ক’ৰোণা মহামাৰীৰ ফলত ব্যতিব্যস্ত জনসাধাৰণে বিচাৰিছে ভাল দিন। কিন্তু পৰিস্থিতিয়ে বৰ্তমান পৰ্যন্ত সংহাৰী ৰূপেই যেন লৈ আছে; অক্সিজেনৰ নাটনিৰ পৰা আৰম্ভ কৰি বিচনাৰ নাটনি অথবা আপোন জনক হেৰুওৱা বেদনা লোৱাকে লৈ কিবা যেন এক অসহায় হৈ সাধাৰণজনে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়াত পৰিছে। কেওঁজন হতাশগ্ৰস্ত হৈ পৰিছে যদিও ইজনে আনজনক বহু ক্ষেত্ৰত ধনাত্মক হৈ থাকিবলৈও আহ্বান জনাইছে; ক’ৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ তাৰকা সকলে প্ৰায়ে জনসাধাৰণক উৎসাহ দিয়া, প্ৰেৰণা দিয়া পৰিলক্ষিত হয়। কেতিয়াবা এই তাৰকা সকলে চচিয়েল মিডিয়াত বাৰ্তা প্ৰেৰণৰ দ্বাৰা অথবা কেতিয়াবা নিজেই ভেকচিন লগোৱাই তেওঁলোকে নিজ অনুৰাগী তথা সাধাৰণ ৰাইজক মহামাৰীৰ পৰা বাহিৰ ওলাই আহিবলৈ উৎসাহ প্ৰদান কৰে। মুম্বাইৰ লগতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ একাংশ তাৰকা-শিল্পীয়েও কৰিছে সকলোকে সজাগ-সচেতন হৈ থকাৰ আহ্বান। সুবাসনা দত্তকে আৰম্ভ কৰি মেঘৰঞ্জনী লৈ চচিয়েল মিডিয়া যোগে ইটোৰ পিছত সিটোকৈ প্ৰেৰণ কৰিছে ধনাত্মক বাৰ্তা; আনহাতে অভিনেত্ৰী প্ৰিয়ম পল্লৱীকে ধৰি আন একাংশই ভেকচিনৰ প্ৰথমটো ড’জ নিজে গ্ৰহণ কৰাৰ সমান্তৰালকৈ সকলোকে একেই কৰাৰ বাবে আহ্বান জনাইছে। মুঠতে, যিসকলে যেনেদৰে পাৰে নিজৰ সাধান্যুসাৰে এই বেয়া পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ নিজৰ লগতে অইনকো শাৰিৰীক-মানসিক ভাৱে সূস্থ হোৱাৰ আৱেদন জনাইছে অথবা দিহা-পৰামৰ্শ আগবঢ়াইছে। শিল্পী সমূহৰ এই পোষ্টবোৰ চাওঁচোন আহকঃ
You may also like
ঝংকাৰ-the melody of resonance –উৎপল মেনা
“আৰু এখন চিনেমা কৰিম! ছুটি নহয়, দীঘল! কম বাজেটত। কিন্তু ভাল চিনেমা।” –কথা প্ৰসংগত লেখক-পৰিচালক হেম চন্দ্ৰ বৰাই কৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰে, বাজেট চিনেমাৰ “ভাল-বেয়া”ৰ নিয়ন্ত্ৰক নহয়।...
অৱনী ৰঞ্জন পাঠকৰ চিনেমা –উৎপল মেনা
অৱনী ৰঞ্জন পাঠক– সংগীতৰ মানুহ। শ্ৰব্য সংকলন– “মামন”, দুৰদৰ্শনৰ ধাৰাবাহিক– “জোৱাই”, “সংসাৰ” আদিৰ সংগীত পৰিচিলক অৱনী ৰঞ্জন পাঠকে সুৰ ৰচনা কৰা কেইটামাণ গীত– “বৰষা ৰাতি নিবিড় মায়া সানি…”...
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে প্ৰত্যাশিত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ দুৱাৰ মুকলি
প্ৰতিযোগিতামূলক আৰু অপ্ৰতিযোগিতামূলক দুয়োটা শিতানৰ বাবে প্ৰৱেশ পত্ৰৰ আমন্ত্ৰণ গুৱাহাটী; ১৩ অক্টোবৰ, ২০২৩: আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব উত্তৰ-পূব ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু বহু প্ৰত্যাশিত অষ্টম সংখ্যক...
দৰথীৰ বিষয়ে –উৎপল মেনা
“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...
অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সফল সামৰণি
আদিল হুছেইন অভিনীত, নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৩: সাংস্কৃতিক কেনভাছত অবিস্মৰণীয় সোণালী স্বাক্ষৰ খোদিত কৰি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অন্তিমটো দিনৰ...
“বীৰাংগনা সাধনী” তিনি যোদ্ধা–উৎপল মেনা
এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে’ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ– চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী...
Add comment