Rupaliparda.com
"চিৰিয়াখানত ধৰ্ষণকাৰীক উলংগকৈ আৱদ্ধ কৰক"- ৰবি শৰ্মা 1

“চিৰিয়াখানত ধৰ্ষণকাৰীক উলংগকৈ আৱদ্ধ কৰক”- ৰবি শৰ্মা

এপিনে ক’ৰোণাতংক; আনপিনে এচাম নৰপিশাচৰ জঘণ্য কাণ্ড। এই আটাইবোৰে শেহতীয়াকৈ দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছে; কিছুদিন পূৰ্বে চুমিলা ৰংহাংপীৰ সৈতে ঘটা ঘটনাই য’ত আমাক কন্দুৱাইছিল তাতেই আকৌ এতিয়া আহিছে এজনী কণমানি দীপশিখা শইকীয়াক ধৰ্ষণ কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ দৰে এক শিহৰণকাৰী খবৰ। সমগ্ৰ ৰাজ্যই এতিয়া ন্যায়ৰ বাবে আহ্বান জনাইছে চৰকাৰ তথা প্ৰশাসনৰ সমুখত; শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ বাৰ্তাৰে ৰাইজৰ কাষ চাপে অভিনেতা ৰবি শৰ্মা। ধৰ্ষণকাৰীৰ উচিত শাস্তিৰ বিষয়ে মন্তব্য কৰাৰ লগতে নাৰীক শাৰিৰীক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ কথাও ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। একোজন ধৰ্ষণকাৰীক ফাঁচি দিয়া তথা যাৱজ্জীৱন কাৰাদণ্ড প্ৰদানৰ বিষয়ে আমি প্ৰায়ে কওঁ যদিও একোজন এনে নৰপিশাচত চিৰিয়াখানাৰ পিঞ্জৰাত একোজন মানুহৰূপী জন্তু ৰূপে উলংগকৈ আৱদ্ধ কৰি থ’ব লাগে বুলিহে মন্তব্য কৰে অভিনেতা ৰবি শৰ্মাই। সমান্তৰালকৈ, অভিনেতা গৰাকীয়ে নিজৰ ছোৱালীগৰাকীৰ লগতে নিজ পুত্ৰকো যে সমৰ কলাৰ ওপৰত শিক্ষা প্ৰদান কৰিছে সেই কথা অভিনেতা গৰাকীয়ে অনুৰাগীক জনোৱাৰ লগতে তেওঁ একেধৰণৰেই আহ্বান জনায় অইন পিতৃ-মাতৃকো।

"চিৰিয়াখানত ধৰ্ষণকাৰীক উলংগকৈ আৱদ্ধ কৰক"- ৰবি শৰ্মা 2


এটি ১৪ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ৰ দ্বাৰা ৰবি শৰ্মাই এই সমগ্ৰ কথা ব্যক্ত কৰে। তেওঁৰ এই কথাখিনিক অৱশ্যে প্ৰত্যেকগৰাকী অনুৰাগীয়ে ধনাত্মক কমেন্ট দিয়া দেখিবলৈ পোৱা গৈছে। সাম্প্ৰতিক সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখিলে এটা কথা স্পষ্ট হৈছে যে শেহতীয়াকৈ নাৰীৰ সুৰক্ষাৰ দিশত নাৰীয়ে নিজেই হ’ব লাগিব অস্ত্ৰ। তেওঁলোক দৈহিক তথা মানসিক ভাৱে এই আটাইবোৰ দূৰ্যোগৰ বাবে তেওঁলোকে নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব। এনেকুৱা কিছু কথাক লৈয়ে ৰবি শৰ্মাই প্ৰস্তুত কৰিছে ভিডিঅ’; য’ত সঁহাৰি একাংশৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform