Rupaliparda.com
ৰাকেশ বনিকৰ সাহসিকতাৰ গাঁথাৰে নতুন গীত "আশা"- 1

ৰাকেশ বনিকৰ সাহসিকতাৰ গাঁথাৰে নতুন গীত “আশা”-

যেতিয়া একোটা সংগীতৰ দ্বাৰা কি দিবলৈ বিচাৰে বুলি প্ৰশ্ন কৰা হয় তেতিয়া একাংশ কন্ঠশিল্পীকে ধৰি সংগীতশিল্পীয়ে উত্তৰত কয় যে একোটা সংগীতৰ দ্বাৰা তেওঁলোকে মনোৰঞ্জনতকৈ উৰ্দ্ধত অনুপ্ৰেৰিত কৰিবলৈ ইচ্ছা কৰে দৰ্শক-শ্ৰোতাক। এনে বহু গীত আছে যিয়ে দৰ্শক-শ্ৰোতাক বাৰম্বাৰ শুনিবলৈ বাধ্য কৰোৱায়; অনুপ্ৰেৰণা দিয়ে আৰু আগন্তুক সময়ত আগবাঢ়ি যোৱাত সহায় কৰে। সম্প্ৰতি সময়ছোৱাত কেৱল মাত্ৰ ঋণাত্মক খবৰে গ্ৰাস কৰিছে সমগ্ৰ; ইটোৰ পিছত সিটো বেয়া খবৰে ব্যতিব্যক্ত কৰি ৰাখিছে প্ৰতিজন জনসাধাৰণক। গতিকে, এইকণ সময়ৰ বাবে একোগৰাকী ব্যক্তিবিশেষৰ সাহস হৈছে তেওঁলোকৰ ধৈৰ্য্য, সহ্য আৰু আশা। আমি সকলোৱে জানো, যেতিয়া মনত “আশা” থাকে তেতিয়া জীৱনটো জীয়াই থকাত উৎসাহ বাঢ়ে। শেহতীয়াকৈ এনে এটা গীতৰ দ্বাৰা জনসাধাৰণৰ মাজত “আশা” ৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা গ’ল। “নক্ষত্ৰ”, “জলপ্ৰপাত” তথা “ধূলিসনা” আদিৰ দৰে একাংশ বহুলভাৱে সমাদৃত গীতৰ সৈতে জড়িত অভি শইকীয়াৰ লগতে একাংশ জনপ্ৰিয় নৱপ্ৰজন্মৰ প্ৰতিভাৰ দ্বাৰা সদ্যমুক্তিপ্ৰাপ্ত নতুন গীত “আশা” ত আছে নতুনৰ সঞ্চাৰ। বৰ্তমান পৰিপ্ৰেক্ষিতত উক্ত গীতটিয়েই সঁচাকৈ একাংশ জনগণক আকৌ আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰিছে। আনহাতে, এই গীতটিৰ ভিডিঅ’ত অন্তৰ্ভূক্ত ব্যক্তিগৰাকীও হয়টো আপোনালোকৰ পৰা লুকাই থকা নাই।


চাইকেলিষ্ট ৰাকেশ বনিক; কলিয়াবৰৰ আমবাগানৰ নিবাসী এইগৰাকী সাহসী ব্যক্তিৰ এটা দূৰ্ঘটনাত তেওঁ নিজৰ এখন ভৰি হেৰুৱাবলগীয়া হয়; আৰু নিজৰ সোঁভৰি আৰু হাতত অপাৰেচন কৰি টাইটেনিয়াম ৰদ লগাই দিয়া হয়। পিছলৈ, তেওঁক আমিন গাঁওস্থিত তোলাৰাম বাফনা হাস্পাটাল ট্ৰাষ্টে এখন কৃটিম ভৰি লগাই দিয়ে কিন্তু, ৰাকেশ বনিক যেন হাৰি যোৱা নাছিল নিজ জীৱনটোক লৈ; তেওঁৰ জীয়াই থকাৰ একমাত্ৰ সমলেই আছিল “আশা”। তেওঁ সেইখন ভৰিক এনেদৰে সজাই লৈছিল যাৰ দ্বাৰা তেওঁ চাইকেল চলাব পাৰে; প্ৰতিকুলতাৰ বিপৰীতে নিৰৱিচ্চিন্ন যুঁজ দি ৰাকেশ পাৰাই ইখনৰ পিছত সিখন ঠাইলৈ কম সময়ৰ ভিতৰত চাইকেল চলাই যাবলৈ ধৰিলে। এই গৰাকী ৰাকেশ বনিক বৰ্তমান একাংশ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণা তথা সাহসৰ উৎস। সদ্যমুক্তিপ্ৰাপ্ত “আশা” শীৰ্ষক গীতটিৰ কথা ৰুলী গগৈ আৰু ৰঞ্জন গগৈৰ লগতে ইয়াত কন্ঠদান কৰিছে অৰিন্দম গোঁহাইয়ে। গীতটিৰ ভিডিঅ’ পৰিচালনা ৰক্তিম হাজৰিকা আৰু প্ৰৱাল বৰাৰ; বিষয়বস্তু, দৃশ্যগ্ৰহণ আৰু সম্পাদনা ৰক্তিম হাজৰিকাৰ।

ৰাকেশ বনিকৰ সাহসিকতাৰ গাঁথাৰে নতুন গীত "আশা"- 2

মুক্তিৰ পিছতেই ইউটিউবত গীতটিয়ে শ্ৰোতা-দৰ্শকৰ লাভ কৰিছে বহুল সঁহাৰি। এইখিনিতে, আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা গীতটিৰ সৈতে জড়িত আটাইকে জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform