক সহায় আগবঢ়োৱাৰ কথা ব্যক্ত কৰে অংগৰাগ পাপন মহন্তই। তেওঁ কয় যে, “মই সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছো যাতে এই বিপদৰ সময়ত সকলো একত্ৰিত হয় আৰু পৰাসকলে প্লাজমা ড’নেট কৰে। প্লাজমা ড’নেট কৰাৰ বাবে এই ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব।” বিগত ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰতিটো মাহত তেওঁৰ একোটাকৈ অসমীয়া গীতে মুক্তি লাভ কৰিব বুলি নিজেই জানিবলৈ দিছিল অংগৰাগ পাপন মহন্তই। অৱশ্যে সেই অনুসৰি তেওঁৰ কেইবাটাও গীত অনুৰাগীৰ কাষ চাপিবলৈও সক্ষম হৈছিল।

আপোনালোকৰ যদিহে মনত আছে, বিগত বৰ্ষত লক-ডাউনৰ মাজত নিজ ইউটিউব চেনেলত সক্ৰিয় হৈ থকা অংগৰাগৰ কন্ঠৰে মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰো লাভ কৰিছিল; “নীলাঞ্জনা” ৰ পৰা আৰম্ভ কৰি “নীৰৱতাৰ দাও গান” আৰু লগতে “তোমাৰ কথা” গীতটিক লৈ সংগীত প্ৰেমী শ্ৰোতাৰো বহুল হেঁপাহ দেখিবলৈ পোৱা গৈছিল। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰতিজন সাধাৰণ নাগৰিকৰ সৈতে চিন্তাগ্ৰস্ত হৈছে শিল্পী সকলো। সেইবাবেই তেওঁলোকে যিসকলে যেনেদৰেই পাৰে আনজনক সহায় কৰাৰ সমান্তৰালকৈ নিজ নিজ অনুৰাগীকো সহায় কৰিবলৈ আহ্বান জনাইছে। ক’ৰোণাই আকৌ এবাৰ ইয়াতকৈ পৰিস্থিতি বেয়া নকৰাৰ আশা কৰিছে এতিয়া সকলোৱে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform