আমি কেতিয়াবা নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভাক লগ পাওঁ; যিসকল অভিনয়েই হওঁক অথবা তেওঁলোক জড়িত হৈ থকা দিশটোৰ প্ৰতি থকা শ্ৰদ্ধাই আমাক আপ্লুত কৰে। তেওঁলোকৰ ইচ্ছাবোৰৰ বাবেই তেওঁলোকে প্ৰতিটো সময়ত কেনেদৰে এটা সুন্দৰ প্ৰকল্পৰে জনসাধাৰণক নিজৰ ফালে আকৰ্ষণ কৰিব পৰা যায় তাক চিন্তা কৰে। আমি বৰ্তমানলৈ এনে কিছুমান অভিনেতাক লগ পাইছো যাৰ আৰম্ভণি আছিল ভাওঁনাৰ আখৰা; নামঘৰত প্ৰত্যেকটো বৰ্ষতেই অনুষ্ঠিত হোৱা ভাওঁনাত ভাওঁ দিয়াৰ পৰা আৰম্ভ কৰি নিজৰ জীৱনৰ ডাঙৰ ডাঙৰ মঞ্চত অভিনয় কৰালৈ তেওঁলোকৰ নিৰৱিচ্চিন্ন সাধনাই তেওঁলোকক আৰু অধিক দৰ্শকৰ ওচৰত গ্ৰহণযোগ্য কৰি তোলে। দেওবৰীয়া বিশেষত আজি আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা পৰমানন্দ শইকীয়াক। বৰ্তমানলৈ প্ৰায় ১০০ টা মান চৰিত্ৰত অভিনীত এই গৰাকী প্ৰতিভাৰ অভিনয়ৰ দিশটোত থকা মজবুত স্থিতি আপোনালোকেও হয়টো হৃদয়ংগম কৰিব পাৰিছে। আচলতে, আমি আৰু আপোনালোকক নৰখাই তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰটো দিওঁ; যাতে এই প্ৰতিভাগৰাকীয়ে কৰা প্ৰতিটো কামৰ খতিয়ান স্পষ্ট হৈ পৰে সকলোৰে ওচৰত। চাওঁচোন আহকঃ
প্ৰশ্নঃ অভিনয়ৰ ক্ষেত্ৰ খনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?
পৰমানন্দ শইকীয়াঃ অভিনয়ৰ আদি পাঠ শিকিছিলো নামঘৰৰ আখৰাত; ভাওঁনা কৰিছিলো প্ৰথম যেতিয়া অভিনয়ৰ বিষয়ে একোৱেই ধাৰণা নাছিল আৰু একো বুজাও নাছিলো। “সীতা হৰণ বালি বধ” ভাওঁনাখন আছিল মোৰ জীৱনৰ প্রথম খন আৰু মোৰ ভাগত পৰিছিল “সুগ্ৰীৱ” ৰ চৰিত্ৰটো। তেতিয়াৰ পৰাই আৰম্ভ হ’ল অভিনয়ৰ যাত্রা। তাৰ পাছৰে পৰা বৰ্তমানলৈকে প্ৰায় ১০০ টা চৰিত্ৰ অভিনয় কৰিছো ভাওঁনাত; পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম খন একাংকিকা নাটক আমাৰ শিক্ষা গুৰু শ্ৰী যুত বিনেশ্বৰ গগৈ দেৱে লিখা “নিছিগা তেজৰ ধাৰ” ত মূখ্য চৰিত্ৰত অভিনয় কৰিছিলো। পৰৱৰ্তী সময়ত, নাটকৰ প্রতি ক’ব নোৱাৰাকৈয়ে প্রেম হৈ গৈছিল আৰু আজি এজন নাটকৰ দুৰন্ত প্ৰেমিক। গাঁৱত তেতিয়া নাটক হয় প্ৰতি বছৰে বছৰে; তাতে সৰু সুৰা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাওঁ। লগতে, অতি