Rupaliparda.com
মাতৃ অবিহনে আধৰুৱা অৰ্জুন কাপুৰৰ আৱেগিক পোষ্ট! 1

মাতৃ অবিহনে আধৰুৱা অৰ্জুন কাপুৰৰ আৱেগিক পোষ্ট!

বি-টাউনৰ অৰ্জুন কাপুৰ এনে এগৰাকী অভিনেতা; যি গৰাকী নিজৰ প্ৰফেচনেল লাইফতকৈ চৰ্চাত থাকে নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। তেওঁ অধিক চচিয়েল মিডিয়াত সক্ৰিয় নহয় যদিও যেতিয়াই তেওঁৰ মাতৃ মনা শৌৰী কাপুৰৰ কথা আহে; তাত কিন্তু পিছুৱাই নাযায় অৰ্জুন কাপুৰ। অভিনেতা গৰাকীয়ে প্ৰায়ে নিজৰ মাৰ স্মৃতি ৰোমন্থন কৰি একোটা পোষ্ট চচিয়েল মিডিয়া যোগে আপলোড কৰে; আৰু এইবাৰ মাতৃ দিৱসৰ পিছদিনা তেওঁ মাতৃক লৈ এটা আৱেগিক পোষ্ট কৰিছে। এই পোষ্টটোৰ যোগেৰেই অৰ্জুন কাপুৰে জনায় যে তেওঁ বলীউডত ডেবিউ কৰাৰ পিছতেই তেওঁৰ মাতৃৰ দেহাৱসান ঘটে। অৰ্জুন কাপুৰে শেহতীয়াকৈ যিখন পূৰণি ফটো পোষ্ট কৰিছে তাত অৰ্জুন কাপুৰক শকত আৰু চচমা পিন্ধা এগৰাকী সাধাৰণ যুৱক ৰূপে দেখিবলৈ পোৱা গৈছিল; অৰ্জুন কাপুৰে পোষ্টটোত কয় যে, “কালি মাতৃ দিৱস আছিল; আৰু ইয়াক মই প্ৰতিটো ফালৰ পৰা বেয়া পাওঁ। ১১ মে’ তাৰিখত মই ইণ্ডাষ্ট্ৰীটোত এগৰাকী অভিনেতা ৰূপে অন্তৰ্ভূক্তি কৰা ৯ টা বৰ্ষ সম্পূৰ্ণ কৰিলো আৰু আজিও মা অবিহনে মই ক’ৰবাত আধৰুৱা হৈ আছো। মই এইখন ফটোৰ সৈতে আশা কৰিছো যে তেওঁ এনেদৰেই যাতে মোক চাই হাঁহি আছে আৰু আশীৰ্বাদ কৰি আছে।” অভিনেতা গৰাকীৰ এই পোষ্টটোত বৰ্তমান সাধাৰণ জনৰ লগতে চিলেব্ৰেটী সকলেও পচন্দ কৰিবলৈ আৰম্ভ কৰিছে।


“ইশকঝাদে” ৰ পৰা বলীউডত কেৰিয়াৰ আৰম্ভ কৰা অৰ্জুন কাপুৰ প্ৰায়ে নিজৰ প্ৰেম সম্পৰ্কৰ বাবে চচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা পোৱা যায়। উক্ত ছবিখন মুক্তি লাভ কৰিছিল ২০১২ চনৰ ১১ মে’ তাৰিখে। মালাইকা আৰোৰাৰ সৈতে অৰ্জুন কাপুৰৰ প্ৰায়ে একোখন ফটো ভাইৰেল হয় চচিয়েল মিডিয়াত

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.