ক’ভিড সৃষ্ট পৰিৱেশে হতাশা কঢ়িয়ালেও একাংশ ভাল লগা খবৰে জনসাধাৰণৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। তেনে এক ভাল খবৰ আহিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা। বিগত কেইবাদিনৰ পৰা মনোৰঞ্জন ক্ষেত্ৰখনে একাংশ জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত শিল্পীৰ মৃত্যুৰ খবৰ শুনিবলৈ পাই শোকস্তব্ধ হৈ পৰিছে; কিন্তু এই সময়ত অহা এটা ভাল খবৰে জনসাধাৰণৰ উৎসাহ বৃদ্ধি কৰিছে। নৱাগত পৰিচালক মৃণাল ডেকাৰ প্ৰথমখন চুটি ছবি “মঙহ দহাৰ গোন্ধ” লৈ আহিছে ইটোৰ পিছত সিটোকৈ ভাল খবৰ। দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ সমান্তৰালকৈ “মঙহ দহাৰ গোন্ধ” য়ে এই সমাৰোহত লাভ কৰে বিশেষ সন্মান। পৰিচালক ৰূপে এটা প্ৰকল্পৰ বিষয়বস্তুটোৰ ওপৰত অধিক গুৰুত্ব দিয়া মৃণাল ডেকাৰ “মঙহ দহাৰ গোন্ধ” ত পোৱা গৈছিল এনেই এক হৃদয়স্পৰ্শী কাহিনীৰ সোঁৱাদ। এগৰাকী মাতৃৰ সংগ্ৰাম আৰু বাস্তৱ চিত্ৰ তথা কাহিনীভাগত উপস্থাপন কৰা চাচপেন্সে এই চুটি ছবিখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছিল। মানস চাংগ্ৰাৰ কাহিনীৰে নিৰ্মিত চুটি ছবিখনক আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলচে আৰু ইয়াৰ সহঃ প্ৰযোজনা উষামণি গোস্বামীৰ। চুটি ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিল ক্ৰমে প্ৰণামী বৰা, আদৱিক পি গগৈয়ে লগতে আদ্ৰিতী পি গগৈ আৰু বদলাৰয়্যণ সিনহাই।

আনহাতে, চলিত বৰ্ষতেই গুৱাহাটী চিনে ক্লাৱে ৫ দিনীয়াকৈ আয়োজন কৰা ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱৰ আয়োজিত চুটি ছবি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰূপে পৰিগণিত হয় নৱপ্ৰজন্মৰ পৰিচালক মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত “মঙহ দহাৰ গোন্ধ”। দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত লাভ কৰা বিশেষ সন্মানৰ পিছতেই ৰূপালীপৰ্দাৰ তৰফৰ পৰা এই পৰিচালকগৰাকীৰ সৈতে হোৱা কথা-বতৰা যোগে তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত মৃণাল ডেকাই কয় যে, “আগন্তুক পৰিকল্পনা যথেষ্টখিনি আছে যিসমূহ প্ৰকল্পৰ বৰ্তমান প্ৰি-প্ৰডাকচনৰ কাম সমূহ কৰি থকা হৈছে। এখন চুটি ছবি আৰু এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “মাষ্টৰ” ৰ প্লট নিৰ্মাণত মনোনিৱেশ কৰি আছো। সমান্তৰালকৈ মই পৰিচালক কল্পজ্যোতি দাসৰ সৈতে এন কে টিভিৰ বেনাৰত নিৰ্মাণ হৈ থকা প্ৰকল্প “গুৱাহাটী ছাগা” ৰ সহঃ পৰিচালকৰ দায়িত্বত আছো। আনহাতে, ডিজিটেল প্লেটফৰ্ম ৰীলড্ৰামাৰ বাবেও এটা প্ৰকল্পৰ কাম কৰি থকা হৈছে; শ্বুটিং আৰম্ভ হৈছে। গতিকে, এনেদৰে কিছু কাম কৰি থকা হৈছে। আগলৈ কেনেদৰে আগবাঢ়িব পাৰো সেয়া সকলোবোৰ পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ কৰিব কিয়নো বৰ্তমান ক’ভিডে আকৌ এবাৰ বিভীষিকাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।”

মৃণাল ডেকাৰ প্ৰতিটো সফলতাৰ শুভকামনা জ্ঞাপনৰ লগতে তেওঁৰ আগন্তুক পৰিকল্পনা সমূহৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভেচ্ছা যাঁচিছো।
Add comment