কম বয়সতে মই ২৩ বাৰ মান কংসৰ চৰিত্ৰটো অভিনয় কৰাৰ সুবিধা পাইছিলো। শেষলৈ, নাটকত মূখ্য চৰিত্ৰটো অভিনয় কৰাৰ সুযোগ পালো। ২০১২ চনত মোৰ দাদা কৃষ্ণ ভূঞাই পৰিচালনা কৰা এখন নাটকত মূখ্য চৰিত্ৰত অভিনয় কৰিছিলো যি খন নাটকে দিল্লী NSD লৈ মনোনীত হৈছিল। আমি নাটক কৰিছিলো NSD ৰ “Abhimanch” ত; অসম তথা ভাৰতৰ বহু কেইখন ঠাইৰ নাটক চোৱাৰ সূভাগ্য হৈছিল আৰু তেতিয়াৰ পৰা NSD ৰ প্ৰতি আকৰ্ষিত হৈছিলো। NSD ৰ নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে বুলি খবৰ পালেই দৌৰ মৰিছিলো অসমৰ যিকোনো ঠাইলৈকে; তেনেকৈয়ে তিনিচুকীয়াত এটা Nsd Workshop ত সান্নিধ্য লাভ কৰিছিলো NSDIAN পৰাগ শৰ্মা , দুলাল ৰয়কে ধৰি যশ ৰাস যাদৱ, ত্ৰিপুৰাৰী শৰ্মা, আদিল হুছেইন ছাৰ আদি বহু কেইজন নাটকৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গুৰুক। এতিয়া, নাটক অবিহনে জীৱনটো কল্পনাও কৰিব নোৱাৰো। মই অভিনীত বহু কেইখন নাটকে ৰাষ্ট্রীয় পৰ্যায়ত পুৰস্কৃত হৈছে। তাৰে ভিতৰত আছে ” ধনীৰামৰ থিয়টাৰ”,পঞ্চৱতী,আন্ধাৰত সিহঁতৰ মুখবোৰ, মণিমুগ্ধ আদি। মোৰ এই যাত্ৰাত নাটক আৰু জীৱনৰ ওপৰত ধাৰণা সলনি হৈ গৈছিল যেতিয়া হিমাংশু প্ৰসাদ দাসক লগ পাইছিলো। “Guernika Artist Fectory” ৰ তত্ত্বাৱধানত nsd য়ে আয়োজন কৰা এটা নাটকৰ কৰ্মশালাত লগ পাইছিলো তেখেতক আৰু তাৰ পিছৰ পৰাই সলনি হৈ গৈছিল জীৱনবোধ। তেখেতৰ পৰিচালনাত কেইবাখনো নাটক কৰাৰ সুবিধা পালো; ক্ৰমে “এখন গাওঁ ত এটা টিভি আছিল”, “মণিমুগ্ধ”আদি।তেখেতৰ পৰিচালনাতে প্রথম খন ধাৰাবাহিক “বকুল তলৰ আদালত” ত (ৰং চেনেলত)অভিনয় কৰিলো। এতিয়াও কৰি আছো অভিনয়; কৰি যাম। অভিনয় অবিহনে মই শূণ্য।
ভাওঁনা, নাটক, ধাৰাবাহিক, চিনেমা; য’তেই সুবিধা পাইছো তাতেই কৰিছো। শেহতীয়াকৈ RB production ৰ বেনাৰত ৰজনী বৰ্মন দেৱৰ পৰিচালনাত অসমীয়া বিগ বাজেটৰ ছবি “লংকাকাণ্ড” ত অভিনয় কৰিছো। আনহাতে, মই অভিনয় কৰা চুটি ছবি সমূহ হৈছে ক্ৰমে “স্তব্ধ সময়” ,”Sucide Note”, “আখৰা ঘৰ” ,”বাৰুদ”, “ৰতি” আদি।
প্ৰশ্নঃ এগৰাকী অভিনেতা ৰূপে তোমাৰ কেনেধৰণৰ প্ৰকল্প সমূহৰ সৈতে জড়িত হোৱাৰ ইচ্ছা?
পৰমানন্দ শইকীয়াঃ ইচ্ছাটো থকাত বহুখিনি আছে, সপোনো বহুত আছে; নাজানো পিছলৈ কি হয়! মাজে মাজে চিৰিয়েল, চিনেমা কৰিলেও নাটকৰ প্রতি আন্তৰিক টানটো অকণমান বেছি। নাটক বেছি ভাল পাওঁ। কিন্তু বৰ্তমান সময় বৰ জটিল। যোৱা বছৰো একো কৰিব নোৱাৰিলো; যোৱাবছৰেই এটা পৰিকল্পনা কৰিছিলো শিশুসমূহক লৈ কিবা এটা কৰাৰ কথা; কিন্তু এইবছৰো সম্পূৰ্ণ হোৱাৰ আশা দেখা নাই তথাপিও আমি আশাবাদী; ভাল হ’ব।
অভিনেতা হিচাপে যি কোনো চৰিত্ৰই ৰূপায়ন কৰিবলৈ চেষ্টা কৰিম। যিহেতু গাঁওৰ ল’ৰা মাটিৰ গোন্ধ থকা মাটিৰ লগত সম্পৰ্ক থকা চৰিত্ৰ হলে বেছি সুখী হওঁ। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিয়ে এতিয়া বহু উচ্চ মান সম্পন্ন ছবিৰ নিৰ্মাণ কৰি আছে; যি বোৰ ফিল্মে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। এনেকুৱা প্ৰকল্পৰ লগত নিজকে সমৰ্পণ কৰিব বিচাৰো যি প্ৰকল্পই হলীউডৰ লগত সমানে একে শাৰীতে থিয় হ’ব পাৰে।
প্ৰশ্নঃ বৰ্তমান পৰিপ্ৰেক্ষিতত এগৰাকী”শিল্পী”মানে তোমাৰ মতে কি ?
পৰমানন্দ শইকীয়াঃ যি সৃষ্টি কৰে; যি শিল্পৰ সাধনা কৰে তেওঁৱেই শিল্পী। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত শিল্পীৰ সঠিক মূল্যায়ন নাই হোৱা দৰেই অনুভৱ হয়। “শিল্পী” শব্দটোৰ অৱমাননা হোৱাৰ নিচিনা অনুভৱ হয়। ধনত্ৰন্ত্ৰৰ এই যুগত তেনে হোৱাটোৱেই অৱশ্যে স্বাভাৱিক। শিল্পী সদায় জনসাধাৰণৰ; মানুহৰ বাবে মানুহৰ লগত থাকি মানুহৰ কাৰণে শিল্পীয়ে কাম কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বিষ্ণু ৰাভা এইসকল মহান শিল্পী আছিল। এতিয়াও গাঁৱে ভূঞে বহু শিল্পী আছে যাৰ সঠিক মূল্যায়ন হোৱা নাই।
প্ৰশ্নঃ আগন্তুক পিৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম
পৰমানন্দ শইকীয়াঃ পৰিস্থিতি যদি সূস্থিৰ হয়; এটা শিশুৰ বাবে নাট কৰ্মশালা কৰাৰ পৰিকল্পনা আছে। (NSD ৰ স্নাতক প্ৰশিক্ষক হিচাপে থাকিব); কিন্তু সকলো নিৰ্ভৰ কৰিব সময়ৰ ওপৰত। খুব সোনকালেই এখন চুটি ছবিৰ কাম আৰম্ভ কৰিম। এজন শিল্পীৰ জীৱন সংগ্ৰামৰ ওপৰত কাহিনীটো । গুৰু দুজনাৰ কৃষ্টি সংস্কৃতি, আৰ্ট, লগতে নাটক- যোগাসনৰ কৰ্মশালাৰো পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিম; আগতে চলি আছিল বিশেষ পৰিস্থিতিৰ কাৰণে বন্ধ হৈ আছিল।এইবাৰ ন-উদ্যমেৰে পুনৰ আৰম্ভ কৰাৰ মানস কৰিছো। নাটক কৰি যাম।
ৰূপালীপৰ্দাঃ ধন্যবাদ পৰমানন্দ শইকীয়া; আপোনাৰ সকলো কথা যেন আন দুজনৰ বাবে সাহস হওঁক।
পৰমানন্দ শইকীয়াঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment