আজিৰ দেওবৰীয়া বিশেষত ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব এক এক্সক্লুচিভ বাতৰি; এক সু-খবৰ। আজিৰ দেওবৰীয়া বিশেষত কোনো এগৰাকী বিশেষ শিল্পীৰ আমি সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা নাই যদিও আজিৰ দেওবাৰটো আপোনালোক আটাইবোৰ সংগীত প্ৰেমী শ্ৰোতাৰ বাবে সুুখময় হ’ব বুলি আমাৰ বিশ্বাস। অসমৰ ৰকষ্টাৰ কোন আছিল বুলি যদি প্ৰশ্ন কৰা হয় তেতিয়াহ’লে আপোনালোকৰ মনলৈ বাৰু কোনটো নাম আহে? “জয়ন্ত হাজৰিকা”; এইগৰাকী শিল্পীয়ে আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনত দিয়া অৱদান সমূহ নুই কৰিব নোৱাৰো। নহয়নে? তেওঁৰ গীতৰ সংজ্ঞাই আছিল সুকীয়া; তেওঁৰ গীতত পোৱা গৈছিল অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সংগীত কালৰ পৰিধি আজিও জনপ্ৰিয় তেওঁৰ অনুৰাগীৰ মাজত। ১৯৭৬ চনত তেওঁ গঢ় দিয়া “সুৰ বাহিনী” সংগঠনটোৰ বিষয়ে আপোনালোকক পুনৰ এবাৰ নক’লেও হয়টো বুজিব পাৰে। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানপীড়িত ৰাইজক সহায় প্ৰদানৰ অৰ্থে জয়ন্ত হাজৰিকাই গঢ়ি তুলিছিল “সুৰ বাহিনী”; বাটে-পথে গীত গাই ৰাইজৰ পৰা সাহাৰ্য্য যুগুতোৱা উক্ত “সুৰ বাহিনী” ৰ বাবে প্ৰস্তুত কৰা হৈছিল মুঠ ৮ টা গীত। সেইকেইটা আছিল ক্ৰমে “লুইতৰ বলীয়া বান”, “দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ”, “আজি প্ৰাণৰ মেলা পাতিছোঁ”, “ভয় নাই ভয় নাই”, “একো নাই শূন্য হাঁয়”, “এতিয়াও ৰাতি নাই”, “অভিযাত্ৰী দূৰৈৰ যাত্ৰী” আৰু “এইটো প্ৰহৰ শূন্য প্ৰহৰ। ” এই ৰকষ্টাৰ গৰাকীৰ “সুৰ বাহিনী” য়ে আজিৰ প্ৰজন্মৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অথবা আজিৰ প্ৰজন্মই জয়ন্ত হাজৰিকা কোন চিনি পায়নে ইত্যাদি বহু কথাৰে আহি আছে এখন চুটি ছবি। হয়, আপোনালোকে ঠিকেই শুনিছে। “সুৰ বাহিনী” শীৰ্ষক এখন সুন্দৰ সাংগীতিক চুটি ছবিয়ে অতিশীঘ্ৰে টোকৰ মাৰিব আপোনালোকৰ হৃদয়ত। অনন্ত তাচা প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত চুটি ছবিখনৰ প্ৰযোজনা চিকিৎসক অনন্ত তাছাৰ আৰু পৰিচালনাৰ দায়িত্বত আছে প্ৰাঞ্জল গৈয়াৰী। চুটি ছবিখনৰ কিছু কিছু ফটো ইতিমধ্যে ঘূৰিবলৈ আৰম্ভ কৰিছে চচিয়েল মিডিয়াত। চুটি ছবিখনক লৈ প্ৰযোজক অনন্ত তাচাৰ সৈতে আমি পাতিছিলো এক্সক্লুচিভলি কিছু কথাঃ


