Rupaliparda.com
নিজ বাসগৃহক ক'ভিড কেয়াৰ কেন্দ্ৰ বনাবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰঃ 1

নিজ বাসগৃহক ক’ভিড কেয়াৰ কেন্দ্ৰ বনাবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰঃ

ৰাজ্যত ভয়াৱহ হৈ উঠিছে “ক’ভিড” ৰ তৃতীয়টো ঢৌ। অব্যাহত আছে মিনি লক-ডাউন; কিন্তু কোনটো মূহুূৰ্তত এই লক-ডাউনে সম্পূৰ্ণ লক-ডাউনৰ ৰূপ ল’ব সেয়া প্ৰত্যেকৰে বাবে ভয়ৰ বিষয়। অক্সিজেনৰ নাটনিকে আৰম্ভ কৰি চিতাৰ নাটনিয়ে ইতিমধ্যে ৰাজ্যত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এইখিনি সময়তে, একাংশ জনসাধাৰণৰ বাবে সাহস হৈ থিয় দিছে একাংশ তাৰকা-শিল্পী। বলীউড ক্ষেত্ৰখনৰ কেইবাগৰাকীও তাৰকাই তেওঁলোকৰ চচিয়েল মিডিয়া পোষ্টযোগে জনসাধাৰণক সহায় কৰিবলৈ আন দহজনক আহ্বান কৰাৰ সমান্তৰালকৈ নিজেও সহায় কৰিবলৈ আগবাঢ়িছে। মুঠতে, ইজনে আনজনৰ পক্ষত থিয় দিয়াৰ চেষ্টা কৰা হৈছে। শেহতীয়াকৈ সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ কাষত থিয় দিয়ে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। তেওঁলোকৰ দুমহলীয়া ঘৰটোক ক’ভিড কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে এতিয়া চৰকাৰ তথা প্ৰশাসন ব্যৱস্থাক। গৰিমা শইকীয়া গাৰ্গৰ এনে পদক্ষেপক লৈ বৰ্তমান উৎসাহিতও হৈ পৰিছে জনসাধাৰণ; কিয়নো আমি প্ৰত্যেকেই জানিবলৈ পাইছো যে শেহতীয়াকৈ ক’ভিড পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ হৈছে যে চিকিৎসালয় সমূহত বিচনাৰ নাটনি হৈছে আৰু ট্ৰেইনসমূহত বৰ্তমান বিচনাৰ ব্যৱস্থা কৰা হৈছে।

নিজ বাসগৃহক ক'ভিড কেয়াৰ কেন্দ্ৰ বনাবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰঃ 2


গৰিমা শইকীয়া গাৰ্গে কয় যে, “ইয়াৰ দ্বাৰা আমি বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা জনাব বিচাৰিছো যে আমাৰ কাহিলীপাৰা স্থিত দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক’ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছোঁ । 🙏🙏🙏

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform