Rupaliparda.com
১৭ মে' ৰ পৰা "শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা"- 1

১৭ মে’ ৰ পৰা “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”-

চলিত মাহৰে ১৭ তাৰিখৰ পৰা ৰং চেনেল যোগে প্ৰচাৰ লাভ কৰিব এখন বহু প্ৰত্যাশিত ধাৰাবাহিক “শকুন্তলা”। বিগত কেইবাদিনৰ পৰাই ধাৰাবাহিকখনক কেন্দ্ৰ কৰি বিভিন্ন পোষ্টাৰ তথা শ্বুটিং সময়ছোৱাৰ ভিন্ন খন ফটোৱে ইতিমধ্যে চচিয়েল মিডিয়াত খলকনি লগাবলৈ সক্ষম হৈছে। “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”; ধাৰাবাহিক খনৰ নামটোতেই যেন শকুন্তলা চৰিত্ৰটোৰ ত্যাগ, বিষাদ, প্ৰেম আদি অনুভূতিক হৃদয়ংগম কৰিব পৰা যায়। গাঁৱৰ নিঁভাজ সুন্দৰ পৰিৱেশত দুই বান্ধৱী ক্ৰমে শেৱালী আৰু নিৰ্মালীৰ সৈতে খেল-ধেমালি কৰি জীৱনটোক পূৰ্ণদ্যোমে জীয়াই থকা শকুন্তলা এগৰাকী মেধাৱী ছাত্ৰী হোৱাৰ সমান্তৰালকৈ তাইৰ গাঁৱৰ জনসাধাৰণৰ এগৰাকী মৰমৰ জীয়ৰী। তাইৰ উচ্চশিক্ষাৰ ইচ্ছা কিন্তু ঘটনাক্ৰমে এই ইচ্ছাক বুকুত বান্ধি খেলি থকা শকুন্তলাই মুখামুখি হ’ব লাগিব বাস্তৱ জীৱনৰ তিক্ত প্ৰহাৰৰ। এই প্ৰহাৰৰ পৰা শকুন্তলা কেনেকৈ হাত সাৰিব অথবা তাইৰ জীৱনলৈ এনে কোন আহিব যিগৰাকীয়ে তাইৰ সৈতে জীয়াই থকাৰ লগতে তাইৰ সপোনক পাখি দিব। এই আটাইবোৰ ঘটনা- পৰিঘটনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে প্ৰাইজ ইষ্ট এন্টাৰটেইনমেন্ট লিমিটেডৰ বেনাৰত নিৰ্মিত “শকুন্তলা”।

১৭ মে' ৰ পৰা "শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা"- 2
১৭ মে' ৰ পৰা "শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা"- 3

সুনয়না ফুকন মহন্তৰ পৰিচালনাৰে ধাৰাবাহিকখনৰ কাহিনী নাট্যকাৰ জ্ঞান বৰুৱাৰ; চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে শিল্পীকা মধুকলা। ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু “বৈদেহী” ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তাৰ কাষ চপা অভিনেতা দীপাংকৰ ৰয়ে। সহঃ পৰিচালনা নীলোৎপল নাথৰ লগতে দৃশ্যগ্ৰহণ কৰিছে প্ৰণৱ বৰাই। গুৱাহাটীকে ধৰি সোণাপুৰ, চন্দ্ৰপুৰ আদি বিভিন্ন ঠাইত শ্বুটিং সম্পন্ন কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰমেন বৰাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform