Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখনত কণমানি শ্ৰুতি মাধুৰ্য্যৰ সংযোজনঃ 1

অসমীয়া সংগীত ক্ষেত্ৰখনত কণমানি শ্ৰুতি মাধুৰ্য্যৰ সংযোজনঃ

অসমীয়া সংগীত ক্ষেত্ৰখন এনেইটো চহকী বুলি কোৱা নহয়; ইয়াৰ আঁৰতো আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনে ঠন ধৰি উঠিছে; য’ত পূৰণি দিনৰ সংগীতশিল্পী সমূহকে আৰম্ভ কৰি নৱপ্ৰজন্মইও নিজ চেষ্টা অব্যাহত ৰাখিছে। একোজন দক্ষ সংগীতশিল্পী আৰু নৱপ্ৰজন্মৰ মাজত একাংশ এনেও উঠি অহা প্ৰজন্ম আছে যিয়ে সৰুতেই সংগীত ক্ষেত্ৰখনক লৈ নিজৰ চৰ্চা আৰু আখৰা অব্যাহত ৰাখিছে। এনে বহু কণমানি প্ৰতিভাশালী ল’ৰা-ছোৱালীৰ গীত আমি শুনিছো; এইসমূহে শ্ৰোতা-দৰ্শকক আচলতে আপ্লুত নকৰাকৈও থকা নাই। এগৰাকী কণমানি শিশুৱে নিজৰ সৈতে কি বিচাৰে বাৰু? সপোন অথবা কল্পনা ৰাজ্যত ঘূৰি ফুৰা এই কণমানি সকলৰ মনত পাৰ্থিৱ কোনো বস্তুৱে মোহৰ সৃষ্টি কৰিব নোৱাৰে। আচলতে, এই শিশু সকলৰ স্বাৰ্থপৰহীনতা আৰু মৰমিয়াল ভাৱটোৱে প্ৰত্যেককে আকোঁৱালি লোৱাত সক্ষম হয়। এওঁলোক যিমান সৰল সিমানেই সৰল এওঁলোকৰ ভাৱ-ধাৰণাবোৰো; সাধাৰণ মেৰিয়াই লোৱা কাগজৰ নাওঁ দুখনক লৈয়ে যেন তেওঁলোকৰ আপোন পৃথিৱীখন। এই শিশু সকলৰ কোমলতাত যেতিয়া একোটা নিৰ্দিষ্ট প্ৰতিভাই ঠাই বনায়; তেতিয়া প্ৰতিটো সৃষ্টিয়ে হৈ পৰে সুন্দৰ। ঠন ধৰি উঠা এই অসমীয়া সংগীত ক্ষেত্ৰখনত ইতিমধ্যে বহু কণমানিয়ে নিজৰ এক সুন্দৰ ঠাই বনাবলৈ সক্ষম হৈছে; ইয়াৰ ভিতৰত এগৰাকী হৈছে কন্ঠশিল্পী শ্ৰুতি মাধুৰ্য্য।

অসমীয়া সংগীত ক্ষেত্ৰখনত কণমানি শ্ৰুতি মাধুৰ্য্যৰ সংযোজনঃ 2


নিজ সপোন সাৰ্থক কৰাত অৱদান সোমাই থাকে পিতৃ-মাতৃৰ অথবা অভিভাৱকৰ। ঠিক তেনেদৰে, শ্ৰুতি মাধুৰ্য্যৰো এনে হৃদয়স্পৰ্শী কন্ঠ তথা বহুলভাৱে সমাদৃত একোটা গীতত হাত আছে কণমানিগৰাকীৰ অভিভাৱকৰেই। তেওঁৰ কন্ঠৰে কেইবাটাও গীতক ইতিমধ্যে ইউটিউবত মুকলি কৰি দিয়া হৈছে; গুৱাহাটীস্থিত নীলাচল জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী হৈছে শ্ৰুতি মাধুৰ্য্য। সৰুতেই খুব কঠিন কিছুমান গীতত কন্ঠদান কৰাৰ ক্ষমতা ৰখা এইগৰাকী কণমানিয়ে একাংশ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হোৱা অনলাইন সংগীত প্ৰতিযোগিতা অংশগ্ৰহণ কৰি প্ৰায়ে পুৰস্কৃত হোৱাৰ খবৰ আমি দেখিবলৈ পাইছো। নৱপ্ৰজন্মৰ একাংশৰ সৈতে কণমানি শিশুসকলেও এই সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত সক্ৰিয়তা প্ৰদৰ্শন কৰিলে আচলতে উৎসাহিত হৈ পৰে জনসাধাৰণ। শ্ৰুতি মাধুৰ্য্যই অতি কম বয়সতে বিভিন্ন জন জনপ্ৰিয় কন্ঠশিল্পীৰ গীত সমূহক নিজ সুললিত কন্ঠৰে ৰাইজৰ মাজত এৰি দিয়া দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া সময়ত এই কণমানি শ্ৰুতিমাধুৰ্য্যৰ সুন্দৰ ভৱিষ্যৎ কামনা কৰিছো।

অসমীয়া সংগীত ক্ষেত্ৰখনত কণমানি শ্ৰুতি মাধুৰ্য্যৰ সংযোজনঃ 3

আহিবলগীয়া সময়ত ৰূপালীপৰ্দাৰ তৰফৰ পৰা এই গৰাকী কণমানিৰ এটি সাক্ষাৎকাৰ যুগুতোৱাৰ সমান্তৰালকৈ তেওঁৰ আন একাংশ গীতকো আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform