Rupaliparda.com
দীপিকা পাডুকনৰ সফলতাত লুকাই আছে কেটৰিণা কাইফঃ 1

দীপিকা পাডুকনৰ সফলতাত লুকাই আছে কেটৰিণা কাইফঃ

কেটৰিণা কাইফ আৰু দীপিকা পাডুকন দুয়োগৰাকী বি-টাইউনৰ একোগৰাকী জনপ্ৰিয় তাৰকা; দুয়োগৰাকীৰেই অনুৰাগীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় কিন্তু আপোনালোকে জানেনে? কেটৰিণা কাইফে গ্ৰহণ নকৰা একাংশ ছবিয়েই কাষ চাপিছিল দীপিকা পাডুকনৰ আৰু দীপিকা পাডুকন অভিনীত এই ছবিসমূহ পিছলৈ গৈ বহুল হাৰত জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হৈছিল; প্ৰথমতে “চেন্নাই এক্সপ্ৰেছ” ছবিখনৰ অফাৰ লাভ কৰিছিল অভিনেত্ৰী কেটৰিণা কাইফে কিন্তু পিছলৈ তেওঁ গ্ৰহণ নকৰাত এই ছবিখন কাষ চাপে দীপিকাৰ আৰু আপোনালোকেও নিশ্চয় জানে যে দীপিকা পাডুকনৰ কেৰিয়াৰৰ “চেন্নাই এক্সপ্ৰেছ” আছিল এখন জনপ্ৰিয় আৰু বহু সমাদৃত ছবি। পৰৱৰ্তী সময়ত, “বাজীৰাওঁ মষ্টানী” শীৰ্ষক ছবিখনকো গ্ৰহণ কৰা নাছিল কেটৰিণাই; আৰু দীপিকা পাডুকন অভিনীত এই ছবিখনে বলীউড ক্ষেত্ৰখনত নিজ নাম সুন্দৰকৈ লিখি যাবলৈ সক্ষম হৈছিল। ৰিপোৰ্টনুসৰি, কেটৰিণাই এই ছবিখনত নিজ চৰিত্ৰটোক গ্ৰহণ কৰিছিল যদিও নিজতকৈ বয়সত সৰু এগৰাকী অভিনেতাৰ সৈতে ৰোমাঞ্চ কৰিবলৈ কেটৰিণাই বিচৰা নাছিল। এতিয়া আপোনালোকক যিখন ছবিৰ নাম ক’ম সেইখন ছবিৰ কথা শুনিলে আপুনিও হয়টো আচৰিত হ’ব। ইয়াৰ নাম হৈছে “য়ে জাৱানী হে দীৱানী”।

দীপিকা পাডুকনৰ সফলতাত লুকাই আছে কেটৰিণা কাইফঃ 2
দীপিকা পাডুকনৰ সফলতাত লুকাই আছে কেটৰিণা কাইফঃ 3


এই ছবিখনকো কেটৰিণাই নকৰো বুলি কোৱাত ছবিখনৰ অফাৰ লাভ কৰিছিল দীপিকা পাডুকনে। কেটৰিণাই ছবিখনক গ্ৰহণ কৰি লোৱা হ’লে হয়টো পূৰ্বৰে দৰে আকৌ এবাৰ অনুৰাগীয়ে ৰণৱীৰ-কেটৰিণা যুঁটিক ৰূপালীপৰ্দাত চাবলৈ সক্ষম হ’লহেঁতেন। আনহাতে, ইয়াৰ দ্বাৰা এই কথাকো জানিব পৰা যায় যে দীপিকা পাডুকনৰ কেৰিয়াৰ সফলতাৰ আঁৰত লুকাই আছে কেটৰিণা কাইফৰ নাম।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform