একাংশ নৱপ্ৰজন্মৰ নিজৰ প্ৰিয় দিশটোক লৈ থকা একাগ্ৰতাই আমাক আপ্লুত কৰে; তেওঁলোক একাংশই নিজৰ প্ৰিয় দিশটোক ইমানেই মৰম কৰে যে তেওঁলোকে প্ৰতিটো সময়ত ব্যস্ত হৈ থাকে এক নতুন প্ৰয়াস তথা প্ৰচেষ্টাৰ বাবে। সৰুতে জ্যেষ্ঠ এগৰাকীৰ সৈতে কোনো এখন মঞ্চত কিবা এটা প্ৰদৰ্শন কৰিব পালেই পোৱা উৎসাহৰ বশৱৰ্তী হৈ তেওঁলোক নিজ জীৱনৰ আগন্তুক কালছোৱাতো সেই প্ৰদৰ্শিত দিশটোক লৈ আগবাঢ়ে। অভিনয় দিশটোত সক্ৰিয় এগৰাকী নৱপ্ৰজন্ম হৈছে অম্লান দ্বীপ শইকীয়া; পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত দাদাহঁতৰ সৈতে স্কুলত অনুষ্ঠিত বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতাত এটা সংলাপহীন চৰিত্ৰ ৰূপায়নৰ দ্বাৰা অভিনয় ক্ষেত্ৰখনত খোজ পেলোৱা এই প্ৰতিভাগৰাকীৰ বাবে সেয়াই আছিল আৰম্ভণি। পিছলৈ, অভিনয়ক লৈ এই আগ্ৰহটো ইমানেই শিপাইছিল যে তেওঁ নিজাববীয়াকৈ এটা দল গঠনৰ দ্বাৰা বাৰ্ষিক একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। সৰুৰ পৰাই নাটকৰ সৈতে জড়িত অম্লান দ্বীপ শইকীয়াৰ দৰে একোগৰাকী প্ৰতিভাৰ ইচ্ছাৰ বাবেই আচলতে এই অভিনয় ক্ষেত্ৰখন আনতকৈ সুকীয়া হৈ থাকিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাই প্ৰায়ে নতুন একোগৰাকী প্ৰতিভাৰ সন্ধান কৰে; ঠিক তেনেদৰে, আজিও আমি আপোনালোকৰ আগত এইগৰাকী প্ৰতিভাৰ কিছু কথা ক’ম। লগতে, তেওঁৰ পৰাও জানিম কিছু কথা। একোজন নৱপ্ৰজন্মই যেতিয়া নিজৰ পৰিপক্ক দিশটোক আৰু অধিক সুন্দৰতাৰে আগবঢ়াই নিয়ে; তেতিয়া তেওঁক আৰু আগলৈ আগুৱাই লৈ যোৱাত সহায় কৰে সাধাৰণ জনেও। আমি অইন প্ৰসংগলৈ নাযাওঁ, মনোৰঞ্জন দিশটোকেই লৈছো। সম্প্ৰতি সময়ছোৱাত আমি ইমানেই অধিক বেয়া খবৰৰ সন্মুখীন হৈছো যে আমাক উৎসাহিত কৰা কথাবোৰ ইয়াৰ মাজতেই লুকাই পৰে। এতিয়াৰ নৱপ্ৰজন্মৰ বিভিন্ন দিশত সক্ৰিয়তা নুই কৰিব নোৱাৰো; তেওঁলোকৰ অভিনয়, সংগীত অথবা পৰিচালনাই নহওঁক কিয়! কোনো এটা দিশৰ সৈতে জড়িত হৈ তেওঁলোকে এনে কিছু কৰ্ম সম্পাদন কৰে যিয়ে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ নজনা বিষয় এটাত জ্ঞান প্ৰদান কৰিবলৈও সক্ষম হয়।
এতিয়া আহো অম্লানৰ প্ৰসংগলৈ; অভিনয় দিশটোত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “নিজাববীয়াকৈ গঠন কৰি লোৱা দলটোৰে আমি প্ৰতি বছৰে দলীয় আৰু ব্যক্তিগত শিতানত পুৰষ্কাৰ পাবলৈ সক্ষম হৈছিলোঁ; ক’ব নোৱাৰাকৈয়েই নাটকৰ প্ৰেমত তেতিয়াই পৰিলোঁ। এতিয়াও “মিৰদান” আৰু “নিবেদন” নাট্য গোষ্ঠীৰ লগত জড়িত হৈ নাটক কৰি আছোঁ আৰু শিকি গৈ আছোঁ।” এগৰাকী অভিনেতা ৰূপে কেনেধৰণৰ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সদায় নতুনকৈ কিবা এটা শিকাৰ আগ্ৰহতে থাকোঁ; মই মোৰ সীমাবদ্ধতাখিনিও জানো। নিজৰ পচন্দৰ চৰিত্র এটাত অভিনয় কৰাৰ মন অভিনেতা হিচাপে সকলোৰেই থাকে; গতিকে সেয়া মোৰো আছে। অভিনয়ৰ সমান্তৰালকৈ যিহেতু আমি নাটক আৰু চিত্ৰনাট্য লিখাৰ কামত মনোনিবেশ কৰিছোঁ, গতিকে ভাল চিত্ৰনাট্য(প্ৰযোজক,পৰিচালক আৰু দৰ্শকৰ মন জয় কৰিব পৰা) লিখিবলৈ চেষ্টা কৰি আছোঁ।” অম্লানৰ পৰ এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “আমাৰ মতে “শিল্পী” এজন হওঁ বুলিয়েই হ’ব নোৱাৰি; আন এটা কথা হ’ল যে আমি বৰ্তমান সময়ত গান গোৱা, অভিনয় কৰা, নৃত্য কৰা এজনকে “শিল্পী” বুলি কৈ দিওঁ! আচলতে, প্ৰকৃত “শিল্পী”হোৱাটো অত্যন্ত কঠিন; সাধনা, ত্যাগ আৰু অক্লান্ত শ্ৰমৰ ফলত এগৰাকী শিল্পীৰ জন্ম হয়। আমি অভিনয়ৰ অনুৰাগীহে।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত প্ৰতিভাগৰাকীয়ে কয় যে, “বৰ্তমান চুটি ছবি এখনৰ চিত্ৰনাট্য লিখি আছোঁ; আনহাতে, এখন চুটি ছবিত অভিনয় কৰিলোঁ।
আগলৈ তেওঁ কয় যে, “যিহেতু এতিয়াৰ সময় আমাৰ বাবে অতি ভয়ংকৰ, এই সময়ত নাটকৰ আখৰাৰ কথা ভাৱিবই নোৱাৰি। অৱশ্যে এখন নাটকৰ আখৰা হোৱাৰ কথা আছিল গুৰু জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাত। ভাল সময় অহাৰ লগে লগে সেই নাটকখনৰ কাম কৰা হ’ব; পৰিকল্পনা বুলিবলৈ এইয়াই। মঞ্চ আমাৰ সদায় প্ৰিয়।” প্ৰতিভাগৰাকীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।
Add comment