Rupaliparda.com
মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ "অনুভৱ"- 1

মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ “অনুভৱ”-

“প্ৰেমৰ জন্ম জীয়াই থকাৰ বাবে, সকলো হেৰাই গ’লেও প্ৰেম কিন্তু নেহেৰায়”; এগৰাকী সৈনিক অথবা দেশৰক্ষাৰ স্বাৰ্থত বৰ্তি থকা সেনাৰ জীৱন সংঘৰ্ষৰ বিষয়ে আমি কোনোদিন কল্পনাও কৰিব নোৱাৰো; নহয়নে? এয়া আমাৰ কল্পনাৰো অগোচৰ। বিগত ২০১৯ বৰ্ষৰ পুলৱামা আক্ৰমণৰ বিষয়ে বাৰু আপোনালোকৰ মনত আছেনে? উগ্ৰপন্থীয়ে কৰা আক্ৰমণৰ সময়ছোৱাত আমি দুই কুৰিতকৈও অধিক ভাৰতীয় সেনাক হেৰুৱাইছিলো; উক্ত আক্ৰমণত নিহত হোৱা আটাইকেইগৰাকী ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ পৰিয়ালবৰ্গৰ মানসিক স্থিতি আদিৰ বিষয়ে আমি হৃদংয়গমো কৰিব নোৱাৰো। প্ৰায়ে সংবাদ মাধ্যম যোগে আমি এনে একাংশ সৈনিকৰো শ্বহীদৰ খবৰো পাই আহিছো; যিসকলে ১ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈয়ে দেশ ৰক্ষাৰ স্বাৰ্থত নিজ কৰ্তব্যস্থানলৈ উভতিছিল যদিও আক্ৰমণত তেওঁলোক শ্বহীদ হয়। আচলতে,এনে একোজন সৈনিকৰ কাহিনীৰে হলীউড তথা বলীউড ক্ষেত্ৰ দুখনত অধিক প্ৰকল্পৰ সৃষ্টি হৈছে যিয়ে আমাক আপ্লুত কৰে; আমাক সুৰক্ষিত কৰি ৰাখিবলৈ একোজন সৈনিকে কৰা ত্যাগে আমাৰ তেওঁলোকৰ প্ৰতি সন্মান আৰু অধিক বৃদ্ধি কৰে। কিন্তু, শেহতীয়াকৈ কোনোধৰণৰ হলীউড অথবা বলীউড নহয়; এইবাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এনেই এখন চুটি ছবি “অনুভৱ”। প্ৰথম প্ৰচেষ্টা তথা নৱাগতা ৰূপে এগৰাকী প্ৰতিভাই নিৰ্মাণৰ বাবে বাচি লোৱা এই বিষয়টোৱে আচলতে প্ৰতিজন দৰ্শককেই আকৰ্ষিত কৰি তুলিছিল।

মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ "অনুভৱ"- 2
মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ "অনুভৱ"- 3


চুটি ছবিখনত এগৰাকী ভাৰতীয় সেনাৰ নৱবিবাহিতা পত্নীৰ কাহিনীক উপস্থাপন কৰা হৈছে; যাৰ স্বামী যুদ্ধক্ষেত্ৰলৈ গৈ দেশৰ বাবে শ্বহীদ হয় যদিও পত্নীৰ সেই কথাটোক গ্ৰহণ কৰিবলৈ অসুবিধা হয় আৰু তেওঁ পূৰ্বৰ দৰেই নিজক সঁজাই ৰাখে। অনুভৱেৰে সৈনিক স্বামীৰ সৈতে কথা-বতৰা পাতে, হাঁহে, জীৱনটোক জীয়াই ৰাখে। চুটি ছবিখনত উপস্থাপিত কাহিনীভাগত এনে এক কাহিনীক লৈয়ে আগবঢ়াই নিয়া হৈছে লগতে ইয়াত “প্ৰেম”, “ভালপোৱা” ৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা হৈছে। এই চুটি ছবিখনৰ কাহিনী, পৰিচালনাৰ লগতে সমগ্ৰ পৰিকল্পনাৰ দায়িত্বতে আছে নৱাগতা পুলক কুমাৰ দাস; ইয়াত অভিনয় কৰিছে বৰ্ণালী কলিতাই। লগতে, সম্পাদনা ঘনশ্যামৰ আৰু ৰূপসজ্জা শিল্পা বৈশ্যৰ। এক কথাত “অনুভৱ” ক যদি বাখ্যা কৰিবলৈ যোৱা হয় তেতিয়াহ’লে ই হ’ব মৰম আৰু বিষাদ মিশ্ৰিত এটি কাহিনী। আমি বৰ্তমানলৈ উপভোগ কৰা চুটি সমূহৰ ভিতৰত এইখন চুটি ছবিৰ কাহিনী কিছু ব্যতিক্ৰম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব; অতিশীঘ্ৰে এই চুটি ছবিখনক ইউটিউবত মুকলি কৰি দিয়া হ’ব দৰ্শক সকলৰ বাবে।

মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ "অনুভৱ"- 4
মৰম আৰু বিষাদ মিশ্ৰিত কাহিনীৰে পুলক কুমাৰ দাসৰ "অনুভৱ"- 5


পুলক কুমাৰ দাসৰ এই প্ৰকল্পটোক আপোনালোকে সমাদৰ জনালেই তেওঁ আগন্তুক কালছোৱাত আগবাঢ়ি যাবলৈ সক্ষম হ’ব। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

3 comments

Leave a Reply

The Ultimate Managed Hosting Platform