Rupaliparda.com
প্লাজমা ড'নেট কৰিবলৈ এইবাৰ আহ্বান উৎপল দাসৰঃ 1

প্লাজমা ড’নেট কৰিবলৈ এইবাৰ আহ্বান উৎপল দাসৰঃ

অংগৰাগ পাপন মহন্তৰ পিছত এইবাৰ ৰাইজলৈ আহ্বান জনাইছে জনপ্ৰিয় অভিনেতা উৎপল দাসে। প্লাজমা ড’নেট কৰিবলৈ এই আহ্বান জনাইছে অভিনেতা গৰাকীয়ে; যোৱা কেইবামাহৰ পৰাই দেশৰ পৰিস্থিতি আকৌ এবাৰ ক’ৰোণা মহামাৰীৰ ফলত বেয়ালৈ ঢাল খোৱা পৰিলক্ষিত হৈছে আৰু এনেক্ষেত্ৰত প্ৰতিজন সচেতন নাগৰিকৰেই দায়িত্ব হৈ পৰে যে যাতে তেওঁলোকে যিয়ে যিদৰে পাৰে অৰ্থাৎ নিজ ক্ষমতানুযায়ী আনজনক সহায়ৰ হাত আগবঢ়াব পাৰে। শেহতীয়াকৈ উৎপল দাসেও কৰিছে এই অনুৰোধ; ইনষ্টাগ্ৰামত এক ভিডিঅ’ৰ সহায়ত এই আহ্বান অভিনেতাগৰাকীৰ। দেশৰ বিভীষিকা আৰু “লক-ডাউন” ৰ সম্ভাৱনাই প্ৰত্যেককে সন্ত্ৰাসগ্ৰস্ত কৰি ৰাখিছে। অসমীয়া ভিচিডি “ৰিঙা ৰিঙা মন” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা উৎপল দাস বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় অসমীয়া অভিনেতা। কেইবাখনো অসমীয়া ভিচিডিত একেলেথাৰিয়ে অভিনয় কৰা উৎপল দাসে বিগত বৰ্ষৰ লক-ডাউনৰ সময়ছোৱাত বিভিন্ন ধনাত্মক বাৰ্তা প্ৰদানেৰে অনুৰাগীৰ কাষ চাপিছিল। উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস।

প্লাজমা ড'নেট কৰিবলৈ এইবাৰ আহ্বান উৎপল দাসৰঃ 2


শেহতীয়াকৈ তেওঁ ৰং যোগে সম্প্ৰচাৰিত ধাৰাবাহিক “আহিনৰ আবেলি” ত মূখ্য ভূমিকা ৰূপায়ন কৰিছে। তেওঁৰ ধাৰবাহিকখনৰ বৰ্তমানৰ জনপ্ৰিয়তাও অৱশ্যে নুই কৰিব পৰা নাযায়। স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কৰ লগতে ধাৰাবাহিকখনত ৰাজনৈতিক এটা দিশকো উপস্থাপন কৰা হৈছে। আনহাতে, বিগত বৰ্ষৰ তেওঁৰ ধাৰাবাহিক “আঁউসীৰ জোনাকো” আছিল এখন জনপ্ৰিয় তথা সমাদৃত ধাৰাবাহিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.