প্ৰশ্নঃ নৱপ্ৰজন্মৰ মাজত “জয়ন্ত হাজৰিকা” কআকৌ এবাৰ জীয়াই তোলাৰ উদ্দেশ্য কি?
অনন্ত তাছা: আচলতে, এই চুটি ছবিখনৰ বিষয়বস্তু ১৯৭৬ চনৰ; য’ত জয়ন্ত হাজৰিকাই অসমৰ বানপীড়িত ৰাইজৰ বাবে “সুৰ বাহিনী” ক গঠন কৰিছিল আৰু গোলাঘাট, যোৰহাট, তিতাবৰ, মৰিয়নীলৈ এখন ট্ৰাকত উঠি জয়ন্ত হাজৰিকাই মিউজিচিয়ানৰ সৈতে গৈ গান গাইছিল। এই গান সমূহ গাই গাই যেতিয়া তেওঁলোক ভাগৰি গৈছিল তেতিয়া তেওঁলোকৰ লগত থকা ৰেকৰ্ড প্লেয়াৰত এই গান কেইটা বজাই দিছিল। অসমৰ ৰাইজে বৰ উৎসাহেৰে “সুৰ বাহিনী” ক আঁকোৱালি দান বৰঙণি দিয়াৰ সমান্তৰালকৈ নিজে পিন্ধি থকা চাৰ্টটোও হেনো তাত দি দিয়াত সংকোচবোধ কৰা নাছিল। সেইটো এটা জয়ন্ত হাজৰিকাৰ সুন্দৰ পদক্ষেপ আছিল য’ত তেওঁ নিঃস্বাৰ্থ ভাৱে ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি আহিছিল। সেই যিটো মানৱীয় প্ৰমূল্যবোধ আজিৰ নৱপ্ৰজন্মৰ মাজত কিমান প্ৰযোজ্য লগতে তেওঁলোকে জয়ন্ত হাজৰিকাৰ এই পদক্ষেপক কিমান বেছিকৈ হৃদয়ংগম কৰিব পাৰে, ইয়াৰ পৰা কিমান অনুপ্ৰেৰণা পাব পাৰে তাকেই লৈ এই চুটি ছবিখন নিৰ্মাণৰ চিন্তা কৰা হৈছিল। ১৯৭৬ ৰ পৰা আৰম্ভ কৰি আজি ২০২১ বৰ্ষৰ ৫ জন মিউজিচিয়ান ধৰক; তেওঁলোকৰো এটা বেণ্ড আছে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত যেতিয়া ব্যৱসায়ীভিত্তিক মানসিকতাবোৰ অধিক বৃদ্ধি পাবলৈ ধৰিছে তাত এই জয়ন্ত হাজৰিকাৰ সমাজ সচেতনতা, সামাজিক দায়বদ্ধতা তথা মানৱীয় প্ৰমূল্যবোধে আজিৰ মিউজিচিয়ান সমূহক কেনেদৰে দায়বদ্ধ কৰিব পাৰে অথবা সমাজৰ কথা চিন্তা কৰিবলৈ কেনেদৰে বাধ্য কৰোৱাব পাৰে তাকেই লৈ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে। আজিও যে সমাজৰ হকে ব্যক্তিগত স্বাৰ্থক আঁতৰাই ৰাখি আগবাঢ়িব পৰা যায় সেই কিছুমান সৰু সৰু গুৰুত্বপূৰ্ণ কথাৰ লগতে তিনিটা প্ৰজন্মক ইয়াত উপস্থাপনৰ চেষ্টা কৰা হৈছে। চাওঁচোন ৰাইজে এতিয়া ইয়াক কেনেদৰে আঁকোৱালি লয়!

প্ৰশ্নঃ “সুৰ বাহিনী” ত প্ৰায় আটাইকেইজন কলা-কুশলী অথবা পৰিচালক নৱপ্ৰজন্মৰ; আপুনি ভাৱেনে তেওঁলোকে এই কাহিনীভাগক “justify” কৰিব পাৰিছে?
অনন্ত তাছা: সঁচা অৰ্থত, মই খুবেই আশাবাদী। পৰিচালক প্ৰাঞ্জল গৈয়াৰীকে আৰম্ভ কৰি দৃশ্যগ্ৰহণকাৰী অসতোষ কাশ্যপ তথা “সুৰ বাহিনী” ত মূখ্য চৰিত্ৰত অভিনীত কমল লোচন, নিৰূপম শইকীয়া তথা প্ৰয়াস শৰ্মা তামূলী, অচিন্ত ৰাজ কাশ্যপ; উক্ত সমগ্ৰ টীমটো প্ৰায় সমবয়সৰ। তেওঁলোক আটাইকেইগৰাকীয়ে এই গোটেই প্ৰকল্পটোৰ সৈতে নিজ নিজ চৰিত্ৰসমূহৰ সৈতে নিজকে খাপ খুৱাই লৈছে; আৰু আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে তেতিয়াহ’লে এটা বস্তু দেখিব যে “সুৰ বাহিনী” ৰ প্ৰত্যেকজন কলা-কুশলীৰ পূৰ্বৰ প্ৰকল্প সমূহত তেওঁলোকে সম্পাদন কৰা কামসমূহ খুবেই সুন্দৰ। নৱপ্ৰজন্মৰ প্ৰতিভা সমূূহৰ মাজত এওঁলোক খুব সম্ভাৱনা থকা ব্যক্তিত্বৰ গতিকে এওঁলোকৰ লগতে আমাৰ এই প্ৰকল্পটোৰ বাবে মই খুবেই আশাবাদী। আনহাতে, চুটি ছবিখনত এটা গীতৰ সংযোজন কৰা হৈছে য’ত প্ৰণত ৰাজখোৱা কথা আৰু সুৰ আছে লগতে সংগীত ব্যৱস্থাপনা কৰিছে পল্লৱ তালুকদাৰে। এই টীমটোক লৈ আচলতে মোৰ তাতেই বহুকেইটা ফোন আহিছে যে কেনেদৰে ইমান এটা টীম লৈ আমি কাম কৰিব পাৰিছো! মই এগৰাকী প্ৰযোজক ৰূপে উৎসাহিত প্ৰকল্পটোক লৈ।

গতিকে, দৰ্শকবৃন্দ আপোনালোকো সাজু হওঁক এখন সুন্দৰ চুটি ছবি “সুৰ বাহিনী” ক লৈ। আহিবলগীয়া সময়ত আপোনালোকক জনাই যাম চুটি ছবিখনক লৈ আৰু কিছু কথা!
Add comment