মালাইকা আৰোৰা বি-টাউনৰ এনে এগৰাকী অভিনেত্ৰী যিয়ে প্ৰায়ে নিজৰ ফিটনেছক লৈ চৰ্চা লাভ কৰে। তেওঁ নিজ চচিয়েল মিডিয়া একাউন্ট যোগে প্ৰায়ে একাংশ যোগ ভিডিঅ’ আপলোড কৰে য’ত তেওঁ স্বাস্থ্য বিষয়ক কেন্দ্ৰ কৰি ভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণ কৰে; আৰু শেহতীয়াকৈ ক’ৰোণা মহামাৰীৰ বাবে এনে কঠোৰ সময়ছোৱাত আকৌ এবাৰ মালাইকাই আপলোড কৰা এক ভিডিঅ’ত জনসাধাৰণৰ বহুল ইচ্ছা পৰিলক্ষিত হৈছে; তেওঁৰ শেহতীয়া ভিডিঅ’ত যোগাসন অনুলোম বিলোমৰ দ্বাৰা ৰাইজে কেনেদৰে নিজ শ্বাসতন্ত্ৰক মজবুত কৰিব পাৰে তাক দেখুওৱা হৈছে। তেওঁ ভিডিঅ’যোগে সুন্দৰকৈ উপস্থাপন কৰে যে কেনেদৰে এই যোগাসনটো জনসাধাৰণৰ জীৱন শৈলীত ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ ভিডিঅ’টো শ্বেয়াৰ কৰি কয় যে, “এই কঠিন কালত প্ৰাণায়ম অত্যন্ত জৰুৰী; দৈনন্দিন জীৱনৰ ই এক অন্যতম অংগ। অনুলোম বিলোম প্ৰাণায়মৰ আটাইতকৈ সহজ পদ্ধতি যাৰ দ্বাৰা ৰাইজে নিজৰ ইমিউনিটী বৃদ্ধি কৰাৰ লগতে শ্বাসতন্ত্ৰৰ ক্ষমতা বৃদ্ধি হয়।” তেওঁ আগলৈ কয় যে, “খাদ্য খোৱাৰ আগত আৰু পিছত প্ৰায় দুই ঘন্টাৰ ব্যৱধানত অনুলোম বিলোমৰ প্ৰায় ৬ টা ৰাউণ্ড কৰিব লাগে আৰু পাৰিলে ২১ টা ৰাউণ্ডলৈ ইয়াক কৰি যাব লাগে।”

চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা তাৰকাৰ ভিতৰত এগৰাকী হৈছে মালাইকা আৰোৰা। প্ৰেম জীৱনৰ বাবেও জনসাধাৰণৰ চৰ্চাৰ বিষয় হৈ থাকে অভিনেত্ৰী গৰাকী। ফিটনেছৰ উপৰিও তেওঁৰ সুন্দৰতাৰো অনুৰাগী হৈছে বিভিন্ন জন। অভিনেত্ৰী গৰাকীয়েও অনুৰাগীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়ে বহু ঘৰুৱা টিপছ দিয়া দেখিবলৈ পোৱা গৈছে। মুঠতে, নিজৰ সমান্তৰালকৈ আনকো পূৰ্ণৰূপত ফিট আৰু সুন্দৰ কৰি ৰখাৰ প্ৰয়াস কৰিছে এতিয়া অভিনেত্ৰী মালাইকা আৰোৰাই।
Add comment