Rupaliparda.com
অসম পুত্ৰ শান্তনু হাজৰিকাৰ সৈতে লক-ডাউন অতিবাহিত শ্ৰুতি হাছানৰঃ 1

অসম পুত্ৰ শান্তনু হাজৰিকাৰ সৈতে লক-ডাউন অতিবাহিত শ্ৰুতি হাছানৰঃ

বলীউড তথা তেলেগু ছবিৰ অভিনেত্ৰী শ্ৰুতি হাছানে শেহতীয়াকৈ নিজৰ প্ৰেমাস্পদ শান্তনু হাজৰিকাৰ সৈতে “লক-ডাউন” ৰ সময়কণ একেলগে অতিবাহিত কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে বুলি মন্তব্য কৰে। শ্ৰুতি হাছানে অসম পুত্ৰ শান্তনুৰ সৈতে প্ৰেমত পৰাৰ কথা ইতিমধ্যে ভাইৰেল হৈছে চচিয়েল মিডিয়াত। যদিও শান্তনু হাজৰিকাৰ সৈতে শ্ৰুতি হাছানৰ প্ৰেমৰ কথা দুয়োয়ে অইনৰ সমুখত স্পষ্টকৈ খুলি কোৱা নাই যদিও তেওঁলোক দুয়োগৰাকীৰেই চচিয়েল মিডিয়া পোষ্টবোৰে প্ৰেমৰ কথা জনসাধাৰণৰ মাজত দেখুৱাই দিয়ে। ২০০৩ চনৰ “লক” ছবিখনৰ দ্বাৰা বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা শ্ৰুতি হাছানক শেষবাৰৰ বাবে ছবি “ৱকীল চাহাব” ত দেখিবলৈ পোৱা গৈছিল; আনহাতে আহিবলগীয়া সময়ত আকৌ এবাৰ এই গৰাকী অভিনেত্ৰীক অভিনেতা প্ৰভাসৰ সৈতে দেখিবলৈ পোৱা যাব “সলাৰ” ত।

অসম পুত্ৰ শান্তনু হাজৰিকাৰ সৈতে লক-ডাউন অতিবাহিত শ্ৰুতি হাছানৰঃ 2
অসম পুত্ৰ শান্তনু হাজৰিকাৰ সৈতে লক-ডাউন অতিবাহিত শ্ৰুতি হাছানৰঃ 3

অসম পুত্ৰৰ সৈতে প্ৰেম জীৱনৰ আৰম্ভণি কৰা শ্ৰুতি হাছানক লৈ এতিয়া অসমবাসীও উৎসাহী; পেছাত এগৰাকী ডুডল আৰ্টিষ্ট শান্তনু হাজৰিকা। তেওঁ নিজেও ইনষ্টাগ্ৰামত ভিন্ন ফটোৰে শ্ৰুতি হাছানক লৈ নিজৰ প্ৰেম ব্যক্ত কৰি থাকে।ডেটিঙৰ পৰা আৰম্ভ কৰি নিজৰ জন্মদিনলৈ শ্ৰুতি হাছানে অতিবাহিত কৰে শান্তনু হাজৰিকাৰ সৈতে। ডেটিঙত যোৱা অৱস্থাত কেইবাদিনো মিডিয়াৰো সন্মুখীন হৈছিল প্ৰেমিকদ্বয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.