Rupaliparda.com
"Ethnograpic অৰ্থাৎ নৃতাত্ত্বিক বিষয়ৰ প্ৰতি মই আগ্ৰহী"- মুকুল হালৈ 1

“Ethnograpic অৰ্থাৎ নৃতাত্ত্বিক বিষয়ৰ প্ৰতি মই আগ্ৰহী”- মুকুল হালৈ

আমি বাৰু এনে কিছুমান ব্যক্তিক মন কৰিছোনে যিয়ে অহৰহ কৰা চেষ্টাৰে কিবা এটা সুন্দৰ ৰাইজক প্ৰদান কৰিবলৈ প্ৰয়াস কৰে; যি বিষয় সাম্প্ৰতিক সময়ৰ লগত খাপখোৱা অথবা এখন বাস্তৱ ছবিক প্ৰতিফলিত কৰা বিধৰ। শেহতীয়াকৈ তুলনামূলকভাৱে বহু পৰিচালকৰ জন্ম হৈছে; একাংশই মনোৰঞ্জন ক্ষেত্ৰখনত নিজক এটা সুবিধা দিবলৈও আগবাঢ়ি অহা দেখা যায়; আনহাতে একাংশ এনেও পৰিচালক আছে যাৰ কেৱল মাত্ৰ ইচ্ছা আৰু প্ৰচেষ্টা জড়িত হৈ আছে পৰিচালনাৰ দিশটোত। এই বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই আমি এনে একাংশ চুটি ছবিক আপোনালোকৰ সমুখলৈ আনিছিলো যিসমূহৰ বিষয়বস্তু সমূহ আছিল সুকীয়া। এনে চুটি ছবি সমূহৰ ভিতৰত এখন আছিল “ঘৰমুৱা”। কোৱা বাহুল্য যে, অসমীয়া এই মনোৰঞ্জন ক্ষেত্ৰখনত এজনতকৈ এজন সৃষ্টিশীল প্ৰতিভা যে আছে সেই কথা নুই কৰিব পৰা নাযায়। প্ৰথমে চুটি ছবি সমূহৰ দ্বাৰাই এই ক্ষেত্ৰখনত যোগ দিবলৈ বিচৰা এনে নৱপ্ৰজন্মৰ পৰিচালক সমূহৰ বিষয়বস্তুবোৰক লৈ আকৰ্ষিত হৈ পৰে দৰ্শক সকলো;তেওঁলোকৰ প্ৰচেষ্টাত নতুনত্ব আৰু ব্যতিক্ৰম পৰিলক্ষিত হয়। যাৰ ফলত গ্ৰহণযোগ্য হৈ পৰে তেওঁলোকৰ প্ৰকল্প সমূহ। আমি আজি ৰূপালীপৰ্দাৰ তৰফৰ পৰা যিগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা পাতিম তেওঁৰ নাম হৈছে মুকুল হালৈ; পূৰ্বে কোৱাৰ দৰে তেওঁৰ চুটি ছবি “ঘৰমুৱা” ত অসমৰ এটা সময়ৰ কিছু নিৰ্মম কাহিনীক উপস্থাপনৰ চেষ্টা কৰা হৈছিল। নিজ জন্মভূমিক কেন্দ্ৰ কৰি নায়কে এখন কিতাপ লিখিব খোজে যদিও সেই সময়তে সৃষ্টি হোৱা কিছু খেলি-মেলিয়ে নায়ক গৰাকীক হতাশ কৰে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো ছবি সমাৰোহত মনোনীত এই চুটি ছবিখনৰ পিছত মুকুল হালৈৰ আন একাংশ প্ৰকল্পক লৈ উৎসাহিত জনসাধাৰণো।

https://www.moviesaints.com/movie/ghormua


২০১২ চনৰ পৰাই এই পৰিচালনাৰ দিশটোৰ সৈতে জড়িত মুকুল হালৈয়ে উক্ত বৰ্ষটোতে মুম্বাইস্থিত FTII ইনষ্টিটিউটৰ চিনেমা বিভাগত অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল। অৱশ্যে, তেতিয়াৰ পৰাই জড়িত তেওঁ এই ক্ষেত্ৰখনৰ সৈতে।ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে তেওঁ এগৰাকী পৰিচালক ৰূপে কেনেধৰণৰ কাহিনী তথা প্ৰকল্পৰ প্ৰতি আকৰ্ষিত বুলি প্ৰশ্ন কৰাত মুকুল হালৈয়ে কয় যে, “যিকোনো “চিনেমেটিক” সম্ভাৱনা থকা কাহিনী অথবা বিষয়ে মোক আকৰ্ষণ কৰে। চিনেমা এখন সম্পূৰ্ণ ৰূপে ভিজুৱেল মিডিয়াম গতিকে মোৰ বাবে প্ৰথম গুৰুত্বপূৰ্ণ কথা এয়াই যে কোনো এটা বিষয় বা কাহিনীৰ চিনেমেটিক ভিজুৱেলটো থাকিব লাগিব। মই বৰ্তমানলৈ নিৰ্মাণ কৰা ছবিসমূহৰ বেছিভাগেই অসম কেন্দ্ৰিক; অসমৰ সামাজিক ইতিহাস, যুৱচামৰ মনস্তত্ব, মানুহৰ দৈনন্দিন জীৱন-সংগ্ৰাম ইত্যাদি ধৰণৰ বিষয়বস্তুৱে মোক আকৰ্ষণ কৰে। Ethnograpic অৰ্থাৎ নৃতাত্ত্বিক বিষয়ৰ প্ৰতিও মই আগ্ৰহী; নৃতাত্ত্বিক অধ্যয়নৰ সমান্তৰালকৈ জনসাধাৰণৰ সমাজ সংস্কৃতিৰ এক পৰ্যালোচনা মোৰ চিনেমা আকাৰে উপস্থাপন কৰাৰ মন আছে। তেওঁৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত পৰিচালক গৰাকীয়ে কয় যে,

"Ethnograpic অৰ্থাৎ নৃতাত্ত্বিক বিষয়ৰ প্ৰতি মই আগ্ৰহী"- মুকুল হালৈ 2


“আগন্তুক সময়ৰ কেইবাটাও প্ৰকল্পৰ সৈতে মই জড়িত হৈ আছো। পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি এখনৰ কাম প্ৰি-প্ৰডাকচন স্তৰত আছে। আনহাতে, মোৰ তথ্যচিত্ৰৰ প্ৰতিও আকৰ্ষণ বাঢ়িছে। বিগত বৰ্ষৰ পৰাই আচলতে মই পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ আৰু নন ফিকচন ছবি এখনৰ কামৰ সৈতে ব্যস্ত আছো। লগতে, মই এফ.টি.আই.আই আদি শিষ্ঠানুষ্ঠানসমূহত মাজে সময়ে পৰিচালনাৰ দিশটোত পঢ়াই আহিছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform