Rupaliparda.com
বঙালী কিতাপত সংযোজন সুশান্ত সিং ৰাজপুতৰ ফটোঃ 1

বঙালী কিতাপত সংযোজন সুশান্ত সিং ৰাজপুতৰ ফটোঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুত অভিনয়ৰ উপৰিও নিজ হাঁহি তথা উদাৰ ভাৱৰ বাবেও জনসাধাৰণৰ ওচৰত চিনাকী হৈছিল। অভিনেতা গৰাকীৰ হাঁহিয়ে প্ৰত্যককে উৎসাহিত কৰিছিল লগতে তেওঁৰ হাঁহিত আপ্লুত হৈছিল প্ৰতিজন। কিন্তু বিগত বৰ্ষৰ ১৪ জুন তাৰিখৰ পৰা যেন আজি পৰ্যন্ত সুশান্তক অহৰহ মনত পেলাইছে তেওঁৰ অনুৰাগীয়ে; তেওঁৰ হাঁহিমুখীয়া মুখ পাহৰিব পৰা নাই অনুৰাগীয়ে। শেহতীয়াকৈ এই অভিনেতা গৰাকীৰ আৰু অভিনেতা অংকিতা লোখাণ্ডেৰ “পৱিত্ৰ ৰিষ্টা” ৰ সময়ছোৱাৰে এখন ফটো বঙালী ভাষাৰ স্কুলীয়া কিতাপত ব্যৱহাৰ কৰা হয়। পৰিয়ালকেন্দ্ৰিক বিষয়সমূহক লৈয়ে কিতাপখনত তেওঁৰ ফটোখন সংযোজন কৰা হৈছিল। স্মিতা পাৰেখে নিজ টুইটৰ দ্বাৰা কয় যে, “অন্য এখন প্ৰাইমাৰী স্কুলৰ বঙালী কিতাপত সংযোজন কৰা হৈছে আমাৰ মৰমৰ সুশান্ত সিং ৰাজপুতক; এটা পৰিয়ালৰ পিতৃৰ ৰূপত তেওঁক কিতাপখনত চিত্ৰিত কৰা হৈছে। মই সাংঘাতিক গৌৰৱ অনুভৱ কৰিছো; এয়া স্পষ্ট যে বৰ্তমান শিক্ষা বিভাগেও সুশান্ত সিং ৰাজপুতক শ্ৰেষ্ঠ বুলি ভাবিছে।” বিগত বৰ্ষত হোৱা তেওঁৰ মৃত্যুৰ দৰে আকস্মিক দূৰ্ঘটনাই সমগ্ৰ ভাৰতবৰ্ষক কঁপাই ৰাখিছিল; তেওঁৰ অনুৰাগীয়ে বৰ্তমানলৈ তেওঁক পাহৰিব পৰা নাই লগতে সুশান্ত সিং ৰাজপুতৰ পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডে অভিনেতা গৰাকীক প্ৰায়ে সময়তে মনত পেলাই থকা দেখিবলৈ পোৱা যায়।

https://twitter.com/smitaparikh2/status/1389968332237934595?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1389968332237934595%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fd-25520319914187185051.ampproject.net%2F2104240357001%2Fframe.html

অংকিতা লোখণ্ডে তেওঁৰ প্ৰতিটো সাক্ষাৎকাৰতেই নিজৰ পূৰ্ব প্ৰেম অৰ্থাৎ সুশান্ত সিং ৰাজপুতক মনত পেলায়; কিন্তু কেতিয়াবা এনেও হয় যে অভিনেত্ৰী গৰাকীক চচিয়েল মিডিয়াত বহুল হাৰত ট্ৰোল কৰাও হয়। এইখিনিতে, এটা কথাও সঁচা যে অংকিতাই প্ৰতিটো সময়তে তেওঁক লৈ হোৱা ট্ৰোলৰ প্ৰতিউত্তৰ দি আহিছে। এক দীঘলীয়া সময়ৰ পৰাই অংকিতা আৰু সুশান্ত সিং ৰাজপুত প্ৰেমৰ সম্পৰ্কত আছিল যদিও তেওঁলোকৰ ব্ৰেকআপ হোৱা পিছতো অভিনেত্ৰী অংকিতাই নিজৰ ঘৰৰ দেৱালত সুশান্তৰ ফটো ওলমাই ৰাখিছিল। সুশান্তৰ সৈতে থকা এই সম্পৰ্কক পাহৰিবলৈ অভিনেত্ৰী গৰাকীৰ আঢ়ৈ বছৰ সময়ৰ প্ৰয়োজন হৈছিল বুলি অভিনেত্ৰী গৰাকীয়ে নিজেই মন্তব্য কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.