এটি গীতত বাৰু আমি কি বিচাৰো? সুন্দৰ শব্দ-গাঁথনিৰ সমান্তৰালকৈ সুন্দৰ উপস্থাপনে একোটা গীতক গ্ৰহণযোগ্য কৰি তোলে। নহয়নে? শেহতীয়াকৈ এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিসমূহৰ গীতৰ কথাই প্ৰত্যেকজন শ্ৰোতা-দৰ্শককে আপ্লুত কৰি তুলিছে; কিছুমান এনে গীতৰ উদাহৰণ আমি আপোনালোকৰ মাজত দাঙি ধৰিব পাৰো। ঠিক তেনেকৈ, সহজ তথা গভীৰ শব্দ-গাঁথনিৰে শ্ৰোতাবৃন্দলৈ আহিবলৈ সাজু হৈছে আন এটি গীত “তোলৈকে চাই থাকিম”। নিঁয়ৰ বিকাশৰ কথা, সুৰ তথা কন্ঠৰে আহিবলগীয়া এই গীতটিত তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী দীপান্বিতা ডেকাই। ২০০৫-০৬ বৰ্ষতেই ডিব্ৰুগড়ৰ খালখোৱা সংগীত মহাবিদ্যালয়ত তিনি বছৰ সংগীতৰ শিক্ষা আয়ত্ব কৰা নিঁয়ৰ বিকাশে পেছাগতভাৱে এই সংগীতক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল ২০১০ চনৰ পৰাহে। NB production ৰ বেনাৰত নিৰ্মিত তেওঁৰ সাংগীতিক কেৰিয়াৰৰ প্ৰথমটো এলবাম আছিল “পৰশ” লগতে এলবামটোত তেওঁৰ সৈতে কন্ঠদান কৰিছিল সীমান্ত শেখৰ আৰু আন কেইবাগৰাকীও অসমীয়া কন্ঠশিল্পীয়ে। পৰিয়ালবৰ্গকে আৰম্ভ কৰি নিঁয়ৰ বিকাশৰ বন্ধুবৰ্গ তথা দুলীয়াজান ৰাইজৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰে কন্ঠশিল্পী গৰাকীয়ে এই ক্ষেত্ৰখনত আগবঢ়া কথা তেওঁ নিজেই ব্যক্ত কৰে। আহিবলগীয়া “তোলৈকে চাই থাকিম” শীৰ্ষক এই গীতটিত সংগীত প্ৰণয় দত্তৰ। অতিশীঘ্ৰে শ্ৰোতাৰ মাজত এই গীতটিক মুকলি কৰি দিয়া হ’ব।

আনহাতে, “মিছাকৈ নক’বি” ৰ বহুল সফলতাৰ পিছত শেহতীয়াকৈ দীপান্বিতা ডেকাৰ আহিবলগীয়া গীত সমূহক লৈ প্ৰায়ে উৎসাহী হৈ থাকে জনসাধাৰণ। “মিছাকৈ নক’বি” গীতটিকো ৰামধেনু ২০১৯-২০ বৰ্ষৰ শ্ৰেষ্ঠ ১০ টা গীতৰ মাজৰ এটা গীত ৰূপে অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হৈছিল। “নীলিম আশা” ৰ দ্বাৰা সংগীত ক্ষেত্ৰখনত নামি পৰা দীপান্বিতাৰ প্ৰতিটো গীতৰ বাবেই যে জনসাধাৰণ অপেক্ষাৰত তাক একাষাৰে কৈ দিলেও বঢ়াই কোৱা নহ’ব। পৰৱৰ্তী সময়ত তেওঁৰ “ভাল লগা ল’ৰাটো” ও লাভ কৰিছিল শ্ৰোতাৰ সমাদৰ। শেহতীয়াকৈ নিঁয়ৰ বিকাশৰ সৈতে দীপান্বিতা ডেকাৰ যুঁটীয়া কন্ঠ তথা তেওঁলোকৰ যুঁটিটোক উপভোগ কৰিবলৈ ৰৈছে বিভিন্ন জন সংগীত প্ৰেমী শ্ৰোতাৰ লগতে তেওঁলোকৰ অনুৰাগীবৃন্দও। অসমীয়া সংগীত ক্ষেত্ৰখন ঠন ধৰি উঠিছে বুলি আমি এনেই আচলতে কৈ নিদিওঁ, আমি প্ৰতিটো দিনত ইয়াৰ কিছুমান এনে উদাহৰণ পাইছো যিয়ে আমাক এই বাক্যশাৰী ক’বলৈ বাধ্য কৰোবাইছে। কিবা এটা গীত এনেই নিৰ্মাণ কৰি উলিওৱাতকৈ গীত এটিৰ কথা সমূহক শ্ৰোতা-দৰ্শকৰ মন মগজুলৈ টানি নিয়া নৱপ্ৰজন্মই কেইগৰাকীমান যুৱকে শেহতীয়াকৈ একাংশক নতুনকৈ প্ৰেমত পেলাইছে অসমীয়া সংগীতৰ।


তেওঁলোকৰ এই গীতটি তথা যুঁটীয়া প্ৰচেষ্টাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।
Add comment